নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ঐতিহ্যমণ্ডিত কালীবাৰিৰ দুৰ্গাপূজাৰ শুভাৰম্ভঃ মুখ্য অতিথি ৰূপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী নিশীথ প্ৰামাণিক

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ সোমবাৰে মহাষষ্ঠীৰ সন্ধিয়া ধুবুৰীৰ ঐতিহ্যমণ্ডিত কালীবাৰিৰ দুৰ্গাপূজাৰ আনুষ্ঠানিক শুভাৰম্ভ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে পশ্চিমবংগৰ সাংসদ তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশীথ প্ৰামাণিক।

সোমবাৰৰ পৰা আৰম্ভ হোৱা দুৰ্গোৎসৱৰ সৈতে সংগতি ৰাখি কালীবাৰি মন্দিৰ প্ৰাংগনত আয়োজিত এক বস্ত্ৰ বিতৰণ কাৰ্যসূচীত অংশ লয় মন্ত্ৰীগৰাকীয়ে। উক্ত বস্ত্ৰ বিতৰণ কাৰ্যসূচীত ধুবুৰীৰ স্থানীয় মুঠ ১৩০ গৰাকী দৰিদ্ৰ মহিলা আৰু শিশুক পুজা উপলক্ষে নতুন বস্ত্ৰ প্ৰদান কৰা হয়।

উল্লেখ্য জিলাখনৰ গৌৰীপুৰ পৰা ধুবুৰী অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথৰ ‘পাগলা বাবাৰ মন্দিৰ’’ৰ সমীপৰ পৰা বিজেপি আৰু যুৱমৰ্চাই এক মটৰ চাইকেল ৰেলিৰে ধুবুৰী চহৰৰ চিন্তাহৰণ পাল ৰোডস্থিত কালীবাৰিলৈ আদৰি নিয়ে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীগৰাকীক।

উল্লেখ্য যে ধুবুৰীৰ সনাতন ধৰ্মৰ অন্যতম পীঠস্থান কালীবাৰিৰ দুৰ্গাপূজাই এইবাৰ ৯৪ বছৰত ভৰি দিলে। কেৱল ধৰ্মীয় নহয়, বিভিন্ন সামাজিক কাম–কাজৰ সৈতেও ওতোঃপ্ৰতোঃ ভাৱে জড়িত হৈ থকা কালীবাৰিৰ দুৰ্গাপূজাৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত এক সুকীয়া স্থান আছে। প্ৰাকস্বাধীনোত্তৰ যুগৰ ১৯২৮ চনত স্থাপিত হোৱা ধুবুৰী কালীবাৰিৰ আছে এক দীঘলীয়া গৌৰৱময় ইতিহাস।

গোৱালপাৰা জিলাৰ তদানিন্তন আয়ুক্ত তথা ব্ৰিটিছ শাসক নেইনি চাহাবৰ সহযোগিতাত স্থাপিত হোৱা কালীবাৰিত সেই বছৰৰে পৰা কালীপূজাৰ সমান্তৰালকৈ দুৰ্গাপূজাও আৰম্ভ হয়। ইয়াতে উল্লেখ্যে এয়াও যে, ১৯৩৮ চনত ধুবুৰীৰ এই কালীবাৰিত আয়োজিত এক জনসভাত অংশ লৈছিল স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুয়ে।

Input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like