কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা
ছাত্র একতা সভাৰ সভাপতি পদত অসম ছাত্র পৰিষদ সমৰ্থিত প্রাৰ্থী দ্বীপশেখৰ কলিতাই জয়লাভ কৰিছে। আনহাতে উপ-সভাপতি পদত ছাত্র মুক্তি সমৰ্থিত প্ৰাৰ্থী টুজা ব্রহ্মই জয়লাভ কৰিছে। সাধাৰণ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী কীতিময় কাশ্যপে জয়লাভ কৰিছে।
কালি অনুষ্ঠিত হোৱা কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হৈছে। ২০২৫/২৬ বৰ্ষৰ ছাত্র একতা সভাৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল অনুসৰি- ছাত্র একতা সভাৰ সভাপতি পদত অসম ছাত্র পৰিষদ সমৰ্থিত প্রাৰ্থী দ্বীপশেখৰ কলিতাই জয়লাভ কৰিছে। আনহাতে উপ-সভাপতি পদত ছাত্র মুক্তি সমৰ্থিত প্ৰাৰ্থী টুজা ব্রহ্মই জয়লাভ কৰিছে। সাধাৰণ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী কীতিময় কাশ্যপে জয়লাভ কৰিছে।
সহকাৰী সাঃ সম্পাদকৰ পদত আছু সমৰ্থিত ময়ূৰী বৰুৱা, কটনিয়ানৰ সম্পাদক পদত ছাত্র পৰিষদ সমৰ্থিত এঞ্জেলীনা দাস, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত আছু সমৰ্থিত সাধনা শ্রেষ্ঠ, সাংস্কৃতিক সম্পাদক ছাত্র মুক্তি সমৰ্থিত ভায়লীনা বড়ো, সংগীত বিভাগৰ সম্পাদক পদত ছাত্র পৰিষদ সমৰ্থিত জ্ঞানদ্বীপ তামুলী আৰু সমাজসেৱা বিভাগৰ সম্পাদক পদত আছু সমৰ্থিত নিশান্ত ভৰদ্বাজে জয়লাভ কৰিছে।
এইবাৰৰ নিৰ্বাচনত মুঠ ১৬টা পদৰ বিপৰীতে ৩৪গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।
উল্লেখ্য যে ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক পদত পৱিত্ৰ বড়ো, ফুটবল আৰু হকী বিভাগৰ সম্পাদক পদত দীপ কামান আৰু লঘূ ক্ৰীড়া বিভাগৰ সম্পাদক পদত ধনজিতা ৰামচিয়াৰী ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১০ অক্টোবৰ