নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা, হাইক’ৰ্টৰ সমীপত যুৱতীৰ কৰুণ মৃত্যু

দুৰ্ঘটনাই কালৰূপ ধাৰণ কৰিছে মহানগৰী গুৱাহাটীত। প্ৰতিটো দিনতেই যোন দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে নিৰীহ লোকৰ। পুনৰ মহানগৰীত ঘটিল এটা শোকাৱহ পথ দুৰ্ঘটনা। কালি নিশা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিয়ন্ত্রণ…

সিন্ধু চুক্তিক লৈ আন্তঃৰাষ্ট্রীয় মঞ্চত কন্দা–কটা পাকিস্তানৰ

নিউজ ডেস্ক, ৩ ফেব্রুৱাৰী : যোৱা বছৰ পাকিস্তান সমর্থিত সন্ত্রাসবাদীৰ দ্বাৰা পেহেলগামত নৰসংহাৰ চলোৱাৰ পিছত চুবুৰীয়া দেশখনৰ সৈতে ভাৰতৰ সম্পর্ক তিক্ততাপূর্ণ হৈ পৰাত ভাৰতে সিন্ধু জলবণ্টন চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লয়৷ তাৰ প্রতিবাদত নেদাৰলেণ্ডৰ…

পুনৰ গ্ৰেপ্তাৰ নিলম্বিত ACS নূপুৰ বৰা, চিএম ভিজিলেঞ্চৰ অভিযান

আজি পুনৰ গ্ৰেপ্তাৰৰ সন্মুখীন হ’ল দুৰ্নীতিগ্ৰস্ত নিলম্বিত এচিএছ বিষয়া নূপুৰ বৰা। মুখ্যমন্ত্ৰী ভিজিলেঞ্চ (CM Vigilance)-এ মালিগাঁৱৰ নিজা বাসগৃহৰ পৰা বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত নূপুৰ বৰাক চিএম ভিজিলেঞ্চৰ কাৰ্যালয়লৈ অনা হয়।…

সভাপতিৰ কার্যকাল তিনি বছৰীয়া কৰাক লৈ যুদ্ধংদেহি পৰিস্থিতি

ভাষা–সাহিত্য, জননীৰ সেৱাৰ উদ্দেশ্যৰে গঠিত অসম সাহিত্য সভা পৰিণত হৈছে ক্ষমতা হস্তগত কৰাৰ ৰণক্ষেত্রলৈ৷ সভাৰ ইতিহাসত একপ্রকাৰ অভিলেখ স্থাপন কৰি অসম সাহিত্য সভাৰ পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন…

বৌদ্ধ ধর্মগুৰু দালাই লামাক সন্মানীয় গ্রেমী সন্মান প্রদান

গ্রেমী পুৰস্কাৰ লাভ কৰে দালাই লামাই৷ দেওবাৰে আমেৰিকাৰ লছ এঞ্জেলছত নৱতিকৰ বৌদ্ধ ধর্মগুৰুগৰাকীৰ হৈ পুৰস্কাৰ গ্রহণ কৰে সংগীত শিল্পী ৰুফাছ ৱেনৰাইটে৷ ‘মেডিটেচনছঃ দ্য ৰিফ্লেকচনছ অৱ হিজ হোলীনেছ দ্য ডালাই লামা’ নামৰ এলবামটিৰ বাবে তেওঁক এই সন্মান…

মহানগৰীত বনকৰা কিশোৰীক অকথ্য নির্যাতন অভিযন্তা দম্পতীৰ

ডাঃ ৱালিউল ইছলাম আৰু তেওঁৰ চিকিৎসক পত্নী ডাঃ সংগীতা দত্তৰ শিহৰণকাৰী শিশু নির্যাতনৰ ঘটনাৰ পিছত গুৱাহাটী মহানগৰীত পোহৰলৈ আহিছে আন এক অনুৰূপ ঘটনা৷ মহানগৰীৰ পাঞ্জাবাৰীত এগৰাকী অভিযন্তা পৰিয়ালে এটি বনকৰা কিশোৰীক অমানুষিক অত্যাচাৰ কৰাৰ লগতে…

সম্পাদকীয় : বিকশিত ভাৰতৰ ৰূপৰেখা

দেশৰ স্বাধীনতাৰ শতবর্ষত বিকশিত ভাৰতৰ ৰূপৰেখা প্রস্তুতেৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ১ ফেব্রুৱাৰীত দাখিল কৰে ২০২৬–২৭ বিত্তীয় বর্ষৰ বাজেট৷ বিশ্বৰ চতুর্থ সর্ববৃহৎ অর্থনীতিৰ স্বীকৃতি লাভ কৰা ভাৰতে বিকশিত ভাৰত গঢ়াৰ সংকল্পৰে ২০৪৭ত…

টি-২০ বিশ্বকাপত ভাৰতৰে মেচ বর্জনত হতাশ পাক অধিনায়ক

ইতিমধ্যে আইচিচিয়ে পাকিস্তানক শাস্তি দিয়াৰ ইংগিত দিছে৷ সূত্র অনুসৰি, এইবাৰ ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ মেচ বর্জনৰ বিষয়ক লৈ জৰুৰী বৈঠক আহ্বান কৰিছে৷ টি–২০ বিশ্বকাপ আৰম্ভ হোৱাৰ পূর্বে এই বৈঠকখন অনুষ্ঠিত…

দদৰা উচ্চতৰ মাধ্যমিকৰ নৱনিৰ্মিত ভৱন উদ্বোধন

অসমত ৰাজ্যখনৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক শৈক্ষিক বিপ্লৱ আৰম্ভ হৈছে ৷ ব্যক্তিগত শিক্ষানুস্থানে যি সময়ত অসমীয়া মাধ্যমৰ বিদ্যালয় সমুহলৈ এক অভাৱনীয় প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল সেই সময়তে দূৰদৰ্শী চিন্তাৰ নায়ক তথা…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ ফেব্রুৱাৰী, মাঘ মাহৰ ২০ তাৰিখ মঙলবাৰঃ তিথি–কৃষ্ণা দ্বিতীয়া, নক্ষত্রঃ মঘা, যাত্রাঃ নাই মেষঃ মজলীয়া ফল৷ বাঞ্ছিত কর্মত কিছু অগ্রগতি৷ ভাই–ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা৷ বাকী বিষয়ত ভালেই৷ দূৰ ভ্রমণ স্থগিত ৰাখক৷ শুভ ৰং নীলা, শুভ সংখ্যা…