নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত গাঞ্জাসহ আটক মণিপুৰৰ ৩ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : কাছাৰৰ লক্ষীপুৰত ১৩ কেজিৰ অধিক গাঞ্জাৰ সৈতে  মহিলাসহ আটক কৰা হয় তিনিগৰাকী মণিপুৰৰ সৰবৰাহকাৰীক l লক্ষীপুৰ আৰক্ষীয়ে লক্ষীপুৰ চহৰ সংযোগী পথৰ নয়াগ্রামত অভিযান চলাই এখন অটোৰ পৰা গাঞ্জাসহ আটক কৰিছে তিনি সৰবৰাহকাৰীক l AS-11EC-1299 নম্বৰৰ অটোত কৌশলগতভাৱে কার্টনত বঢ়াই গাঞ্জাখিনি আনিছিল ধৃতসকলে l ঘটনাত জব্দ কৰা হৈছে অটোখনো l ধৃত তিনি সৰবৰাহকাৰী হৈছে মণিপুৰৰ জিৰিবাম জিলাৰ সানাতম্বী দেৱী, সাউগাইজম হেইনৌতন সিংহ আৰু এল সঞ্জিত সিংহ l তেওঁলোকক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে লক্ষীপুৰ আৰক্ষীয়ে l

প্ৰেৰক গৌতম তালুকদাৰ

You might also like