নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃৰ পদাংক অনুসৰণেৰে শ্বুটিঙত ৰাজেশ্বৰীৰ ৰূপ পদক অৰ্জন

বিশেষ বাৰ্তা, ১ অক্টোবৰ : আজি এছিয়ান গেমছ ২০২৩ত ভাৰতৰ বাবে এটা ভাল দিন আছিল। বাতৰি লিখাৰ সময়লৈকে টীম ইণ্ডিয়াই এটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক লাভ কৰিছিল। শ্বুটিঙত ভাৰতে স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰে। মহিলাৰ দলীয় ইভেণ্ট ট্ৰেপত ভাৰতৰ ৰাজেশ্বৰী কুমাৰ, মনীষা কীৰ আৰু প্ৰীতি ৰজকে উজ্জ্বল প্ৰদৰ্শন কৰি ৰূপৰ পদক লাভ কৰে। আমোদজনক কথাটো হ’ল ৰাজেশ্বৰীৰ দৰে তেওঁৰ পিতৃও শ্বুটাৰ আছিল। ৰাজেশ্বৰীৰ পিতৃ ৰণধীৰ সিঙে স্বৰ্ণ পদক লাভ কৰিছিল। আচলতে ৰণধীৰ সিং অলিম্পিক কাউন্সিল অৱ এছিয়াৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু তেওঁৰ কন্যা ৰাজেশ্বৰীয়ে এইবাৰ এছিয়ান গেমছ ২০২৩ত অংশগ্ৰহণ কৰিছে। ৰাজেশ্বৰীৰ পিতৃকো চীনত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত ৰাজেশ্বৰীৰ লগত লৈ গৈছে। এছিয়ান গেমছত শ্বুটিঙত সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় ৰণধীৰ সিং। তেওঁৰ কন্যাও এতিয়া তেওঁৰ পদাংক অনুসৰণ কৰিছে। লগতে দেশৰ হৈ পদক অৰ্জন কৰিছে ৰাজেশ্বৰীয়ে। আজি ভাৰতৰ হৈ শ্বুটিঙত ৰূপৰ পদক লাভ কৰে ৰাজেশ্বৰীয়ে। মহিলাৰ দলীয় ইভেণ্ট ট্ৰেপত ৰাজেশ্বৰী, মনীষা আৰু প্ৰীতিয়ে উজ্জ্বল প্ৰদৰ্শন কৰি ৰূপৰ পদক লাভ কৰে। তেওঁৰ পা সোণৰ প্ৰতি আশাবাদী আছিল ভাৰত। অৱশ্যে ইয়াক সম্পূৰ্ণ কৰিব পৰা নগ’ল। দেওবাৰে শ্বুটিঙত স্বৰ্ণপদক লাভ কৰে টীম ইণ্ডিয়াই। এই খবৰ লিখাৰ সময়লৈকে ভাৰতীয় খেলুৱৈয়ে মুঠ ৪১টা পদক লাভ কৰিছে। ১১টা স্বৰ্ণ, ১৬টা ৰূপ আৰু ১৪টা ব্ৰঞ্জৰ পদক। বৰ্তমান পদক তালিকাত চতুৰ্থ স্থানত আছে টীম ইণ্ডিয়া। এই তালিকাত চীন প্ৰথম স্থানত আছে। চীনৰ হাতত আছে ২২২টা পদক। চীনে ১১৬টা স্বৰ্ণ আৰু ৭০টা ৰূপৰ পদক লাভ কৰিছে। কোৰিয়াই ৩০টা স্বৰ্ণ, ৩২টা ৰূপ আৰু ৫৬টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁলোকৰ হাতত আছে ১১৮টা পদক।

You might also like