🔴 শংকিত ৮ খন গাঁৱৰ কৃষক ৰাইজ
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ চিৰাং জিলাৰ বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত ডোমগাঁও-শালবাৰীস্থিত জলসিঞ্চন বিভাগৰ প্ৰকাণ্ড শ্লুইচ গেটখন কালি হঠাতে ভাগি পৰে। দুই কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা শ্লুইচ গেটখন নিজে নিজে ভাগি পৰাত স্থানীয় লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। শ্লুইচ গেটখনৰ তদানীন্তন বিটিচি প্ৰশাসনৰ জলসিঞ্চন বিভাগৰ দ্বাৰা ২০০৬-০৭ চনত নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল। ২০১০ চনত শ্লুইচ গেটখন বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ বাবে মুকলি কৰা হৈছিল। কালি আচম্বিতে শ্লুইচ গেটখন ভাগি পৰাৰ ফলত ৮ খনমান গাঁৱৰ কৃষিজীৱী লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। উক্ত অঞ্চলটোৰ খেতিয়ক ৰাইজ এই জলসিঞ্চন প্ৰকল্পটোৰ পানীৰ ওপৰতে বিশেষভাৱে নিৰ্ভৰশীল। প্ৰকল্পটো হঠাতে ভাগি পৰাত গাঁওকেইখনৰ ২৫০০ বিঘা কৃষিভূমিৰ ভৱিষ্যত এক অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। যাৰ কাৰণে অঞ্চলটোৰ কৃষিজীৱী লোকসকল অধিক শংকিত হৈ পৰিছে। স্থানীয় লোকৰ অভিযোগ- বিপিএফ চৰকাৰৰ দিনত জলসিঞ্চন বিভাগৰ কোকৰাঝাৰ সংমণ্ডলৰ দুৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্তা অমৰজ্যোতি ডেকা আৰু কোকৰাঝাৰৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ ছহীদ আলীয়ে মিলি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি অবৈজ্ঞানিকভাৱে এই শ্লুইচ গেট নিৰ্মাণ কৰিছিল। যাৰ কাৰণে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ মাত্ৰ ১২ বছৰৰ মূৰত অত্যধিক পানীৰ চাপ নপৰাকৈয়ে শ্লুইচ গেটখন ধ্বংসস্তূপত পৰিণত হয়। শ্লুইচ গেটখন ভাগি পৰাৰ খবৰ পোৱাৰ পাছত চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু জলসিঞ্চন বিভাগৰ চিৰাং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ধ্ৰুৱজ্যোতি তামুলীয়ে কালি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইয়াৰ বাবে বিধায়ক জয়ন্ত বসুমতাৰীয়ে সম্পূৰ্ণ ৰূপে দায়ী কৰে তদানীন্তন বিপিএফ দলৰ চৰকাৰক। বিটিআৰ এলেকাত বিপিএফ দলৰ শাসনকালত উন্নয়নৰ নামত দুৰ্নীতি সংঘটিত কৰি হাজাৰ হাজাৰ কোটি টকাৰ ঋণৰ বোজা বৰ্তমানৰ ইউপিপিএল চৰকাৰৰ মূৰত জাপি দি গৈছে বুলি বিধায়ক বসুমতাৰীয়ে মন্তব্য কৰে। এই ঘটনাৰ বাবে এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে এই অঞ্চলৰ কৃষকসকলৰ স্বাৰ্থৰ কথা চিন্তা কৰি যিমান সোনকালে সম্ভৱ অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ সৈতে আলোচনা কৰি প্ৰকল্পটো পুনঃনিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও বিধায়কগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।
প্ৰেৰক বিপুল কুমাৰ দাস