নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাঁউৰী দিয়া প্ৰথা : ঢকুৱাখনাত কৃষক-দাৱনীয়ে দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন

পুলকজ্যোতি বৰা, ঢকুৱাখনা, ৯ ডিচেম্বৰ : সপোনে সাকাৰ লোৱাৰ সময় ‘আঘোণ’।এতিয়া আঘোণ মাহ ।অসমীয়া গ্ৰাম্য জীৱনত আছে আঘোণৰ সুকীয়া মাদকতা৷ আঘোণৰ ছন্দত ছন্দিত হয় চহা কৃষকৰ মন-প্ৰাণ।আঘোণ মানেই সোণোৱালী পথাৰ।কৃষকৰ সোণগুটি চপোৱাৰ বতৰ।মূৰৰ ঘাম মাটিত পেলাই শাওনৰ বতৰত চহা কৃষকে ৰচা সেউজীয়া সপোনে আঘোণৰ বুকুতেই লয় সোনসেৰীয়া ৰূপ। আঘোণ মানেই চহা খেতিয়কৰ সপোন পুৰণৰ সময়। সোণগুটিয়ে উপচি পৰিছে আঘোনৰ পথাৰ। আঘোণৰ ভৰপুৰ পথাৰত চৌদিশে সোণগুটি চপোৱাত ব্যস্তএতিয়া চহা কৃষক-দাৱনী। কাচিৰ কেচ্ কেচ্ শব্দত ৰজনজনাইছে কৃষকৰ পথাৰ।বিধে বিধে ভৰপক হৈ পৰিছে আঘোণৰ জহা, বৰাকে ধৰি নানা তৰহৰ ধান।জাক জাক দাৱনীৰ খিলখিল হাঁহিত হালিজালি নাচি উঠিছে সোণোৱালী ধাননি ডৰাও। ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ সোণোৱালী পথাৰৰ দৃষ্টিনন্দন দৃশ্যই সকলোকে আকৰ্ষিত কৰিছে। পুৱাতেই আহি ৰিব ৰিব মলয়াত হালি জালি থকা ধানৰ মুঠিত ধৰি কাঁচি চলাইছে জাক জাক দাৱনীয়ে।হাতৰ মুঠিত আলফুলে বান্ধিছে বছৰযোৰা সপোনবোৰ। ইয়াৰ মাজতে ঢকুৱাখনাৰ এখন পথাৰত দেখা গল এক ব্যতিক্ৰমী পৰিৱেশ। আধুনিকতাৰ ধামখুমীয়াত অসমৰ গাঁৱৰ পৰা প্ৰায় লুপ্ত হোৱা সাউৰী প্ৰথা আজিও বৰ্তি আছে ঢকুৱাখনাৰ পথাৰত। সমন্বয় আৰু সহযোগিতাৰ বাৰ্তাবাহক সাউৰী দিয়া প্ৰথাৰ জৰিয়তে গাঁৱে গাঁৱে দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন। অসমীয়া লোকজীৱনৰ সৈতে সংপৃক্ত সাউৰী দিয়া পৰম্পৰাৰ মাজেৰে গাঁৱৰ জীয়ৰী-বোৱাৰী একগোট হৈ ইজনে সিজনক সোণগুটি চপোৱাত সহায় কৰি দেখুৱাইছেএকতাৰ নিদৰ্শন। উল্লেখ্য যে, প্ৰতিবছৰে ঢকুৱাখনাৰ একাংশ অঞ্চলত মহিলাসকলে সমন্বয়ভাৱে কৃষকৰ ধান চপাই দিয়াত সহায় কৰি আহিছে। গাঁৱৰ মহিলাসকলে একেলগে গাঁওখনৰ প্ৰতিগৰাকী কৃষকৰ পথাৰত সমজুৱাভাৱে ধান কটাৰ দৃশ্যই মুগ্ধ কৰিছে সকলোকে৷ কোনোবাই যদি ধান কাটিছে,আন কোনোবাই জিৰিক জিৰিক শব্দেৰে ঘৰলৈ ডাঙৰি কঢ়িয়াইছে।ভৰ দুপৰৰ চোকা ৰ’দত চটফটাই উঠা শৰীৰটোক ক্ষণিক শান্তি দিবলৈ কোনোবাই ‌একেলগে বহি হাঁহি মাতি ৰবাব টৈঙাৰ সোৱাদ লৈছে।কাৰোবাৰ মুখত যদি বিহুনাম আন কাৰোবাৰ মুখত আকৌ হৰিনামৰ কলি দাৱনীৰ হাঁহি–খিকিন্দালীৰে মুখৰিত হৈ পৰিছে বৃস্তীৰ্ণ পথাৰ। নাই ভাগৰ, নাই মনৰ দুখ। আছে কেৱল প্ৰাপ্তিৰ আনন্দ, সন্তোষ্টিৰ হাঁহি।আনহাতে কৃষকসকলৰো আহৰি নাই। গীতে মাতে হাতত টঙাল আৰু কান্ধত বিৰিয়া লৈ পথাৰত নামিছে কৃষক। বিৰিয়া মাৰিত ডাঙৰিৰ ভাৰ কঢ়িয়াই লখিমীক আদৰিছে ঘৰলৈ।উৎসৱ মুখৰ পৰিবেশত একতাৰ এনাজৰীৰে কটকটীয়াকৈ বান্ধ খাই এনেকৈয়ে চহা কৃষিজীৱি ৰাইজে সম্প্ৰীতিৰ বাৰ্তা বিলাই দাঙি ধৰিছে একতাৰ নিদৰ্শন। ৰক্ষা কৰিছে আধুনিকতাৰ ধামখুমীয়াত অসমৰ গাঁৱৰ পৰা প্ৰায় লুপ্ত হোৱা এক পৰম্পৰা।

You might also like