নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সাহিত্যৰ মহত্ত্ব

সাম্প্রতিক কালৰ ডিজিটেল যুগত সাহিত্যৰ মহত্ত্ব অধিক উজ্জ্বল হৈ উঠিছে৷ কিয়নো সাহিত্যই অনুভৱৰ গভীৰতা প্রদান কৰে আৰু চিন্তাৰ জোৱাৰে আমাক প্রকৃত মানৱীয় মর্যাদাসম্পন্ন ৰূপে গঢ়ি তোলে৷

অসমীয়া সাহিত্যৰ ঐতিহ্য অতি সমৃদ্ধ আৰু গৌৰৱময়৷ মহাপুৰুষ শংকৰদেৱৰ সময়ৰ বৈষ্ণৱ যুগৰ পৰা জোনাকী যুগৰ চেতনাৰ জাগৰণলৈ, ৰামধেনু যুগৰ আধুনিকতাৰ স্পর্শলৈকে অসমীয়া সাহিত্যই জাতিৰ আত্মপৰিচয়ক অনন্য পৰিচয় প্রদান কৰি আহিছে৷

হোমেন বৰগোহাঞি, মামণি ৰয়ছম গোস্বামী, অৰূপা পটংগীয়া কলিতাৰ দৰে অগ্রগণ্য সাহিত্যিকসকলে সমাজৰ অন্ধকাৰ দিশবোৰ উন্মোচন কৰি আমাক নতুন দৃষ্টিভংগী আৰু গভীৰ অন্তর্দৃষ্টি প্রদান কৰিছে৷

সমকালীন অসমীয়া সাহিত্যই সর্বভাৰতীয় মঞ্চত স্বকীয় স্থান সুদৃঢ় কৰিছে য’ত অনুবাদ সাহিত্য আৰু নৱপ্রজন্মৰ সৃষ্টিশীল লেখকসকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ কিন্তু সাম্প্রতিক যুৱপ্রজন্মৰ বৃহৎসংখ্যকেই চুটি ভিডিঅ’, ৰীল আৰু তাৎক্ষণিক সুখত নিমজ্জিত৷ ফলত গভীৰ আৰু চিন্তনশীল পঠনৰ অভ্যাস ক্রমশঃ হ্রাস পাই আহিছে৷

সমাজত সহানুভূতি, চিন্তাশীলতা আৰু নৈতিক মূল্যবোধৰ অৱক্ষয় স্পষ্টভাৱে পৰিলক্ষিত হৈছে৷ সাহিত্য এই অৱক্ষয়ৰ বিৰুদ্ধে মোক্ষম অস্ত্র৷ ই আমাক শিক্ষা দিয়ে যে জীৱন কেৱল সফলতাৰ দৌৰ নহয়, বৰঞ্চ ই অনুভৱ, সংঘাত, সংগ্রাম আৰু চিৰন্তন বিজয়ৰ মহান যাত্রা৷

অসমৰ বৈচিত্র্যময় সংস্কৃতি, ভাষা আৰু ঐতিহ্যক সাহিত্যই চিৰকালৰ বাবে ৰক্ষা কৰি আহিছে৷ এটা জাতিৰ আত্মাক উপলব্ধি কৰিবলৈ জাতিটোৰ সাহিত্য অধ্যয়ন কৰিব লাগে৷ অসমৰ ক্ষেত্রত এই কথা শিলালিপিৰ দৰেই সত্য৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যিদিনা বৰগীত আৰু অংকীয়া নাটেৰে নৱবৈষৱ ধর্মৰ লগতে নতুন নান্দনিক চেতনাৰ বীজ ৰোপণ কৰিছিল, সেইদিনাই অসমীয়া সাহিত্যই ভক্তিৰ লগতে মানৱতাৰ ভাষাও বিচাৰি পাইছিল৷

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ই সমাজৰ ভণ্ডামিক ব্যংগৰ চাবুকেৰে কোবাইছিল৷ জ্যোতিপ্রসাদ আগৰৱালাই ‘ৰূপালীম’ৰ জৰিয়তে শিল্প–সংস্কৃতিক জনতাৰ মাজলৈ লৈ গৈছিল৷

বিষ্ণুপ্রসাদ ৰাভাই ‘অসমীয়া ডেকাৰ উক্তি’ৰে যুৱচামক জগাই তুলিছিল৷ স্বৰাজোত্তৰ কালত ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসে স্বাধীনতা আন্দোলনৰ ৰক্তাক্ত ইতিহাসক মহাকাব্যিক ৰূপ দিলে৷ চৈয়দ আব্দুল মালিকৰ ‘অঘৰী আত্মাৰ কাহিনী’য়ে মানুহৰ চিৰন্তন নিঃসংগতাক ভাষা দিলে৷

ড০ ভবেন্দ্র নাথ শইকীয়াই ‘অন্তৰীপ’ত নাৰীৰ সূক্ষ্মতম অনুভূতিৰ নিখুঁত চিত্রণ কৰিলে৷ মামণি ৰয়ছম গোস্বামীয়ে ‘মামৰে ধৰা তৰোৱাল’ আৰু ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ৰে সমাজৰ অন্ধকাৰ দিশ উপস্থাপন কৰিলে৷

হোমেন বৰগোহাঞিৰ ‘অস্তৰাগ’, ‘পিতা–পুত্র’, ‘সাউদৰ পুতেকে নাও মেলি যায়’ উপন্যাসে অস্তিত্বৰ সংকটক দর্শনৰ স্তৰলৈ নিলে৷ কিন্তু আজিৰ ডিজিটেল কোলাহলত থিয় হৈ আমি সুধিবলগীয়া হৈছে– এই পৰম্পৰাৰ ধাৰা আগবাঢ়িছেনে?

ৰিল্ছৰ ১৫ ছেকেণ্ডত যেতিয়া গোটেই পৃথিৱীখন ধৰি ৰাখিব পাৰি, তেতিয়া বৃহৎ কলেৱৰৰ উপন্যাস পঢ়াৰ ধৈর্য ক’ত? সাহিত্যৰ কোনো সীমা নাই৷ আমাৰ বহু সাহিত্য–কর্ম এতিয়াও গ্রাম্য পৰিৱেশ, ধাননি, বিহু, নামঘৰৰ গণ্ডীতে বন্দী৷ এইবোৰ আমাৰ শিপা, কিন্তু নিঃসংগতা, জলবায়ু পৰিৱর্তনৰ উদ্বেগ, কৃত্রিম বুদ্ধিমত্তাই চাকৰি খোৱাৰ ভয়, মহানগৰৰ ফ্লেটৰ বাসিন্দাৰ নির্জনতাৰে যুঁজ, ব্রহ্মপুত্রৰ খহনীয়া, চাহ বাগিচাৰ সংকট, প্লাষ্টিক প্রদূষণ –এইবোৰক লৈ আমি কেতিয়া উপন্যাস লিখিম?

সাহিত্যই কেৱল মানুহৰ প্রেমেই নহয়, নদী–পাহাৰ–গছৰ প্রতিও প্রেমৰ কথা ক’ব লাগিব৷ ল’ৰা–ছোৱালীয়ে কিতাপ নপঢ়ে বুলি অভিযোগ কৰি হাত সাবটি বহি থাকিলে হ’ব জানো? ঘৰত যেতিয়া কিতাপৰ দ’ম এটা নাথাকে, স্কুলত যেতিয়া সাহিত্য মানে কেৱল নম্বৰ, তেতিয়া পঢ়ুৱৈ ক’ৰ পৰা ওলাব? প্রতিখন গাঁৱত এটা জীৱন্ত পুথিভঁৰাল লাগে৷

য়েছে দৰজে ঠংচিৰ দৰে লেখকে যেনেকৈ অৰুণাচলৰ লোকজীৱনক লৈ সৃষ্টি কৰা সাহিত্যৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিলে, তেনেকৈ নতুন লেখকে নতুন জীৱনক আদৰিব লাগিব৷ সুধাকণ্ঠই গাইছিল– ‘মানুহে মানুহৰ বাবে…’৷

সাহিত্যই সেই মানুহ গঢ়াৰ কাৰখানা৷ নীলমণি ফুকনৰ কবিতাৰ অনুপম সৌন্দর্যই হওক বা হীৰেন ভট্টাচার্যৰ তীব্র সংবেদনশীল প্রেমৰ কবিতাই হওক, সাহিত্যই আমাক বাৰে বাৰে উদ্বুব্ধ কৰি তোলে৷

ম’বাইলৰ নীলা পোহৰত ক্লান্ত প্রজন্মক কিতাপৰ সুবাসৰ মাজলৈ ঘূৰাই অনাটো আজিৰ জগতৰ বাবে বৃহৎ প্রত্যাহ্বান৷ যি জাতিয়ে সাহিত্য হেৰুৱায়, সেই জাতিয়ে নিজৰ আত্মাক হেৰুৱায় আৰু আত্মাহীন জাতিৰ ভৱিষ্যৎ নাথাকে৷

You might also like