বান্ধোনৰ এনাজৰীডাল
আর্থ–সামাজিক বিৱর্তন প্রক্রিয়াটো এটা স্তৰৰ পৰা আন এটা স্তৰলৈ গতি কৰাৰ লগে লগে সামাজিক বান্ধোন, ৰীতি–নীতি পৰিৱর্তন হোৱাটো স্বাভাৱিক৷ কিন্তু সেই পৰিৱর্তনে সমাজখন ঠুনুকা কৰিলে নিশ্চয় আমি নিজক শুধৰাব লাগিব৷ সম্প্রতি অসমীয়া সমাজ জীৱনত পূর্বৰ দৰে একতাৰ বান্ধোনৰ এনাজৰীডাল শক্তিশালী হৈ থকা নাই৷ ভিন্ন কাৰণত যৌথ পৰিয়ালৰ পৰা একক পৰিয়াল হোৱাৰে পৰা মানুহবোৰে কেৱল নিজৰ মাজতেই মগন হৈ থকা হ’ল৷ সমাজৰ কাম–কাজত অংশগ্রহণৰ সংখ্যা কমি গ’ল৷ আধুনিক সভ্যতা আৰু বিজ্ঞান–প্রযুক্তিৰ উন্নয়নৰ লগে লগে মানুহে আজৰি সময়খিনিত কেৱল ম’বাইল, টিভিত ব্যস্ত হৈ থকা হ’ল৷ মানুহৰ হাতত সময় নথকা হ’ল৷ যিমান পাৰি গৃহৰ চৌদিশে ডাঙৰ ডাঙৰ দেৱাল নির্মাণ কৰি মানুহবোৰ লোকদৃষ্টিৰ পৰা আঁতৰত থকা হ’ল৷ কেৱল নিজৰ উত্তৰণৰ দিশটোতহে মনোযোগ দিয়া হ’ল৷ বহুত ঠাইত কাষৰ পৰিয়ালটোৰ কোনো ব্যক্তি চিকিৎসাধীন হৈ থাকিলে, বিপদত পৰিলেও মানুহে মানুহক সহায় নকৰা পৰিৱেশ এটাও সৃষ্টি হৈছে৷ কেতিয়াবা কাষৰ পৰিয়ালৰ কোনোবা লোকৰ মৃত্যু হ’লেও খবৰ ল’বলৈ যাবলৈ মানুহৰ আহৰি নোহোৱা হ’ল৷ বহু সময়ত কাষৰ ঘৰখনৰ এজন ব্যক্তিৰ মৃত্যু হৈ বহুদিন ঘৰতেই গেলি যায়, তথাপি চুবুৰীয়াই গম নাপায়, তেনে বাতৰিও আমি পঢ়িবলৈ পাওঁ৷ কাষৰ পৰিয়ালৰ কথা বাদ দি যদি ঘৰখনতেই বহু ককাই–ভায়ে মিলি থাকিব নোৱাৰা হ’ল, মাক–দেউতাককো চাবলৈ, ৰাখিবলৈ ঠাই–সময় নোহোৱা হ’ল৷ বহু মানুহ সুবিধাবাদী,বস্তুবাদী হ’ল৷ নিজৰ স্বার্থ থাকিলেহে যিকোনো দিশত আগবঢ়া হ’ল৷ এইদৰে সমাজ আগবাঢ়িলে আমি কোন দিশে ধাৱমান হ’ম, এবাৰ ভাবিবৰ হ’ল৷ এখন আদর্শ সমাজ গঢ়িবলৈ হ’লে নৈতিক, আধ্যাত্মিক আৰু সামাজিক মানৰ প্রতি গুৰুত্ব দিয়াৰ লগতে শিক্ষা, সংস্কৃতি আৰু পৰিৱেশ সচেতনতা বৃদ্ধি কৰিব লাগিব৷ সমাজত ভাতৃত্ববোধ গঢ়ি উঠিব লাগিব৷ কিন্তু সেই পৰিৱেশ যেন ক্রমাৎ হেৰাই গৈছে৷ পূর্বতে অসমীয়াই ঘৰ–চোতাল সাৰিলে ৰাস্তালৈকে চাফা কৰে (আজিও বহু ঠাইত বহুতে কৰে)৷ কিন্তু সম্প্রতি আমি বহুতেই পদূলিমুখৰ নলাটোও পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰা হ’লোঁ৷ যান্ত্রিকীকৰণ আৰু নগৰীকৰণে প্রচলিত সামাজিক মূল্যবোধৰ আমূল পৰিৱর্তন আনিলে৷ এই পৰিৱর্তনে সামজিক গাঁথনিটো লাহে লাহে শিথিল কৰি পেলালে৷ লাহে লাহে মানুহৰ চৰিত্র অধঃপতনে গ’ল, মূল্যবোধৰো পৰিৱর্তন হ’ল৷
অসমীয়া সমাজত এটা প্রচলিত শব্দ হৈছে সাউৰি৷ কৃষিজীৱী সমাজত প্রচলিত এটা অতি চিনাকি নাম৷ যি নামত অন্তর্নিহিত হৈ আছে এক আৱেগ৷ সাউৰি হ’ল কৃষকে পথাৰত বা ঘৰৰ অন্য কামত অকলে নোৱাৰিলে গাঁৱৰে অন্য কেইজনমান মানুহক কাম কৰিবলৈ নিমন্ত্রণ জনায়৷ নিমন্ত্রণক্রমে গাঁৱৰ গিয়াতিসকল আহি সকলোৱে সমূহীয়াকৈ কামটো কৰি দিয়ে৷ বিশেষকৈ ন–ৰুবলৈ, হাল বাবলৈ, কঠীয়া পাৰিবলৈ, ধান কাটিবলৈ নিমন্ত্রণ জনায়৷ কেৱল কৃষি কামতেই নহয়, ঘৰৰ চাল ছোৱা, চোতাল ঘৰৰ ভেটিত মাটি তোলাৰ বাবেও সাঁউৰি মতা হয়৷ এই সাউৰিয়ে কৃষিজীৱী লোকৰ মাজত একতা বৃদ্ধি কৰিছিল৷ গাঁৱৰ মানুহবোৰৰ মাজত মিলা–প্রীতি, ভাতৃত্ববোধৰ ভাব মনত জগাই তুলিছিল৷ কিন্তু আধুনিক সমাজত সেই পৰম্পৰা ক্রমাৎ নোহোৱা হ’ল৷ মানুহে প্রযুক্তি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ নিজৰ খেতিডৰা কিদৰে সোনকালে সম্পন্ন কৰিব পাৰি তালৈহে মন দিয়া হ’ল৷ ট্ৰেক্টৰ ব্যৱহাৰ কৰিব নোৱাৰা কৃষকে খৰখেদাকৈ নিজৰ মাটিলৈ যোৱা পথ বন্ধ হোৱাৰ ভয়ত আগতীয়াকৈ সকলো কাম সোনকালে কৰিবলগীয়া হ’ল৷ ৰু’বলৈ, ধান কাটিবলৈ হাজিৰা লগাবলগীয়া পৰিৱেশ সৃষ্টি হ’ল৷ ঠায়ে ঠায়ে সাউৰি মতা পৰম্পৰা আছে যদিও সংখ্যাত একেবাৰেই তাকৰ৷ মুঠতে এতিয়া আনলৈ চোৱা, আনক লৈ ভবা সময় অধিকাংশ মানুহৰ নোহোৱা হ’ল৷ মানুহ বহুক্ষেত্রত স্বার্থপৰ হ’ল, আত্মকেন্দ্রিক হ’ল৷ মানুহে পুৰণিকালৰে পৰা চলি অহা ৰীতি–নীতি, কর্মপদ্ধতি সলনি কৰিবই লাগিব, কিন্তু সমাজৰ যি একতা সেইখিনি বিনষ্ট নোহোৱাকৈ কিদৰে নিজক আগুৱাই নিব পাৰি তাৰ প্রয়াস আজীৱন চলাব লাগিব৷ সমাজৰ ক্ষুদ্রতা, দুর্বলতা, দুখ–বিষাদক নিৰীক্ষণ কৰি সেইবোৰ হ্রাস কৰিবলৈ প্রয়াস কৰিব লাগিব৷ সমাজৰ নিম্ন শ্রেণীৰ মানুহৰ জীৱনৰ মান উন্নত কৰিবলৈও সবলসকলে প্রয়াস কৰিব লাগিব৷ কিন্তু তাকেই নকৰি আনক মাৰি খোৱা চিন্তাৰে আগুৱাব বিচাৰিলে সমাজৰ বান্ধোনৰ জৰীডাল কেতিয়াও শক্তিশালী নহয়৷ সময় সলনি হ’ল, সময়ৰ লগে লগে সহায় কৰা পদ্ধতিও সলনি হ’ব, কিন্তু যিকোনো মূল্যৰ বিনিময়ত সমাজৰ বান্ধোনৰ এনাজৰীডাল শক্তিশালী কৰি ৰাখিব লাগিব৷