নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : অসম সাহিত্য সভাৰ মাহেকীয়া বাতৰি কাকত “অসম সাহিত্য সভা সংবাদ”ৰ চতুৰ্থ সংখ্যাটি আজি পাঠশালা সাহিত্য ভৱনত উন্মোচন কৰা হয়৷ অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড০সূৰ্য্যকান্ত হাজৰিকাই উন্মোচন কৰা এই উন্মোচনী সভাত উপস্থিত থাকে বাতৰি কাকত খনৰ সম্পাদত সদানন্দ গগৈ, অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্য্যালয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মন, কোষাধক্ষ্য মিহিৰ বৰুৱা, বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰীধৰ চৌধুৰী সমন্বিতে ব্যক্তিসকলে৷ পাঠাশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ড০সূৰ্য্য হাজৰিকাই ভাষণ প্ৰদান কৰি অসম সাহিত্য সভাৰ সাংগঠনিক কামকাজৰ বিষয়ে আৰু আগন্তুক পাঠশালাত হ’ব লগা সাহিত্য সভাৰ বিষয়ে বিভিন্ন দিশৰ পৰ্যালোচনা কৰে আৰু পাঠশালাত হবলগীয়া সাহিত্য সভাৰ অধিবেশনখন সাফল্যমণ্ডিত কৰিবৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে৷ তেওঁ বিভিন্ন উল্লেখনীয় কথাৰ মাজতে বহিঃৰাজ্য দিল্লী, মুম্বাই, বাংগালোৰ আদিত বসবাস কৰি থকা অসমীয়াসকলক অসম সাহিত্য সভাৰ শাখা সমিতি গঠন কৰি দিয়াৰ ওপৰতো বক্তব্য প্ৰকাশ কৰে৷ এই উন্মোচনী সভাৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাপতিৰ লগতে বিভিন্ন বিষয়ববীয়া সকলক বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰীধৰ চৌধুৰীয়ে চেলেং চাদৰ, শৰাই আৰু গামোচাৰে বিশেষভাবে সম্বৰ্ধনা জনায়৷ অনুষ্ঠানত পাটাছাৰকুছি সাহিত্য সভাপতি দিলীপ ৰয় ,গীতিকা পাঠক ৰয়, বজালী সাহিত্য কলা পৰিষদৰ সভাপতি দিনেশ দাস, পাঠশালা শাখা সাহিত্য সভাৰ সম্পাদক অতুল কলিতা, গৌতম শৰ্মা, পাঠশালা বজাৰ কমিতি, পাঠশালা উদয়ন সংঘ, সাংস্কৃতিক কৰ্মী ভুপেশ খাটনিয়াৰ, সাদেৰী শাখা সাহিত্য সভা, কৃষ্ণ কান্ত সন্দিকৈ ছিনিয়ৰ চেকেণ্ডাৰী স্কুল, ৰিহাবাৰী শাখা সাহিত্য সভাৰ লগতে বজালীৰ বিভিন্ন দল সংগঠনে অসম সাহিত্য সভাৰ সভাপতি ড০সূৰ্য হজৰিকাৰ লগতে বিভিন্ন বিষয়ববীয়া সকলক বিশেষভাবে সম্বৰ্ধনা জনায়৷
প্ৰেৰক কল্যাণ কলিতা