নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকক সবলীকৰণৰ লক্ষ্যৰে ধুবুৰীত দুদিনীয়া কৃষক মেলাৰ আয়োজন

ধুবুৰী জিলা কৃষি কাৰ্যালয়ে কৃষি প্ৰসাৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি এগ্ৰিকালচাৰ টেকন’লজী মেনেজমেণ্ট এজেন্সী (CSS-ATMA)ৰ অধীনত আজিৰ পৰা দুদিনীয়া কৃষক মেলাৰ আয়োজন কৰিছে। ধুবুৰীস্থ জিলা কৃষি কাৰ্যালয় চৌহদত আজি এই মেলাখন উদ্বোধন কৰে জিলা…

গড়গাঁও মহাবিদ্যালয়ক স্বায়ত্তশাসিত কলেজৰ মৰ্যাদা প্ৰদান UGC-ৰ

বিশ্ববিদ্যালয় অনুদান আয়োগে অসমৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ক ইউ.জি.চি.ৰ ২০২৩ চনৰ নিয়মাৱলীৰ আধাৰত অহা দহ বছৰৰ বাবে অৰ্থাৎ শিক্ষাবৰ্ষ ২০২৫-২৬ৰ পৰা ২০৩৫-৩৬লৈ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰিছে।…

চামগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ

চামগুৰি সমষ্টিত কেবাটাও কাৰ্যসূচী লৈ উপস্থিত থাকে বিধায়ক দিপ্লুৰঞ্জন শৰ্মা। বিধায়কজনে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। কংগ্ৰেছৰ আৰু ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত বিধায়কজনে কয়- কংগ্ৰেছে লব জানে কিন্তু দিব…

যুৱ মহোৎসৱত সফলতা অৰ্জন কৰা মাজুলী মহাবিদ‍্যালয়ৰ শিক্ষাৰ্থী দলক আদৰণি

ডিব্ৰুগড় বিশ্ববিদ‍্যালয় আন্তঃমহাবিদ‍্যালয় যুৱ সমাৰোহ, ২০২৪-২৫ত মাজুলী মহাবিদ‍্যালয়ৰ পৰা অংশগ্ৰহণ কৰা শিক্ষাৰ্থীৰ দলটিয়ে বিভিন্ন প্ৰতিযোগিতাত সফলতা বুটলিবলৈ সক্ষম হৈছে। অধ‍্যাপক আচাৰ্য মোহন দাস আৰু অধ‍্যাপিকা বিদিশা ভট্টাচাৰ্য, ছাত্ৰ একতা…

ভাইমনদা ছবিৰ জুবিনখ্যাত পাৰ্থপ্ৰতিম প্ৰদৰ্শনত মন্ত্ৰমুগ্ধ দৰ্শক

শ্বহীদ নগৰী ঢেকিয়াজুলিত জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ভাইমন দা বোলছবিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চৰিত্ৰত অভিনয় কৰি বিপুল সমাদৃত হোৱা পাৰ্থ প্ৰতীম হাজৰিকাই অভিনয়েৰে নহয় এইবাৰ সত্ৰীয়া নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজক বিমুগ্ধ কৰে। জনপ্ৰিয় অভিনেতা…

ৰামদিয়াত উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘৰ ৪৯সংখ্যক বাৰ্ষিক অধিৱেশনৰ আয়োজন

ভাগৱতাচাৰ্য তথা বেদাচাৰ্য মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ মহাপ্ৰভুৰ ধৰ্মমত, আদৰ্শ আৰু ৰীতি-নীতি সমাজত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সংগঠিত উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘৰ ৪৯সংখ্যক বাৰ্ষিক অধিৱেশনখন ৰামদিয়াৰ দেউৰীয়াপাৰাস্থিত শ্ৰী শ্ৰী হৰিদেৱ সত্ৰত অহা…

ফেব্রুৱাৰীত কমিব বৰষুণ, বাঢ়িব তাপমাত্রা

নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : ভাৰতৰ বেছিভাগ ঠাইৰ মানুহে জানুৱাৰী মাহটোত শীতৰ কবলত পৰাৰ পিছতেই ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনালে এটা দুঃসংবাদ৷ চলিত মাহত বতৰৰ তাপমান বৃদ্ধি পাব আৰু জলবায়ু শুকান হৈ পৰিব বুলি জনাইছে বতৰ বিজ্ঞান বিভাগে৷ জলবায়ুৰ এনে…

৯২ কোটি টকাৰে আৰম্ভ হ’ব হাটশিঙিমাৰী-মানকাচৰ পথৰ নিৰ্মাণকাৰ্য

দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসীৰ বাবে এটা অতি সুখবৰ। অৱশেষত অন্ত পৰিল দীৰ্ঘদিনীয়া অপেক্ষাৰ। জিলাখনৰ যাতায়াত ব্যৱস্থাৰ মেৰুদণ্ডস্বৰূপ হাটশিঙিমাৰী-মানকাচৰ পথৰ নিৰ্মাণকাৰ্য অতি সোনকালে আৰম্ভ হ’বলৈ গৈ আছে। ৰাজ্য চৰকাৰে ‘অসম মালা’ আঁচনিৰ অধীনত…

ভাৰত মহাসাগৰত ড্রেগনৰ জাল ছিৰাছিৰ কৰাৰ লক্ষ্যৰে ‘প্রজেক্ট–৭৫ আই’

নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : ভাৰত মহাসাগৰত চীনৰ অগ্রগতি ৰোধ কৰিবলৈ এইবাৰ ঐতিহাসিক চুক্তিৰ ফালে অগ্রসৰ হৈছে প্রতিৰক্ষা মন্ত্রালয়৷ জার্মানীৰ সৈতে হাত মিলাই অত্যাধুনিক ছাবমেৰিন নির্মাণ কৰিবলৈ ওলাইছে ভাৰতে৷ এই প্রকল্পটোৰ নাম ‘প্রজেক্ট–৭৫ আই’৷…

গহপুৰ আৰক্ষীৰ সফলতা, মাৰণাস্ত্ৰসহ ৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

গহপুৰ আৰক্ষীয়ে এক বিশেষ অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আজি পুৱতিনিশা সোলেঙীৰ ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা এক অভিযানত অবৈধ মাৰণাস্ত্ৰসহ ৪জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অভিযানকালত আৰক্ষীয়ে ৰাছিয়াত নিৰ্মিত ৪টা পিষ্টল আৰু এখন…