নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণগুৰুৰ আৱিৰ্ভাৱ তিথিত কৃষ্ণগুৰু সেৱাশ্ৰম দৰ্শন সৰ্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মে' : পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ ৯০তম আৱিৰ্ভাৱ তিথি উপলক্ষে আজি নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় আৰু সমাজৰ সৰ্বাংগীণ মংগল কামনাৰে গুৰুজনাৰ প্ৰতি তেওঁ সভক্তিৰে সেৱা জনায়।…

আলোপতি বাঘমাৰাত শোৱাপাটীৰ পৰাই নিৰুদ্দেশ এটা পৰিয়ালৰ তিনি সদস্য

নিয়মীয়া বাৰ্তা, ১৫ মে' : এক আজব কাণ্ড। নিশা খাই-বৈ বিছনাত শুই থকা তিনিজনীয়া পৰিয়ালৰ তিনিওজন সদস্য পুৱাতেই নিখোজ। দক্ষিণ বৰপেটাৰ আলোপতিৰ ২নং বাঘমাৰা চৰত আজি পুৱাতেই বিয়পে এটা পৰিয়ালৰ তিনিজনকৈ সদস্য নিৰুদ্দেশৰ চাঞ্চল্য। চেঙা সমষ্টিৰ আলোপতিচৰ…

২০ মে’ৰ পৰা হায়দৰাবাদ-গুৱাহাটী-ডিব্ৰুগড় বিমান সেৱা ইণ্ডিগ’ৰ

বিশেষ বাৰ্তা, ১৫ মে' : দেশৰ ব্যক্তিগত খণ্ডৰ বিমান সেৱা ইণ্ডিগ'ই দৈনিক হায়দৰাবাদৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়লৈ পোনপটীয়া বিমান সেৱা অহা ২০ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰম্ভ কৰাৰ বিষয়ে ঘোষণা কৰিছে আৰু একেখন বিমান গুৱাহাটী হৈ পুনৰ হায়দৰাবাদলৈ…

নৱাগত শিমলীতোলাত লক্ষাধিক টকাৰ শাল-চেগুনৰ কুণ্ডা জব্দ বন বিভাগৰ

নিয়মীয়া বাৰ্তা, ১৫ মে' : গোৱালপাৰা জিলাৰ নবাগত শিমলীতোলা বজাৰ পাৰঘাটৰ জলজলী নৈৰ পানীত লুকুৱাই ৰখা কেইবা লক্ষাধিক টকা মুল্যৰ শাল, চেগুন কাঠৰ কুণ্ডা জব্দ কৰে বন বিভাগে। জিলা বন প্ৰাধিকাৰীৰ নিৰ্দেশত বনাঞ্চলিক বিষয়া ধৰ্মেন্দ্ৰ কুমাৰ দাস আৰু…

লাহৰীঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ ৪ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১৫ মে' : মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰ বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। যোৱানিশা লাহৰীঘাট আৰক্ষীয়ে অভিযান বৃহৎ পৰিমাণৰ ড্ৰাগছসহ মহিলাসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লাহৰীঘাট থানাৰ অধীনস্থ…

ওদালগুৰিৰ শুক্লাই-নালা-কালন্দী-বৰলা নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মে' : ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ শুক্লাই অঞ্চলত যোৱা কেইবছৰ ধৰি খহনীয়াই ভয়াৱহ ৰূপ লৈছে। জনপ্ৰতিনিধি খহনীয়াগ্ৰস্ত অঞ্চল চাবলৈ আহে কিন্তু আজিলৈ একো কাম নকৰিলে। কিন্তু পানেৰী সমষ্টিৰ বিধায়ক হিচাপে…

চৰাইদেউত প্ৰতিশোধ পূৰণৰ ব্ৰহ্মাস্ত্ৰ আৰ. টি. আই.

বিশেষ বাৰ্তা, ১৫ মে' : তথ্য জনাৰ অধিকাৰ আইনৰ (আৰ. টি. আই)খনক জনসাধাৰনৰ স্বাৰ্থত প্ৰযোজ্য কৰা হৈছিল যদিও চৰাইদেউ জিলাত একাংশই আইনখনক খীৰতী গাইলৈ ৰূপান্তৰ কৰা পৰিলক্ষিত হৈছে। আৰ.টি.আই কৰ্মী ৰূপে পৰিচিত ব্যক্তিসকলে দুৰ্নীতিপৰায়ণ বিষয়া…

আৰিজোনা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ ঢকুৱাখনাৰ হৈমন্ত ঈশানৰ

বিশেষ বাৰ্তা, ১৫ মে' : ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়ালে দুলীয়াগাঁৱৰ মেধাৱী হৈমন্ত ঈশানে।ঢকুৱাখনাৰ সু-সন্তান হৈমন্ত ঈশানে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ARIZONA STATE UNIVERSITY "School of Earth and Space Exploration"ৰ পৰা "ধৰিত্ৰী আৰু মহাকাশ অনুসন্ধান"…

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী-ঔষধৰ মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত নগাঁও আছুৰ বিক্ষোভ

নিয়মীয়া বাৰ্তা, ১৫ মে' : সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাই অসম চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, জীৱনদায়িনী ঔষধ, মাচুলৰ মূল্য বৃদ্ধিৰ সিদ্ধান্তক সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছে। এই সিদ্ধান্ত জনবিৰোধী আৰু হঠকাৰী। চৰকাৰখনে…

৩০ বছৰ পূর্বে মৃত্যু হোৱা কন্যাৰ বাবে দৰা বিচাৰি বিজ্ঞাপন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মে' : কোনো ৰহস্যঘন কাহিনী নহয় বাস্তৱত ভূত বা আত্মাৰ বিয়া চাবলৈ ওলাইছে কর্ণাটকৰ বেংগালুৰুৰ বাসিন্দাই ৩০ বছৰ পূর্বে মৃত্যু হৈছিল কন্যাৰ৷ মৃত সেই কন্যাৰ বিয়াৰ বাবে পাত্র বিচাৰি সংবাদ–পত্রত বিজ্ঞাপন দিছে পৰিয়ালে৷…