নলবাৰী জিলা ছাত্ৰ সন্থাৰ আনুষ্ঠানিক ঘোষণা
বিশেষ বাৰ্তা, ৩০ জানুৱাৰীঃ বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীলৈ ২০২৪ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা আগবঢ়োৱা হৈছে। আজি সন্ধিয়া নলবাৰী শ্বহীদ ভৱনত এক সংবাদ মেলযোগে আনুষ্ঠানিকভাৱে এই বঁটাৰ কথা ঘোষণা কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই। নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০০৯ চনৰ পৰা সংস্কৃতিৰ পথাৰৰ পৰা হেৰাই যাব ধৰা থলুৱা কলা সংস্কৃতি সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীক এই বঁটা প্ৰদান কৰি অহা হৈছে।সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি ভৱজিৎ বেজবৰুৱা, সাংগঠনিক সম্পাদক ৰিয়াজুউদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অক্ষয় ডেকা, গুণজ্যোতি পাঠক সভাপতি নিৰুজউদ্দিন আহমেদ ,সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত আৰু নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ , সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা,নলবাৰী আছুৰ উপদেষ্টা উৎপল কলিতা, উপ সভাপতি ফনিধৰ বৰুৱা উপস্থিত থকা আজিৰ সংবাদ মেলত কয় যে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০০৯ ইং চনৰ পৰা সংস্কৃতিৰ পথাৰৰ পৰা হেৰাই যাব ধৰা থলুৱা কলা সংস্কৃতি সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীক সন্মান প্ৰদান কৰি অহা হৈছে। সেই অনুসৰি ২০০৯ চনত পুণ্যপ্ৰভা দত্ত তামুলী, ২০১০ চনত সীতাৰাম ৰায়, ২০১১ চনত মুকুতাৰাম বৰুৱা ওজা, ২০১২ চনত মাণিক শইকীয়া ওজা, ২০১৩ চনত ৰূহীন ৰাভা, ২০১৪ চনত দ্বিজেন গগৈ, ২০১৫ প্ৰভাত শৰ্মা, ২০১৬ চনত হৰি বৰবায়ন, ২০১৭ চনত ৰামচৰণ ভৰালী, ২০১৮ চনত লোকনাথ কুটুমক প্ৰদান কৰা হয় যদিও ২০১৯ বৰ্ষত ‘কা’ আন্দোলন আৰু ২০২০ বৰ্ষত কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই বঁটা প্ৰদান কৰিব পৰা নগ’ল। পুনৰ ২০২১ বৰ্ষত হৰেকৃষ্ণ তালুকদাৰ, ২০২২ বৰ্ষত নিকুঞ্জ পাঠক, ২০২৩ বৰ্ষত মোহন ভাইৰা স্মাৰক বটাঁ সন্মান প্ৰদান কৰা হয় বিশিষ্ট লোকশিল্পী ,লোক সংস্কৃতিৰ সাধক শোনিতপুৰ জিলাৰ পিঠাখোৱা গাঁৱৰ অনিৰাম নাথক। এইবেলি ২০২৪ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বটাঁ সন্মান প্ৰদান কৰা হব বিশিষ্ট বাঁহী বাদক, লোক সংস্কৃতিৰ সাধক বাক্সা জিলাৰ জালাহৰ ভেবলা বড়োপাৰা গাঁৱৰ পৰমেশ্বৰ বসুমতাৰীক। সৰুৰে পৰা বাঁহী প্ৰতি আগ্ৰহী বসুমতাৰী দেৱক ১ ফেব্ৰুবাৰীত অনুষ্ঠিত হব লগা বটা প্ৰদান অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু কেন্দ্ৰীয় নেতৃত্ব উপস্হিত থাকিব। বঁটা প্ৰদান কৰিব বিশিষ্ট ব্যক্তিয়ে। নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত হবলগীয়া উক্ত বটা প্ৰদান অনুষ্ঠানত বটাঁৰ লগতে নগদ ধন, স্মাৰক, ফুলাম জাপি, ফুলাম গামোছা, মানপত্ৰ চেলেং নগদ ধন আদি প্ৰদান কৰা হব। উল্লেখ্য যে বাক্সা জিলাৰ জালাহৰ ভেবলা বড়ো পাৰা গাঁৱত জন্ম গ্ৰহন কৰা পৰমেশ্বৰ বসুমতাৰীৰ পিতৃ প্ৰয়াত চাকুলা ৰাম বসুমতাৰী আৰু মাতৃ শুক্লেশ্বৰী বসুমতাৰী। আৰ্থিক অভাৱৰ বাবে দশম শ্ৰেণীলৈ অধ্যয়ন কৰা বিশিষ্ট শিল্পী বসুমতাৰীয়ে ৫ বছৰ বয়সৰ পৰা বাঁহী বাদন কৰে। ১৯৭৫ চনৰ পৰা বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰত বাঁহীবাদক হিচাপে বাঁহী বাদন কৰে। শিল্পী গৰাকীয়ে All Indian Radioৰ নিয়মীয়া শিল্পী। ভাৰতৰত্ন, সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ লগত ১৫ বছৰ বাঁহী বাদন, খগেন মহন্ত, পুলক বেনাৰ্জী, দ্বীপেন বৰুৱাকে ধৰি বিভিন্ন জন শিল্পীৰ লগত বাঁহী বাদন কৰা বসুমতাৰীয়ে কলিকতাত সুৰ নন্দন বটাঁ পাবলৈ সক্ষম হয় । নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত হবলগীয়া উক্ত বঁটা প্ৰদান অনুষ্ঠানত বটাঁৰ লগতে নগদ ধন, স্মাৰক ,ফুলাম জাপি, ফুলাম গামোছা, মানপত্ৰ চেলেং নগদ ধন আদি প্ৰদান কৰা হব।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন