নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত আজি কে কে আৰ

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ সাতখন মেচৰ পাঁচখনতে জয় সাব্যস্ত কৰি শক্তিৰ পৰিচয় দিয়া ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে আজি কলকাতা নাইট ৰাইডার্ছৰ মুখামুখি হ’ব৷ ৰোহিত শর্মা, কুইণ্টন ডি কক, সূর্য কুমাৰ যাদৱ আৰু ঈশান কিষণৰ সুন্দৰ ফর্মে এই মুহূর্তত মুম্বাই ইণ্ডিয়ানছক আত্মবিশ্বাসী কৰি ৰখাৰ বিপৰীতে কলকাতা নাইট ৰাইডার্ছে মিডল অর্ডাৰত সুস্থিৰতা অনাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ উদীয়মান বেটছমেন শুভমন গীলে প্রত্যাশিত বেটিঙেৰে কলকাতাক সকাহ দিছে যদিও নীতিশ ৰাণা, ইয়ন মৰগান আৰু অধিনায়ক দীনেশ কার্তিকে প্রদর্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পৰা নাই৷

ইফালে, সন্দেহজনক বলিং একচনৰ অভিযোগ উঠা সুনীল নাৰিনক লৈ অনিশ্চয়তা এতিয়াও অব্যাহত আছে৷ তেওঁৰ অনুপস্থিতিত আজি লেগ স্পীনাৰ কুলদীপ যাদৱে মূল একাদশত সুযোগ পোৱাৰ সম্ভাৱনা আছে৷ আনহাতে যশপ্রীত বুমৰাহ, ট্রেণ্ট বল্ট আৰু জেমছ পেটিনছনৰ দৰে তাৰকা বেগী বলাৰেৰে সমৃদ্ধ মুম্বাই ইণ্ডিয়ানছে ইয়ন মৰগান, আন্দ্রে ৰাছেলৰ দৰে বেটছমেনক বান্ধি ৰাখিবলৈ সাজু হৈ উঠিছে৷
খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷

You might also like