নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত শ্রীশ্রী শিৰদী সাই বাবা-ৰ মূল পাদুকা দর্শন উৎসৱ

বাবাৰ চৰণ পাদুকা আনিবলৈ পোৱাটো বহু সৌভাগ্যৰ কথা– ৰিণিকি ভূঞা শর্মা

পৰম কৰুণাময় শ্রীশ্রী শিৰদী সাই বাবাৰ ভক্তসকলৰ বাবে সুখবৰ৷ ভক্তপ্রাণ ৰাইজৰ বাবে কাহিলিপাৰাৰ শ্রীশ্রী শিৰদী সাই বাবা মন্দিৰৰ সহযোগত মুম্বাইত অৱস্থিত শ্রীশ্রী শিৰদী সাই বাবাৰ মূল মন্দিৰৰ পৰা অনা হৈছে মহাপুৰুষগৰাকীৰ চৰণ পাদুকা৷

মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অস্থায়ী মণ্ডপত কালি শিৰদী সাই বাবাৰ চৰণ পাদুকা ভক্তপ্রাণ ৰাইজৰ দর্শনৰ বাবে মুকলি থকাৰ লগতে আজিও পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে দর্শনার্থীৰ বাবে খোলা থাকিব৷

মুম্বাইৰ শ্রীশ্রী শিৰদী সাই বাবা মন্দিৰৰ পৰা অনা পৱিত্র চৰণ পাদুকাযোৰ বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত গ্রহণ কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই৷

তাৰ পিছতে নির্দিষ্ট নীতি–নিয়মৰ মাজেৰে পৱিত্র চৰণ পাদুকাযোৰ কাহিলিপাৰাৰ শ্রীশ্রী শিৰদী সাই বাবা মন্দিৰলৈকে অনা হয়৷ তাতেই পুৰোহিতে যাৱতীয় ধর্মীয় ৰীতি–নীতিৰে সকলো পূজা–অর্চনা সম্পূর্ণ কৰাৰ পিছত পৱিত্র পাদুকাযোৰ দর্শনার্থীসকলৰ বাবে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰলৈ অনা হয়৷

ভক্তপ্রাণ ৰাইজৰ লগতে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই ভক্তিসহকাৰে পৱিত্র পাদুকাযোৰ ধর্মীয় নীতি–নিয়মৰ মাজেৰে মূল থলীলৈ আদৰি আনে৷ পৱিত্র চৰণ পাদুকাযোৰ মঞ্চত নির্দিষ্ট নিয়মৰ মাজেৰে ৰখাৰ পিছতে আৱেগিক হৈ পৰে ভক্তপ্রাণ ৰাইজ৷

চকুত চকুপানী লৈ বহুকেইগৰাকী ভক্তই শিৰদী সাই বাবাৰ পাদুকাযোৰত ভক্তিসহকাৰে মূৰ দোঁৱায়৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই এই সন্দর্ভত কয় যে বাবাৰ চৰণ পাদুকাযোৰ আনিবলৈ পোৱাটো খুবেই সৌভাগ্যৰ কথা৷ আজি ছমাহ ধৰি চৰণ পাদুকা আনিবলৈ চেষ্টা কৰি আছিলোঁ৷ বহু নীতি–নিয়মৰ মাজেৰে আনিব লাগে৷ ২০০৯ চনত এবাৰ অনা হৈছিল৷  পুনৰ বাবাৰ পৱিত্র চৰণ পাদুকাযোৰ অনা হৈছে৷

যিসকল ভক্তই শিৰদীত যাবলৈ পৰা নাই, তেওঁলোকে ইয়াতেই বাবাৰ চৰণ পাদুকা দর্শন কৰি আশিস যাতে ল’ব পাৰে, আমি আশা কৰিছোঁ৷ কাইলৈ গুৱাহাটীতে বাবাৰ চৰণ পাদুকা থকাৰ পিছত অহা ২৬ নৱেম্বৰত আগৰতলালৈ নিয়া হ’ব৷ তাৰ পিছতে মুম্বাইৰ শ্রীশ্রী শিৰদী সাই বাবা মন্দিৰলৈ চৰণ পাদুকা লৈ যোৱা হ’ব বুলি প্রাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মাই সদৰী কৰিছে৷

উল্লেখ্য যে মহাপুৰুষগৰাকীৰ চৰণ পাদুকা অসমলৈ অনাৰ খবৰ সদৰী হোৱাৰ পিছতে বিভিন্ন প্রান্তৰ অগণন ভক্ত পাদুকা দর্শনৰ বাবে খানাপাৰাৰ খেলপথাৰৰ অস্থায়ী দর্শনস্থলীত সমৱেত হোৱা পৰিলক্ষিত হ’ল৷

ডিজিটেল ডেস্ক, ২৫ নৱেম্বৰ

You might also like