বদোদৰাত আজি ভাৰত-নিউজিলেণ্ডৰ প্রথমখন এদিনীয়া
নিউজ ডেস্ক, ১১ জানুৱাৰী : নতুন বছৰত প্রথমটো শৃংখলাত অৱতীর্ণ হ’ব টীম ইণ্ডিয়া৷ আজিৰ পৰা ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো৷ আজি প্রথমখন এদিনীয়া বদোদৰাত অনুষ্ঠিত হ’ব৷ শৃংখলাটোৰ পূর্বে ঘৰুৱা ক্রিকেটত ব্যস্ত হৈ পৰিছিল ভাৰতীয় দলটোৰ কেইবাগৰাকীও তাৰকা খেলুৱৈ৷ অৱশ্যে আজিৰ প্রথমখন এদিনীয়াত ভাৰতীয় দলৰ মূল একাদশ কেনেকুৱা হ’ব সেই সন্দর্ভত সৃষ্টি হৈছে বহু জল্পনা–কল্পনাৰ৷ ক্রিকেট অনুৰাগীসকলেও পুনৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ খেল চাবলৈ অধীৰ আগ্রহেৰে বাট চাই আছে৷
বিগত এদিনীয়া শৃংখলাৰ তুলনাত বর্তমানৰ ভাৰতীয় এদিনীয়া দলটোত কেইবাটাও ডাঙৰ পৰিৱর্তন দেখা গৈছে৷ আঘাতৰ পৰা সুস্থ হৈ পুনৰ দললৈ উভতি আহিছে অধিনায়ক সুভমন গিল৷ ইয়াৰ উপৰি ভাৰতীয় দলটোৰ সহঃ অধিনায়ক শ্রেয়াছ আয়াৰো আঘাতৰ পৰা সুস্থ হৈ দললৈ উভতি আহিছে৷ আঘাতৰ পৰা সুস্থ হোৱা আয়াৰে আজিৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাটোত কেনেকুৱা প্রদর্শন আগবঢ়াব তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ অৱশ্যে শ্রেয়াছ আয়াৰৰ প্রত্যাৱর্তনত ভাৰতীয় দলটোৰ মিডল অর্ডাৰ অধিক শক্তিশালী হ’ব৷
মূল একাদশত তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই স্থান লাভ কৰাটো নিশ্চিত৷ ইপিনে নীতিশ কুমাৰ ৰেড্ডী আৰু ৱাশ্বিংটন সুন্দৰৰ মাজত মূল একাদশত স্থান লাভ কৰাৰ বাবে যুঁজ চলাটো প্রায় খাটাং৷ চলিত বিজয় হাজাৰে ট্রফীৰ লীগ পর্যায়ৰ মেচত বিৰাট কোহলি, ৰোহিত শর্মা, শ্রেয়াছ আয়াৰকে ধৰি আন কেইবাজনো তাৰকা খেলুৱৈয়ে উন্নত প্রদর্শন দাঙি ধৰি আজিৰ পৰা নিউজিলেণ্ডৰ বিপক্ষে আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাটোৰ বাবে নিজকে সম্পূর্ণ সাজু কৰি তুলিছে৷ অৱশ্যে শৃংখলাটোত তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহ আৰু তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক বিশ্রাম দিয়া হৈছে৷ বুমৰাহৰ অনুপস্থিতিত মহম্মদ ছিৰাজ, অর্শদীপ সিং আৰু হর্ষিত ৰাণাই পেচ বলিঙৰ দায়িত্ব ল’ব লাগিব৷ ইফালে, স্পিনাৰৰ দায়িত্বত থাকিব ৰবীন্দ্র জাদেজাৰ লগতে কুলদীপ যাদৱ৷ খেলৰ সময় : দিনৰ ১.৩০ বজা৷