নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিঅ’নেল মেছিৰ যাদু অব্যাহত, বাইচাইকেল কিকেৰে গ’ল ৰ’নাল্ডোৰ

এজনৰ বয়স ৪০, আনজনৰ বয়স ৩৮ বছৰ৷ ক্রিষ্টিয়ানো ৰ’নাল্ডো আৰু লিঅ’নেল মেছিয়ে প্রমাণ কৰি আছে যে বয়স মাথোঁ এটা সংখ্যা৷ নিজৰ দলৰ বাবে ছন্দত দুই তাৰকা ফুটবলাৰ৷ ৪০ বছৰ বয়সতো আল নাছেৰৰ হৈ বাইচাইকেল কিকেৰে গ’ল স্ক’ৰ কৰি সকলোকে আচৰিত কৰি তুলিলে ৰ’নাল্ডোৱে৷

আনহাতে, মেজৰ ছ’কাৰ লীগত মেছিয়ে কেৱল গ’ল দিয়াই নহয়, তেওঁ সহায়ো কৰিছে৷ মেছিয়ে এককভাৱে ইণ্টাৰ মিয়ামিক ফাইনেললৈ লৈ যায়৷ ছৌদি প্র’ লীগত আল নাছেৰে আল খালিজক ৪–১ গ’লত বিধ্বস্ত কৰে৷

খেলখনৰ সামৰণি পর্যায়ত ৰাইট উইঙৰ পৰা ক্রছৰ পিছত বাইচাইকেল কিকেৰে গ’ল স্ক’ৰ কৰে ৰ’নাল্ডোৱে৷ খেলখনৰ দ্বিতীয়ার্ধৰ ইনজুৰী সময়ৰ ৬ মিনিটত ৰ’নাল্ডোৱে এই চমৎকাৰী গ’লটো স্ক’ৰ কৰে৷

খেলপথাৰত উপস্থিত থকা দর্শকসকল ৰ’নাল্ডোৰ এই চমৎকাৰী গ’লত স্তম্ভিত হৈ পৰে৷ ইয়াৰ লগে লগে ২০১৮ চনৰ চেম্পিয়নছ লীগৰ কোৱার্টাৰ ফাইনেলৰ কথা মনত পেলাই দিলে ৰ’নাল্ডোৱে৷ ৰীয়েল মাদ্রিদৰ হৈ জুভেণ্টাছৰ বিপক্ষে খেলা মেচখনত বাইচাইকেল কিকেৰে গ’ল স্ক’ৰ কৰিছিল ৰ’নাল্ডোৱে৷

সেয়া ৭ বছৰ আগৰ কথা৷ ৭ বছৰ পিছতো একেই ফিটনেছ ৰ’নাল্ডোৰ৷ ৰ’নাল্ডোৰ দৰে লি’নেল মেছিয়েও নিজৰ দলটোক আত্মবিশ্বাস দিছে৷ প্রথমবাৰৰ বাবে ইণ্টাৰ মিয়ামিয়ে ইষ্টার্ন কনফাৰেন্স অৱ মেজৰ লীগ ছ’কাৰৰ ফাইনেলত প্রৱেশ কৰিছে৷

মেছিয়ে দলটোক ফাইনেললৈ লৈ যোৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ প্লে অফৰ ছেমিফাইনেলত মিয়ামিয়ে চিনচিনাটিক ৪–০ গ’লত পৰাস্ত কৰে৷ মেচখনত মেছিয়ে এটা গ’ল স্ক’ৰ কৰাৰ লগতে দলৰ বাকী তিনিটা গ’লত তেওঁ সহায় কৰে৷ মেচখনৰ ১৯ মিনিটত মেছিয়ে দলৰ হৈ প্রথমটো গ’ল স্ক’ৰ কৰে৷

ডিজিটেল ডেস্ক, ২৫ নৱেম্বৰ

You might also like