বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ গুজৰাটৰ তিৰুচিৰাপল্লী আৰু শ্ৰীগংগানগৰৰ মাজত চলি থকা হামছফৰ এক্সপ্ৰেছ ৰে’লত আজি অগ্নিকাণ্ড সংঘটিত হয়। ৰে’লত অগ্নিকাণ্ডৰ ভিডিঅ’ পোহৰলৈ আহিছে। দেখা গৈছে যে ৰেলৰ পৰা ধোঁৱা ওলাই আহিছে। অগ্নিকাণ্ডৰ পিছত তৎক্ষণাত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় যদিও এই সময়ছোৱাত কোনো লোকৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই। বিষয়াসকলে জনোৱা মতে, গুজৰাটৰ ভালছাদ জিলাত সংঘটিত হৈছে এই ঘটনা। পশ্চিম ৰেলৱেৰ চিপিআৰঅ’ৱে কয় যে, ২২৪৯৮ নম্বৰ ৰে’লৰ পাৱাৰ কাৰ/ব্ৰেক ভ্যান দবাত অগ্নিকাণ্ড সংঘটিত গৈছে। ইয়াৰ পিছতে কাষৰীয়া দবাটোৰ আটাইকেইজন যাত্ৰীক লগে লগে নিৰাপদে নমাই অনা হয়। তেওঁ আৰু কয় যে কোনো ধৰণৰ হতাহতিৰ কোনো তথ্য নাই। এই ৰে’লৰ পৰা দবাখন পৃথক কৰাৰ পিছত অতি সোনকালে ইয়াক প্ৰেৰণ কৰা হ’ব।
Next Post
You might also like