নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি প্ৰিমিয়াৰ লীগৰ নিলাম সম্পন্ন, ৫৫০ টকাত বিক্ৰী বিধায়ক ৰূপজ্যোতি

বিশেষ বাৰ্তা, ১৫ মাৰ্চঃ প্ৰথম বৰ্ষৰ সফলতাৰ পিছত মৰিয়নি ক্ৰীড়া সন্থাই দ্বিতীয়বাৰৰ বাবে আই পি এলৰ আৰ্হিত মৰিয়নি প্ৰিমিয়াৰ লীগ চমুকৈ এম পি এল নামেৰে এক পেছাদাৰী ক্ৰিকেট টুৰ্নামেন্টৰ আয়োজন কৰিছে। মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই আকৰ্ষণীয় ক্ৰিকেট টুৰ্নামেন্টৰ বাবে খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া মৰিয়নি ৰাজহুৱা প্ৰেক্ষাগৃহত সুকলমে সম্পন্ন হয়। এইবৰ্ষতো মৰিয়নি অঞ্চলৰ খেলুৱৈৰ মাজতেই খেলখন সীমাবদ্ধ কৰি ৰখা হৈছে। এইবাৰ এম পি এলৰ নিলামৰ বাবে মুঠ ১৮৫জন ক্ৰিকেটাৰে নিজৰ নাম পঞ্জীয়ন কৰিছিল। লক্ষাধিক টকাৰ প্ৰাইজমানি সম্বলিত এম পি এলৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণকাৰী দলৰ সংখ্যা পূৰ্বৰ ৮টাৰ পৰিৱৰ্তে ১০টালৈ বৃদ্ধি কৰা হয়। ইয়াৰ মাজতে পূৰ্বৰ দুটা দলে এইবাৰ অংশগ্ৰহণৰ পৰা বিৰত থাকে। তাৰ পৰিৱৰ্তে এইবাৰ চাৰিটাকৈ দলক নতুনকৈ অন্তৰ্ভুক্ত কৰা হয়। অংশগ্ৰহণকাৰী দলসমূহ ক্ৰমে যোৱাবাৰৰ চেম্পিয়ন মৰিয়নি টাইটানছ, ৰানাৰ্ছ আপ ৰূদ্ৰা ৱাৰিয়’ৰ্ছ, মৰিয়নি ইণ্ডিয়ানছ, আছাম ৰাইন’জ, এইছ বি এছ ছেলেঞ্জাৰ্ছ, ৰাইজিং চুপাৰ জায়েন্টছ, ৰ’য়েল ফেলকনছ, জে এন মৰিয়নি ৰাইডাৰ্ছ, ছানৰাইজাৰ্ছ মৰিয়নি আৰু কৃত্তিকা ৱাৰিয়’ৰ্ছ। এই নিলাম প্ৰক্ৰিয়াত অংশগ্ৰহণকাৰী ১০টা দলে মুঠ ১৪০জন খেলুৱৈ ক্ৰয় কৰে। দহজনক আইকন প্লেয়াৰ হিচাপে ঘোষনা কৰি তেওঁলোকক নিলাম প্ৰক্ৰিয়াৰ পৰা আঁ‌তৰাই ৰখা হয়। আনহাতে, ৩৫ খেলুৱৈ বিক্ৰী নোহোৱাকৈ থাকি যায়। এইবাৰ নিলামত সঞ্জীৱ দত্ত সৰ্বাধিক মূল্যত বিক্ৰী হোৱা খেলুৱৈ হিচাপে পৰিগণিত হয়। ‘মৰিয়নি ইণ্ডিয়ানছ’ নামৰ দলটোৱে সঞ্জীৱক সৰ্বাধিক দৰত ক্ৰয় কৰে। আনহাতে, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ‘এইছ বি এছ ছেলেঞ্জাৰ্ছ’ দলে ৫৫০ টকাত ক্ৰয় কৰে। ইফালে, ৫টা দলে নিৰ্দ্ধাৰিত ১৫জনকৈ খেলুৱৈ ক্ৰয় কৰিবলৈ সক্ষম হয় যদিও আন ৫ দল ক্ৰমে মৰিয়নি টাইটানছ, জে এন মৰিয়নি ৰাইডাৰ্ছ, মৰিয়নি ইণ্ডিয়ানছ, ৰাইজিং চুপাৰ জায়েন্টছ আৰু চানৰাইজাৰ্ছ মৰিয়নি দলে নিৰ্দ্ধাৰিতসংখ্যক খেলুৱৈ ক্ৰয় কৰিব নোৱাৰি জৰিমনাৰ সন্মুখীন হয়। দিব্যজ্যোতি শইকীয়াই আঁত ধৰা আৰু মৰিয়নি ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ উপ-সভাপতিদ্বয় দীপেন দাস আৰু তপন দাসে পৰিচালনা কৰা, কল্লোল দেৱ, মিকু পাওগামে সহযোগ কৰা এই নিলাম প্ৰক্ৰিয়া মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়াই শুভাৰম্ভনি কৰি মৰিয়নি ক্ৰীড়া সন্থাৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাৰ শলাগ লয়। এই প্ৰচেষ্টাই মৰিয়নিৰ ক্ৰীড়া ক্ষেত্ৰখনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে পেছাদাৰী খেলুৱৈৰ সৃষ্টিত অৰিহণা যোগাব বুলিও তেওঁ মতপোষন কৰে। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মৰিয়নি ক্ৰীড়া সন্থাৰ সম্পাদক দীপক দত্তই টুৰ্ণামেন্টখন সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। আনহাতে, এই অনুষ্ঠানতে অংশগ্ৰহণকাৰী দলকেইটাৰ স্বত্বাধিকাৰ ক্ৰমে ৰিজু শইকীয়া, সুমন আইচ, সুজিত দে, প্ৰদীপ দাস, দীপক দে, সৌমিক দাস, উত্তম ধৰ, বিদ্যুত বিকাশ ৰাজখোৱা, মানস প্ৰতীম চিন্তে, অজয় দাস, নয়নমনি চক্ৰৱৰ্তী, মুন নায়ক, আশীষ জৈন, মৌচম আগৰৱালা আৰু গোবিন্দ দেক আদৰণি জনোৱা হয়। সকলোৱে ক্ৰীড়াক ক্ৰীড়াসূলভ মানসিকতাৰে গ্ৰহণ কৰি নিজৰ লগতে সমাজৰো উত্তৰণৰ অংশ হ’বলৈ খেলুৱৈসকলৰ প্ৰতি আহ্বান জনায়। আনহাতে, এই অনুষ্ঠানতে এম পি এল দ্বিতীয় সংস্কৰণৰ ‘থীম ছং’ মুকলি কৰা হয়। উদীয়মান সংগীত শিল্পী মনদ্বীপ মাজুলীয়ে কন্ঠদান কৰা গীতটোৰ ভিডিঅ’ মুকলি কৰে বিশ্বপ্ৰভা শইকীয়াৰ লগতে আমন্ত্ৰিত অতিথিসকলে। ইফালে, ২৩ মাৰ্চত বাপুজী ষ্টেডিয়ামত উদ্বোধনী অনুষ্ঠানৰ লগতে প্ৰথমখন মেচ অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like