বঙাইগাঁৱত পথ সুৰক্ষা মাহৰ সামৰণি
বিশেষ বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ ‘পথ দুৰ্ঘটনা অসমৰ লগতে সমগ্ৰ দেশখনতে এক ভয়ংকৰ সমস্যা হিচাপে চিহ্নিত হৈ পৰিছে ৷ চৰকাৰী তথ্য মতে বিগত ২০২২ চনত দেশখন প্ৰতি ঘন্টাত ১৯ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ৷ একেদৰে অসমত উক্ত বৰ্ষত তিনি হাজাৰৰ অধিক লোকে প্ৰাণ হেৰায়৷ ‘এইদৰে উদ্বেগজনকভাৱে পথ দুৰ্ঘটনা বৃদ্ধি পাই গৈ থকাৰ ফলত চৰকাৰে বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰি দুৰ্ঘটনা ৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ এই মন্তব্য বঙাইগাঁও জিলা আৰক্ষীক স্বপ্ননীল ডেকাৰ । আজি বঙাইগাঁও জিলা পৰিবহন বিভাগৰ কাৰ্যালয় প্ৰাংগণত আয়োজিত মাহজোৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সামৰণি অনুষ্ঠানত অংশ লৈ আৰক্ষী অধীক্ষক ডেকাই অসম তথা সমগ্ৰ দেশত পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ পৰিসংখ্যা দাঙি ধৰি ইয়াক প্ৰতিৰোধৰ বাবে ৰাইজৰ সহযোগ কামনা কৰে। চৰকাৰ , প্ৰশাসন বা আৰক্ষীয়ে পথ দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেঁও কয় যে বৰ্তমানৰ চৰকাৰে পথ দুৰ্ঘটনা নিৰ্মল কৰাৰ লক্ষ্যৰ যাৱতীয় পদক্ষেপ হাতত লৈছে ৷ কিন্তু পথ দুৰ্ঘটনা ৰোধ কৰিব হ’লে ৰাইজৰ সহায় – সহযোগিতা লাগিবই ৷ ৰাইজ সজাগ হ’লেহে পথ দুৰ্ঘটনা হ্ৰাব পাব। পথ দুৰ্ঘটনা দ্ৰুত গতিত বৃদ্ধি পাই গৈ থকাৰ লগতে দুৰ্ঘটনাত নিহত সকলৰ অধিকাংশৰে বয়স ২০ ৰ পৰা ৪০ বছৰৰ ভিতৰত হোৱাৰ ফলত সমাজে বৃহৎ মানৱ সম্পদ অকালতে হেৰুৱাবলগীয়া হোৱা বুলি আৰক্ষী বিষয়াজনে উদ্বেগ ব্যক্ত কৰে৷ ইফালে অনুষ্ঠানত জিলা পৰিবহন বিষয়া দীপক পাটোৱাৰীয়ে পথ দুৰ্ঘটনা ৰোধৰ বাবে সকলোৱে যান বাহন আইন মানি চলিবলৈ আহ্বান জনায় ৷ চালকসকলে সামান্য ভুলৰ বাবে পথ দুৰ্ঘটনা সংঘটিত কৰি নিজৰ লগতে পৰিয়ালৰ আৰু সমাজৰ আন দহজনৰ ভবিষ্যত লৈ অন্ধকাৰ নমাই অনা বুলি ভাষণ প্ৰসংগত তেঁও উল্লেখ কৰে ৷ অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত মগেন নৰহ, লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা মুকুট ডেকা , বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কিশোৰ দাস , অধিবক্তা হৰেশ্বৰ দাস প্ৰমুখ্য কৰি কেইবাগৰাকী বক্তাই ভাষণ দিয়ে। যোৱা ১৫ জানুৱাৰীৰ পৰা বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত জিলাখনত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন কৰা হয়।সেই উপলক্ষে জিলাখনৰ ২৪ জানুৱাৰীত বঙাইগাঁও কলেজত, ২৯ জানুৱাৰীত অভয়াপুৰী কলেজত, ৩০ জানুৱাৰীত বীৰঝৰা কন্যা মহাবিদ্যালয়ত, ২ ফেব্ৰুৱাৰীত বীৰঝৰা মহাবিদ্যালয়ত আৰু ১২ ফেব্ৰুৱাৰীত মাণিকপুৰ আঞ্চলিক কলেজত পথ সজাগতা সভা অনুষ্ঠিত কৰা হয়।ইয়াৰ উপৰিও বৰপাৰা বাছ আস্থান,পপুলাৰ বাছ আস্থান আৰু অভয়াপুৰী বাছ আস্থানত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে চিকিৎসকৰ জৰিয়তে বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হয়।
প্ৰেৰক উপানন্দ শৰ্মা