বিশেষ বাৰ্তা, ২৭ জুন : চৰাইদেউ জিলা প্ৰশাসনে অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি জিলাখনৰ বিভিন্ন স্হানত চলোৱা অভিযানৰ ফলত বহু পৰিমাণৰ অবৈধ সুৰা জব্দ কৰি ধ্বংস কৰিছে। জিলা প্ৰশাসনে সোণাৰি নগৰকে ধৰি জিলাখনৰ ভিন্ন স্হানত চলোৱা অভিযানৰ ফলত লক্ষাধিক টকা মূল্যৰ সুৰা জব্দ কৰিলেও একাংশ অবৈধ সুৰা ব্যৱসায়ীয়ে জিলা প্ৰশাসনৰ ৰঙাচকুক কেৰেপ নকৰি বাগিচা অধ্যুষিত অঞ্চলত যোগান ধৰি আহিছে। প্ৰধানকৈ বাগিচা অধ্যুষিত অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা সুৰা ব্যৱসায়ীক নিয়ন্ত্ৰণ কৰাত জিলা আবকাৰী বিভাগ ব্যৰ্থ হৈছে । কিয়নো চফ্ৰাই অঞ্চলৰ এগৰাকী সুৰা ব্যৱসায়ীয়ে অবৈধ সুৰাৰ বৃহৎ নেটৱৰ্ক স্থাপন কৰি জিলাখনৰ অধিকসংখ্যক বাগিচাত অবৈধ সুৰা নিয়মিতভাৱে যোগান ধৰি আহিছে। আবকাৰীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলালেও বাগিচা অধ্যুষিত অঞ্চলত সুৰাৰ অবৈধ ঘাটি উচ্ছেদ কৰিবলৈ সাহস কৰা নাই। জিলাখনৰ অন্তৰ্গত থকা প্ৰায়সংখ্যক বাগিচাত ব্যাপক হাৰত অবৈধ সুৰাৰ প্ৰচলন হৈ আহিছে। বাগিচাৰ কলনীসমূহত আবকাৰীয়ে অভিযান চলালে দুই-এঘৰৰ বাদে প্ৰায় ঘৰতেই অবৈধ সুৰা মজুত থকা প্ৰত্যক্ষ কৰিব। বাগিচাৰ কলনীয়ে কলনীয়ে ওলমাই ৰখা কেৰীবেগ, মোনা, কাগজৰ টুকুৰাসমূহে প্ৰমাণ কৰে কাৰ কাৰ ঘৰত সুৰা ব্যৱসায় চলে। বাগিচা অধ্যুষিত অঞ্চলত আবকাৰীয়ে যদি নিয়মিত অভাযান চলায়, তেতিয়াহে সুৰাৰ প্ৰচলন হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। বাগিচাত সুৰা সেৱনকাৰীৰ সংখ্যা অনিৰ্দ্ধাৰিত সংখ্যাৰে বৃদ্ধি পাবলৈ ধৰিছে। আৰু এইক্ষেত্ৰত কমিছনৰ অংকত একাংশ গাঁওৰক্ষী বাহিনীৰ লোক আৰু শ্ৰমিক নেতাই প্ৰত্যক্ষভাৱে সহযোগ আগবঢ়াই আহিছে। সুৰাৰ প্লাৱনত বাগিচাৰ পুৰুষ-মহিলা উটি-ভাহি গৈছে। সমান্তৰালভাৱে নতুন প্ৰজন্মৰ একাংশ যুৱক-যুৱতীয়েও সুৰাৰ গ্ৰাসত সোমাই পৰাত বাগিচা অধ্যুষিত অঞ্চলৰ সামাজিক পৰিৱেশ বিনষ্ট হৈছে। আবকাৰী বিভাগে বাগিচা অধ্যুষিত অঞ্চলসমূহত গাওঁৰক্ষী বাহিনীৰ কৰ্মীক লগত লৈ অভিযান চলালে অবৈধ সুৰাৰ ব্যৱসায়ৰ বৃহৎ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হ’ব। জিলাখনৰ কেইখনমান নিৰ্দিষ্ট ধাবাত আবকাৰী বিভাগে অভিযান চলাই চমক সৃষ্টি কৰিলেই জিলাখন সুৰামুক্ত জিলাৰূপে স্বীকৃতি সম্ভৱ নহয়, যেতিয়ালৈকে বাগিচা অধ্যুষিত অঞ্চলত সুৰাৰ বিৰুদ্ধে অভিযান নচলায়।
প্ৰেৰক দীপাংকৰ পাল