বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক শাস্তিমূলক বদলি
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ বিলাসীপাৰাত পুনৰ বদনামী হৈছে আৰক্ষী। এইবাৰ ডাম্পাৰ চালকৰ পৰা ধন দাবী কৰি শাস্তিমূলক বদলি হবলগীয়াত পৰিল বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। বিলাসীপাৰা থানাৰ অ’চি টুগুল বড়োক ধুবুৰী পি আই কোৰ্ট লৈ শাস্তিমূলক বদলি। উল্লেখ্য যে- যোৱা বৃহস্পতিবাৰে বিলাসীপাৰাৰ বেলতলীৰ পৰা এখন শিল ভৰ্তি ডাম্পাৰ জব্দ কৰিছিল বিলাসীপাৰা থানাৰ অ’চি টুগুল বড়োই। অভিযোগ অনুসৰি উক্ত ডাম্পাৰ আৰু চালকক প্ৰথমে লৈ যোৱা হৈছিল বিলাসীপাৰা থানাত। থানাত লৈ ডাম্পাৰ চালকক লোকাপত ভৰাই কৰা হৈছিল মাৰপিট। এৰি দিয়াৰ নামত দাবী কৰা হৈছিল ১ লাখ টকা। পিছত ৪০ হাজাৰ টকাত মুকলি কৰি দিয়াৰ বন্দবস্ত হৈছিল। এই ৪০ হাজাৰ টকাৰ ২০ হাজাৰ টকা ডাম্পাৰৰ গৰাকীয়ে তেতিয়াই জমা দিছিল বিলাসীপাৰা থানাৰ অ’চি টুগুল বড়োক। ১০ হাজাৰ টকা আমছু নেতা মিৰাজুল ইছলামৰ ফোন পেত দিৱ কৈছিল অ’চি টুগোল বড়োই। পিছত বাকী থকা ১০ হাজাৰ টকা ডাম্পাৰৰ গৰাকীৰ পৰা বিচাৰিছিল আমছু নেতাই। ঘটনাকলৈ ভুক্তভোগীয়ে এজহাৰ দাখিল কৰিছিল ধুবুৰী আৰক্ষী অধীক্ষক। আৰু তাৰ পিছতেই বিলাসীপাৰা থানাৰ অ’চি টুগুল বড়োৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰে ধুবুৰী আৰক্ষী অধীক্ষকে। ইতিমধ্যে বিলাসীপাৰা থানাৰ অ’চি টুগুল বড়োক ধুবুৰী পি আই কোৰ্টলৈ শাস্তিমূলক বদলি কৰা হৈছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা