নতুন ব্যৱস্থা : ৱার্ড মেম্বাৰেহে নিৰ্বাচন কৰিব পঞ্চায়ত সভাপতি
📌 ১১ ডিচেম্বৰত প্রকাশ পাব খচৰা ভোটাৰ তালিকা
📌 ২৮ ডিচেম্বৰত চূড়ান্ত ভোটাৰ তালিকা
📌 জানুৱাৰীৰ প্রথম সপ্তাহত নির্বাচনী অধিসূচনা জাৰি, ফেব্রুৱাৰীত দুটা পর্যায়ত ভোট
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ডিচেম্বৰঃ এইবাৰ নতুন ৰূপত অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন৷ ৰাজ্যৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহ পুনৰ গঠনৰ পাছত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদসমূহো নতুন পৰিসীমাৰে গঠন কৰা হৈছে৷ নতুন পৰিসীমা অনুসৰি এইবাৰ এই পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব৷ তদুপৰি এইবাৰৰ পঞ্চায়ত নির্বাচনৰ এক বিশেষত্ব হৈছে ৰাজ্যিক নির্বাচন আয়োগৰ পৰিৱর্তে এইবাৰ পঞ্চায়ত নির্বাচন পৰিচালনা কৰিব পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে৷ পঞ্চায়ত সংশোধনী আইন অনুসৰি এইবাৰৰ পঞ্চায়ত নির্বাচনত গাঁও পঞ্চায়তৰ প্রার্থীসকলৰ নাথাকিব দলীয় প্রতীক৷ প্রার্থীসকলক নির্বাচন আয়োগৰ তৰফৰ পৰাহে প্রতীক প্রদান কৰা হ’ব৷ সেইদৰে এইবাৰ গাঁও পঞ্চায়ত সভাপতি পদৰ বাবে কোনো নির্বাচন অনুষ্ঠিত নহয়৷ পঞ্চায়তৰ ৱার্ড সদস্যসকল নির্বাচিত হোৱাৰ পাছত তেওঁলোকেহে গাঁও পঞ্চায়তৰ সভাপতি নির্বাচন কৰিব৷ একেদৰে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ নির্বাচনত অৱতীর্ণ প্রার্থীসকলে দলীয় প্রতীকত নির্বাচন খেলিব পাৰিব৷ পঞ্চায়তৰ পৰিসীমা সলনিৰ পাছত ৰাজ্যখনত গাঁও পঞ্চায়তৰ সংখ্যা চাৰিখন হ্রাস পাইছে৷ পূর্বৰ ২,১৯৭ গাঁও পঞ্চায়তৰ পৰিৱর্তে এতিয়া পঞ্চায়তৰ সংখ্যা হৈছে ২,১৯৩৷ বহু জিলাত পঞ্চায়তৰ সংখ্যা হ্রাস পোৱাৰ বিপৰীতে কিছু জিলাত পঞ্চায়তৰ সংখ্যা বৃদ্ধি পাইছে৷ বজালী জিলাত পঞ্চায়তৰ সংখ্যা ৩৭খনৰ পৰা ৩১খন, বিশ্বনাথ জিলাত ৭৬খনৰ পৰা ৭৩খন, ধুবুৰী জিলাত ১৩২খনৰ পৰা ১২৮খন, যোৰহাট জিলাত ৯০খনৰ পৰা ৮৬খন, মৰিগাঁও জিলাত ৮৫খনৰ পৰা ৮৪খন, নগাঁও জিলাত ১৭২খনৰ পৰা ১৬৪খনলৈ হ্রাস পাইছে৷ ইয়াৰ বিপৰীতে কামৰূপ মহানগৰ জিলাত ২১খনৰ পৰা ২৭খন, বৰপেটা জিলাত ৯৮খনৰ পৰা ১০২খন, গোলাঘাট জিলাত ১০২খনৰ পৰা ১০৮খন, হোজাই জিলাত ৬৭খনৰ পৰা ৬৮খন, শ্রীভূমি জিলাত ৯৫খনৰ পৰা ৯৬খন, শোণিতপুৰ জিলাত ৮২খনৰ পৰা ৮৮খন, লখিমপুৰ জিলাত ৮১খনৰ পৰা ৮২খন, তিনিচুকীয়া জিলাত ৮৫খনৰ পৰা ৮৬খনলৈ পঞ্চায়তৰ সংখ্যা বৃদ্ধি পাইছে৷ নতুন পৰিসীমাৰ ফলত আঞ্চলিক পঞ্চায়তৰ সংখ্যা এখন হ্রাস পাইছে৷ পূর্বৰ ১৮৫খন আঞ্চলিক পঞ্চায়তৰ পৰিৱর্তে এতিয়া ১৮৪খন আঞ্চলিক পঞ্চায়ত হৈছে৷ জিলা পৰিষদৰ সদস্য পদৰ সংখ্যাও চাৰিখন হ্রাস পাইছে৷ পূর্বৰ ২,১৯৭ জিলা পৰিষদৰ সদস্যৰ পৰিৱর্তে এতিয়া ২,১৯৩ জিলা পৰিষদৰ সদস্য সংখ্যা হৈছে৷ ১৬খন জিলাত জিলা পৰিষদৰ সদস্য পদৰ সংখ্যা হ্রাস পাইছে৷ শিৱসাগৰ জিলাত ১৭ৰ পৰা ১২, বজালী জিলাত ৬ৰ পৰা ৫, বৰপেটা জিলাত ২৩ৰ পৰা ১৯, বিশ্বনাথ জিলাত ১৩ৰ পৰা ১২, কাছাৰত ২৭ৰ পৰা ২৫, ধুবুৰীত ২৪ৰ পৰা ২০, ডিব্রুগড়ত ২৩ৰ পৰা ২২, হাইলাকান্দিত ১১ৰ পৰা ৮, যোৰহাটত ১৯ৰ পৰা ১৬, কামৰূপত ২৬ৰ পৰা ২৪, শ্রীভূমিত ২০ৰ পৰা ১৬, মৰিগাঁৱত ১৩ৰ পৰা ১২, নগাঁৱত ২৯ৰ পৰা ২৭, নলবাৰীত ১৩ৰ পৰা ১২, দক্ষিণ শালমাৰাত ৫ৰ পৰা ৪, দৰঙত ১৪ৰ পৰা ১২লৈ জিলা পৰিষদৰ সদস্যৰ সংখ্যা হৈছে৷ ইয়াৰ বিপৰীতে আনকেইখনমান জিলাত জিলা পৰিষদৰ সদস্যৰ পদ বৃদ্ধি হৈছে৷ চৰাইদেউ জিলাত ৭ৰ পৰা ৮, ধেমাজি জিলাত ৭ৰ পৰা ১২, গোলাঘাট জিলাত ১৭ৰ পৰা ২০, লখিমপুৰ জিলাত ১৯ৰ পৰা ২০, তিনিচুকীয়া জিলাত ২০ৰ পৰা ২২, শোণিতপুৰ জিলাত ২০ৰ পৰা ২২লৈ জিলা পৰিষদৰ সদস্যৰ পদ বৃদ্ধি পাইছে৷ এই নতুন পৰিসীমাৰে হ’বলগীয়া আসন্ন পঞ্চায়ত নির্বাচন সম্পূর্ণ বেলট বাকচৰে অনুষ্ঠিত হ’ব৷ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ কোনো এটা স্তৰৰ নির্বাচনত ইভিএম ব্যৱহাৰ নহয়৷ আসন্ন পঞ্চায়ত নির্বাচনৰ বাবে অহা ১১ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্রকাশ পাব৷ ইয়াৰ পাছত অহা ২৮ ডিচেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্রকাশৰ পাছতেই জানুৱাৰী মাহৰ প্রথম ভাগতে নির্বাচনী অধিসূচনা প্রকাশ কৰিব৷ ফেব্রুৱাৰী মাহৰ আৰম্ভণিতে দুটা পর্যায়ত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব৷