নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নগৰবেৰা বজাৰৰ এখন হোটেলৰ ভিতৰত সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ হয় এগৰাকী মহিলা। অচেতন অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক। মহিলাগৰাকী নগৰবেৰাস্থিত প্ৰিন্স হোটেল এণ্ড ৰেষ্টুৰেন্টত কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। সুকাৰ্মল চৌধুৰীৰ দেৱজিত হোটেলত উদ্ধাৰ হয় মহিলাগৰাকী। সোধা-পোছাৰ বাবে আৰক্ষীয়ে শম্ভু নামৰ এজন লোকক থানালৈ নিয়ে। শম্ভু দেৱজিত হোটেলৰ কৰ্মচাৰী। সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তৰ পাছতহে হয়তো পোহৰলৈ আহিব সমগ্ৰ ঘটনা |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস