নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ মাজগাঁও বৰনামঘৰত বৰসবাহ-পানী তোলা সবাহ

🔹 নাম-প্ৰসংগৰে ভক্তিৰসত বুৰ গ’ল সমগ্ৰ অঞ্চল

বিশেষ বাৰ্তা, ৮ জুন : অসমৰ কৃষিভিত্তিক উৎসৱসমূহৰ লগতে আন এক ধৰ্মীয় উৎসৱ পানীতোলা উৎসৱ । লোকবিশ্বাস অনুসৰি পানী তোলা উৎসৱত ঘাটৰ পৰা তুলি অনা পানী কৃষিপথাৰত ছটিয়ালে কৃষি উৎপাদন বৃদ্ধি হোৱাৰ লগতে কৃষিপথাৰত পানীৰ অভাৱ বা বাঢ়নী পানী নহয়। ৰীতি-নীতিৰ মাজেৰে আয়তীৰ উৰুলি, পানীতোলা নাম পৰিৱেশন কৰাৰ সময়ত ঢোল-ডগৰেৰে আনন্দ-স্ফূৰ্তি কৰে। সেই পুৰণি ধাৰা অব্যাহত ৰাখি মাজগাঁও বৰ নামঘৰত আজি পানীতোলা সবাহ আৰু বৰসবাহ অনুষ্ঠিত কৰে। বিগত তিনি দিন মহাভৈৰৱ মন্দিৰ, খৰাআটি নামঘৰ, বৰুৱা চুবুৰি নামঘৰত পানী তোলাৰ অন্তত আজি তল কলিবাৰীস্থিত বিষ্ণু ৰাভা সমাধিস্থলৰ সমীপৰ লুইতৰ পৰা শতাধিক আয়তীৰ লগতে তিনিগৰাকী দৈয়েকীয়ে ঘাটৰ পৰা পানী তুলি আনে। সেই পানীৰ কলহৰ সৈতে নামঘৰ প্ৰদক্ষিণ কৰি গঞা ৰাইজৰ মংগল কামনা কৰে। শিশু বিনোদ গগৈৰ ঢোলৰ ছেৱে ছেৱে গীত-নৃত্যৰে আনন্দ কৰে। উল্লেখ্য যে বৰসবাহৰ লগত সংগতি ৰাখি এই পানী তোলা সবাহ অনুষ্ঠিত কৰে । বৰালীমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শোভন মহন্তৰ পৰিচালনাত অনুষ্ঠিত নাম-প্ৰসংগৰে অঞ্চলটিত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰে। ডবা, কাঁহ বৰতাল, খোলৰ শব্দত মুখৰিত হৈ পৰা বৰনামঘৰত পুৱাৰে পৰা অগণন ভক্তিপ্ৰাণ লোকে মংগল কামনা কৰি শৰাই-শলিতা আগবঢ়াই মংগল কামনা কৰে। ১৮ শতিকাৰ শেষভাগত স্থাপিত বৰনামঘৰৰ আজিও সাঁচিপাতৰ পুথিকে ধৰি বহু পুৰণি সম্পদে অতীতৰ সাক্ষী বহন কৰি আহিছে। প্ৰখৰ ৰ’দকো নেওচি শিশুৰ পৰা বৃদ্ধলৈকে আজি নামত অংশগ্ৰহণ কৰি ভক্তিৰসত বুৰ যায়।

প্ৰেৰক হিমাংশু শইকীয়া

You might also like