নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাৰ লক্ষীগঞ্জত বাঁহনিৰ মাজত কাঠ ফলা মিল জব্দ

নিয়মীয়া বাৰ্তা, ২৩ মে’ : বিলাসীপাৰাত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। একাংশ চোৰাং কাঠ মাফিয়াই ভিতৰুৱা অঞ্চলত ভ্ৰাম্যমাণ কাঠ ফলা মিল স্থাপন কৰি চলাই গৈছে ৰমৰমীয়া বেহা। তেনে চোৰাং কাঠ মাফিয়াৰ বিৰুদ্ধে ৰোকাখাতা খণ্ড বন বিভাগৰ দলে চলায় এক অভিযান। অভিযানত লক্ষীগঞ্জৰ পাইকানডাৰা ২য় খণ্ড গাঁৱৰ বাঁহনিৰ মাজত স্থাপন কৰা অবৈধ কাঠ ফলা মিল জব্দ কৰে। গাঁওখনৰ বাঁহনিৰ ভিতৰত দীৰ্ঘদিনৰে পৰা একাংশ কাঠ মাফিয়াই চলাই গৈছিল ৰমৰমীয়া বেহা। বন বিভাগৰ লোক অহাৰ উমান পাই কাঠ মাফিয়াই পলায়ন কৰে। সম্প্ৰতি কাঠ ফলা মিলটো জব্দ কৰি ৰোকাখাতা খণ্ড বন বিভাগৰ কাৰ্যালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বন বিভাগে সময়ে সময়ে অভিযান চলাই অবৈধ কাঠ ফলা মিল, চোৰাং কাঠ, মাটি-বালি কঢ়িওৱা ট্ৰেক্টৰ আদি জব্দ কৰি তদন্ত চলাই আছে। পিছে কোনো এজন চোৰাং মাটি, বালি, কাঠ, অবৈধ ভ্ৰাম্যমাণ মিলৰ গৰাকীক আটক কৰিবলৈ সক্ষম নহয় বুলি অভিযোগ উঠিছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like