নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপহাস

মানৱাধিকাৰ৷ ই এটা মাথোঁ শব্দ হৈ থকা নাই৷ মানৱ সভ্যতাৰেই পৰিভাষা স্বৰূপ হৈ পৰিছে৷ সৰল অর্থত ক’বলৈ হ’লে, মানৱাধিকাৰক াদ দি মানৱ সভ্যতা অর্থহীন৷ ইয়াৰ পৰিধিও াপক৷ ইয়াক এটা নির্দিষ্ট ভূ–খণ্ডৰ সীমিত ভৌগোলিক পৰিধিৰ মাজত মানৱাধিকাৰৰ বিষয়টোক সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি৷ গতিকে মানৱাধিকাৰৰ ৰক্ষণাবেক্ষণ, উলংঘন ৰোধৰ বাবে আন্তঃৰাষ্ট্রীয় পর্যায়ত তদাৰক তথা প্রয়োজনীয় কার্যপন্থা আৰু ব্যৱস্থা, নীতি–পৰিকল্পনা যুগুত কৰাৰ বাবে সংস্থা, মঞ্চ আদিৰ দৰকাৰ৷ তেনে এখন মঞ্চ হৈছে ৰাষ্ট্রসংঘৰ মানৱাধিকাৰ পৰিষদ৷ পৰিষদখনে মানৱাধিকাৰৰ ক্ষেত্রত বিশ্বৰ প্রান্তে প্রান্তে হৈ থকা ঘটনাৱলীৰ পর্যেবক্ষণ, পর্যালোচনা সদস্য ৰাষ্ট্রৰ জৰিয়তে প্রয়োজনীয় কাম–কাজ কৰি আহিছে৷ কিন্তু পৰিষদখনত যদি কোনো মানৱাধিকাৰৰ ৈবৰী ৰাষ্ট্র সদস্য হৈ থাকে া সদস্য পদ লাভ কৰে, তেতিয়া মানৱাধিকাৰ নামৰ শব্দটো উপহাসত পৰিণত হয়৷ শেহতীয়াকৈ তেনেকুৱা ঘটনায়েই ঘটিছে৷ যোৱা ১৩ অক্টোবৰত মানৱাধিকাৰ পৰিষদৰ ১৫টা সদস্য পদৰ বাবে অনুষ্ঠিত র্ন্বিাচনত চীন আৰু পাকিস্তান পৰিষদখনলৈ পুনৰ্বাৰ র্ন্বিাচিত হয়৷ অহা পহিলা জানুৱাৰীৰ পৰা দেশ দুখনৰ কার্যকাল আৰম্ভ হ’৷ দুয়োখন ৰাষ্ট্রই র্ন্বিাচনী প্রক্রিয়া অর্থাৎ ভোটৰ জৰিয়তে পৰিষদৰ সদস্য পদ লাভ কৰিছে৷ এতিয়া দুয়োখন দেশে বিশ্বৰ বিভিন্ন ঠাইত সংঘটিত মানৱাধিকাৰৰ উলংঘন সন্দর্ভত বিভিন্ন ৰাষ্ট্রক জ্বাবদিহি কৰ্বি৷ ইয়াতকৈ উপহাস আৰু কি হ’ব পাৰে
প্রথমে চীনৰ কথালৈ অহা যাওক৷ বামপন্থীৰ শাসনত থকা ৰাষ্ট্রখনত যুগ যুগ ধৰি মানৱাধিকাৰ শাসক পক্ষৰ ইচ্ছা–নিচ্ছাৰ বিষয় হৈ আহিছে৷ উইঘুৰ মুছলমানৰ ক্ষেত্রত ৰাষ্ট্রখনৰ স্থিতি ইমানেই ধিক্কাৰজনকভাৱে কঠোৰ, জনস্বার্থবিৰোধী যে তাত সংখ্যালঘু মুছলমানৰ জীৱন কেতিয়াবাই নৰকত পৰিণত হৈছে৷ উপাসনাৰ অধিকাৰ, নিজৰ গোষ্ঠীগত ৈবশিষ্ট্য তথা খাদ্যাভ্যাস আদি একোতে কাৰো অধিকাৰ নাই৷ হাজাৰ উপাসনাৰ থলী ভাঙি ধবংসস্তূপত পৰিণত কৰা হৈছে৷ লাখ লাখ লোকক ন্দী জীৱন কটাবলৈ াধ্য কৰোৱা হৈছে৷ মানৱাধিকাৰৰ বর্ণনীয় দুৰৱস্থা৷ একেই অৱস্থা হংকঙৰ পৰিৱর্তনকামী জনতাৰ৷ ৰাজপথৰ আন্দোলন কিমান নির্দয় আৰু নিষ্ঠুৰভাৱে দমন কৰ্বি পাৰি, তাৰেই যেন প্রতিযোগিতাত নামিছে েবইজিং৷ ফলত মানৱতাৰ ধ্যভূমি হৈ পৰিছে হংকং৷ দেশখনত এনেধৰণৰ মানৱাধিকাৰ উলংঘনৰ নজিৰ অনেক৷ সমাগত ষটোৰ পৰা তিনি ছৰলৈ এইখন দেশ বিশ্বত মানৱাধিকাৰ সুৰক্ষাৰ প্র্বক্তা তথা সেনানী হৈ থাক্বি৷ দেশখনৰ লগতে থাক্বি মানৱাধিকাৰ পৰিষদত এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা ভোটযুদ্ধত জিকি প্রতিনিধিত্ব কৰ্বিলৈ সুযোগ পোৱা, নিজৰ ভূমিত মানৱাধিকাৰৰ সামান্যতমো অস্তিত্ব নথকা পাকিস্তানে পুনৰ মানৱাধিকাৰক লৈ বিভিন্ন দেশক প্রশ্ণ কৰিব৷ বেলুচিস্তানত হাজাৰ হাজাৰ প্রত্বিাদকাৰীক গিলি থোৱা ৰাষ্ট্রখনে আনকি বিদ্রোহীৰ বিৰুদ্ধে ৰাসায়নিক অস্ত্র প্রয়োগ কৰে৷ ৰাসায়নিক অস্ত্রৰ আঘাতত বেলুচিস্তানৰ সাধাৰণ নাগৰিকে দুর্দশাগ্রস্ত জীৱন কটাবলগীয়া হৈছে৷ আকাশ মার্গৰ পৰা েবামাবর্ষণ কৰি সমগ্র েবলুচিস্তানৰ জনসাধাৰণৰ জীৱন নৰকতকৈও অধিক নিকৃষ্ট কৰি তুলিছে৷ দেশখনত প্রতিদিনে হিন্দু, খ্রীষ্টান যুৱতীক অপহৰণ, হত্যা, ধর্মান্তৰকৰণ, ধর্ষণ আদি সংঘটিত হয়৷ পাকিস্তানৰ এনে এটা অঞ্চল নাই, য’ত মানৱাধিকাৰৰ বাবে অকণমান শান্তিৰ ঠাই আছে৷ েবলুচিস্তান, সিন্ধ প্রদেশৰ পৰা গিলগিট–বাল্টিস্তানল্ সমগ্র দেশখনৰ মানৱাধিকাৰৰ কবৰস্থানহে৷ কিছু পৰিমাণে পঞ্জাব প্রদেশৰ লোকে শান্তিত থাকিবলৈ সক্ষম হৈছে৷ এই দুখন দেশক যিসকলে ভোট দি জয়যুক্ত কৰিছে, তেওঁলোকৰ বিচাৰবোধ, বিবেক–বুদ্ধিক লৈ এতিয়া প্রশ্ণচিহ্ণৰ উদ্ভৱ হৈছে৷ আমেৰিকাৰ বৈদেশিক মন্ত্রী মাক পম্পি’ৱে মঙলবাৰৰ দিনটোক ক’লা দিন হিচাপে অভিহিত কৰিছে৷ তেওঁ চীনৰ লগতে ৰাছিয়াৰ সদস্যপ্রাপ্তিকো উদ্বেগজনক লি আখ্যা দিছে৷ ৰাষ্ট্রসংঘত যদি এনে ধৰণৰ মানৱাধিকাৰৰ শত্রুৱে স্থান লাভ কৰ্বিলৈ সক্ষম হয়, মানৱাধিকাৰৰ প্রতি মানুহৰ বিশ্বাস নাইকিয়া হৈ যাব পাৰে৷

You might also like