নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য : Lady Don গীতা পাণ্ডেক গ্ৰেপ্তাৰ

ধন দাবী, আদালত আৰু আৰক্ষীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিলচৰৰ Lady Don গীতা পাণ্ডেক। অভিযোগ গীতা পাণ্ডেই এটা মহিলা সংগঠন বনাই সংগঠনৰ আৰত বিভিন্ন অবৈধ বেহা আৰম্ভ কৰিছিল। বিভিন্ন লোকক বিভিন্ন ধৰণৰ…

সোণাপুৰ-ভূৰাগাঁও-গুৱাহাটীত পথ দুৰ্ঘটনা, হতাহত ৫

সোণাপুৰত পথ দুৰ্ঘটনা সোণাপুৰত পথ দুৰ্ঘটনাত মৃত্যু হৈছে জুৰীয়াৰ দুজনকৈ লোক। চিকিৎসাজনিত কাৰণত একেখন বাহনতে জুৰীয়াৰ পৰা ৭জনকৈ লোক শ্বিলঙলৈ যোৱা পথত সোণাপুৰৰ তেঁতেলীয়াত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত থিতাতে নিহত জুৰীয়াৰ আধাখুন্দাৰ ইমান আলী…

অসমৰ আদালতত এবছৰতে বৃদ্ধি ৪৬,৯৫১টা অপৰাধ-মূলক গোচৰ

লাখ লাখ গোচৰত ভাৰাক্ৰান্ত অসমত ব্যাপক ভাবে বৃদ্ধি পাইছে অপৰাধ প্ৰবণতা। চলিত বছৰৰ ১ ডিচেম্বৰলৈকে অসমৰ বিভিন্ন আদালতত (জিলা আৰু ইযাৰ অধীনস্থ আদালত) ৰজু হৈ থকা গোচৰৰ সংখ্যা আছিল ৪,৪৪,০০৬টা। যোৱা বছৰ উক্ত কালছোৱাত ৰজু আছিল ৩,৯৭,০৫৫টা গোচৰ।…

ভাৰত ৰক্তাক্ত-ৰ লক্ষ্য জইছ-ই-মহম্মদৰ মহিলা ব্রিগেডৰ

‘অপাৰেচন সিন্দূৰ’ৰ দ্বাৰা ভাৰতীয় সেনাই মোক্ষম আঘাত হনা ‘জইছ–ই–মহম্মদ’–এ ভাৰতৰ বিৰুদ্ধে পুনৰ কঁকাল পোনাইছে৷ সমগ্র দেশ জোকাৰি যোৱা শেহতীয়া দিল্লী বিস্ফোৰণত নাম সাঙোৰ খাই পৰা চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ মদতপুষ্ট সন্ত্রাসবাদী সংগঠনটোৱে ভাৰত…

নৰজিল বিতৰ্কিত শম্ভু সিঙৰ কথা… তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য ধ্ৰুৱ ভট্টাচাৰ্য

বিতৰ্কিত উপাচাৰ্য শম্ভুনাথ সিঙে নিযুক্তি দিয়া অস্থায়ী উপাচাৰ্যৰ পদত এইবাৰ জয়া চক্ৰৱৰ্তীৰ পৰিৱৰ্তে প্ৰফেছৰ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক বাছনি কৰিলে শিক্ষক আৰু ছাত্ৰ সমাজে৷ পূৰ্বতেও দুবাৰকৈ অস্থায়ী উপাচাৰ্যৰ পদ চম্ভালা প্ৰফেছৰ ধ্ৰুৱ কুমাৰ…

দেশজুৰি অস্থিৰতা : চতুৰ্থ দিনাও ৬০০ বিমানৰ উৰণ বাতিল Indigo-ৰ

দেশৰ আটাইতকৈ বৃহৎ বিমান সেৱা IndiGo কেইদিনমান ধৰি স্থায়ী অব্যৱস্থাৰ সন্মুখীন হৈছে। যোৱা চাৰি দিন ধৰি উৰণত বিলম্ব আৰু বাতিলৰ ঘটনাই যাত্ৰীসকলৰ ৰোষ তীব্ৰ কৰিছে। কেৱল ৫৫০ৰো অধিক উৰণ বাতিল হোৱাৰ ফলত দিল্লী, হাইদৰাবাদ, গোৱাৰ পৰা মুম্বাইলৈ…

মানসিক স্বাস্থ্য

মানৱ জীৱনৰ দিনচর্যাত আৱেগ-অনুভূতিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ যিকোনো সিদ্ধান্ত গ্রহণ আৰু বাহ্যিক পৰিস্থিতিৰ প্রতি সঁহাৰি জনোৱাৰ ক্ষেত্রত আৱেগে ক্রিয়া কৰে৷ সামাজিক আৰু ব্যক্তিগত মংগল সাধনত আৱেগৰ স্পর্শ পৰিলক্ষিত হয়৷ কোনো ব্যক্তিৰ ভাব…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ৫ ডিচেম্বৰ, আঘোণ মাহৰ ১৮ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণা প্রতিপদ, নক্ষত্র : ৰোহিণী, যাত্রা : নাই মেষ : দুই ধৰণৰ চিন্তাই আপোনাৰ কর্মত আহুকালৰ সৃষ্টি কৰিব৷ শৰীৰৰ প্রতি নজৰ ৰাখক৷ প্রিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ’ব৷ শুভ…

বিটিআৰৰ ৪.৫ লাখ মহিলালৈ অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ ঘোষণা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৪ ডিচেম্বৰত ঘোষণা কৰে যে অহা ডিচেম্বৰ ১২ তাৰিখে বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজন (BTR)ত অৰুণোদয় ৩.০ কাৰ্যসূচী আৰম্ভ হ'ব। তামুলপুৰত আয়োজিত এটা বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ…

দিল্লী পালে পুটিন, বন্ধুক আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

দুদিনীয়া ভাৰত ভ্ৰমণৰ বাবে আজি সন্ধিয়া নতুন দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। বিমান অৱতৰণৰ পূৰ্বতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰত উপস্থিত হৈ তেওঁক আদৰণি জনায়। বিমানৰ পৰা ওলাই পুটিনক…