নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি পৰ্যায়ত কলিয়াভোমোৰাৰ দ্বিতীয়খন সেতুৰ কাম, মুকলি হ’ব…

বিশেষ বাৰ্তা, তেজপুৰ, ৪ এপ্ৰিলঃ তেজপুৰ কলীয়াভোমোৰা সেঁতুৰ ওপৰত নিৰ্মীয়মান দ্বিতীয়খন সেতু চলিত বৰ্ষৰ জুন মাহত সম্পূৰ্ণ হ’ব। এই কথা টুইটযোগে সদৰী কৰিছে কেন্দ্ৰীয় স্থল পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। ইতিমধ্যে যুদ্ধকালীন ক্ষীপ্ৰতাৰে চলিছে সেতু নিৰ্মাণৰ কাম। উত্তৰ অসম সংযোগী গুৰুত্বপূৰ্ণ কলিয়াভোমোৰাৰ দ্বিতীয়খন দলং ৰূপে চিহ্নিত সেতুৰ খুঁটা আৰু ওপৰৰ অংশ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৰাষ্ট্রীয় ঘাইপথ নির্মাণ প্রকল্পৰ অধীনত ৩.০১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলঙখন নির্মাণ কৰিছে মেছার্ছ গেমন ইণ্ডিয়া লিমিটেড আৰু মেছার্ছ এছ ছিংগলা কনষ্ট্রাকচন প্রাইভেট লিমিটেডে৷ ইতিমধ্যে, কেন্দ্ৰীয় স্থল পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে টুইটযোগে জনাইছে যে চলিত বৰ্ষৰ জুনৰ ভিতৰত সম্পূৰ্ণ হ’ব কলীয়াভোমোৰাৰ দ্বিতীয়খন দলং। সমান্তৰালভাৱে কলিয়াবৰ তিনিআলিৰ পৰা দোলাবাৰীলৈ ৩৭ (ক) চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম সেতুৰ সমান্তৰালভাৱে ক্ষিপ্ৰ গতিত চলিছে। উল্লেখ্য যে ২০১৪ চনৰ নৱেম্বৰৰ পৰা দলঙখনৰ নিৰ্মাণৰ কাম চলি আছে। শোণিতপুৰ আৰু নগাওঁ জিলাক সংযোগ কৰা এই সেতুৱে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা দ্বিতীয়খন দলং সম্পূৰ্ণ হ’লে কলিয়াভোমোৰাৰ পুৰণি দলঙত যান-জঁট আৰু দুর্ঘটনাৰ সংখ্যা হ্ৰাস পাব বুলি স্থানীয় লোকে প্ৰকাশ কৰে। ৫৮৮.৯৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ব্রহ্মপুত্রৰ ওপৰৰ কলিয়াভোমোৰা দলঙৰ সমান্তৰালকৈ নির্মিত দ্বিতীয় দলঙখনে যাতায়াত ব্যৱস্থাৰ লগতে দেশৰ সুৰক্ষা বাহিনীৰ বাবেও অধিক গুৰুত্বপূর্ণ হৈ পৰিব৷ কিয়নো দেশৰ সুৰক্ষা বাহিনীয়ে আন্তঃৰাষ্ট্রীয় সীমাত উপনীত হ’বলৈ ৰে’ল যোগাযোগ ব্যৱস্থাৰ পাছতেই এই ঘাইপথ আৰু দলং স্থলপথ যাতায়াত ব্যৱস্থাৰ অন্যতম গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷
You might also like