চৰকাৰৰ এশ দিন
এখন নতুন চৰকাৰৰ কাম–কাজৰ বিশ্লেষণ আৰু তাৰে আধাৰত চৰকাৰখনৰ সাফল্য বা বিফলতা বিচাৰ কৰাৰ বাবে এশ দিন যথেষ্ট কম সময়৷ এই সময়ছোৱাত যিকোনো দলৰে চৰকাৰ এখনৰ মন্ত্রী–বিধায়ক উৎসাহ–উদ্দীপনাৰ এভাৰেষ্টত থাকে৷ লাহে লাহে তেওঁলোকৰ আচল চৰিত্র, অভিপ্রায় আদি জনসাধাৰণৰ দৃষ্টিত উন্মোচিত হ’বলৈ ধৰে৷ জনসাধাৰণৰ তুলাচনীত ভাল–বেয়া, সক্রিয়–নিষ্ক্রিয় আদি ভাগে ভাগে ধৰা পৰে৷ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্রজোঁট চৰকাৰখনৰ এশদিনীয়া কাম–কাজলৈ লক্ষ্য কৰিলে দেখা যায় চৰকাৰখনে আচল কর্মক্ষেত্রখনলৈ গৈ কাম কৰাৰ সুযোগ আৰু সুবিধা দুয়োটাই পোৱা নাই৷ সেয়ে কামবোৰ সিদ্ধান্তৰ মাজতে সীমাবদ্ধ হৈ আছে বুলি ক’ব পাৰি৷ ইয়াৰ কাৰণ হৈছে ক’ভিডৰ দ্বিতীয় ঢ়ৌ৷ চৰকাৰখনে কার্যভাৰ হাতত লওঁতেই এটা দৈত্যৰ দৰে আহি উপস্থিত হয় ভাইৰাছটোৰ দ্বিতীয় আক্রমণ৷ ইয়াৰ পৰা জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰখনে কঠোৰ কঠোৰ পদক্ষেপ গ্রহণ কৰিবলগীয়া হয়৷ আনুষ্ঠানিক লকডাউন ঘোষণা নহ’লেও অসমত ক’ভিড প্রতিৰোধী যুঁজখন ইয়াতকৈ বৰ বিশেষ কম কঠোৰ নাছিল৷ সান্ধ্য আইন, আন্তঃজিলা যাতায়াত বন্ধকে ধৰি চৰকাৰখনে বহু কঠিন ব্যৱস্থা হাতত ল’বলগীয়া হয়৷ ইয়াৰ ফলত বেহা–বেপাৰ, ঔদ্যোগিক ক্ষেত্রৰ উৎপাদন, যাতায়াত ব্যৱস্থা সকলো স্থবিৰপ্রায় হৈ পৰে৷ ধৰাতলত উন্নয়নমূলক কাম–কাজৰ সুযোগ বন্ধ হৈ পৰে৷ চৰকাৰৰ ৰাজহ সংগ্রহৰ পথ সংকুচিত হৈ পৰে৷ এনে অৱস্থাত চৰকাৰ এখনে বিচাৰিলেও ধৰাতলত বহু কাম কৰিব নোৱৰা হয়৷ অৱশ্যে এনে প্রতিকূল সময়ৰ মাজতো চৰকাৰখনে হাত সাবটি বহি নাথাকি বহুখিনি কাম কৰিবলৈ সক্ষম হোৱা বুলি ক’ব পাৰি৷ স্বাস্থ্য খণ্ড ইয়াৰ উকৃষ্ট উদাহৰণ৷ ক’ভিডৰ বিৰুদ্ধে যুঁজ দি থাকোঁতে থাকোঁতে স্বাস্থ্য খণ্ডটোৱে অসমক ভৱিষ্যতৰ দিনৰ বাবে বহু সম্পদৰ সৃষ্টি কৰি দিলে৷ সীমিত সময় আৰু সীমিত সুবিধাৰে এশ দিন পাৰ কৰা চৰকাৰখনে এই নাতিদীর্ঘ সময়ছোৱাত অসমৰ ভৱিষ্যৎ জীৱনত প্রভাৱ পেলোৱাকৈ কেইটামান বিশেষ কাম কৰিলে৷ তাৰে প্রথমটো হৈছে ড্রাগছকে ধৰি নিচাজাতীয় সামগ্রীৰ বিৰুদ্ধে সর্বাত্মক অভিযান৷ ভাৰতবর্ষৰ আন ৰাজ্যত ড্রাগছ–নিচাজাতীয় দ্রব্যৰ বিৰুদ্ধে এনে সুসংগঠিত আৰু বিশাল পৰিসৰৰ অভিযান চলাৰ নজিৰ পাবলৈ টান৷ মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত অদ্যাপি অব্যাহত যুদ্ধখনে অসমৰ অনাগত দিনবোৰ সুন্দৰ কৰাত যথেষ্টখিনি সহায় কৰিব৷
ড০ হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে গো–সুৰক্ষা বিধেয়কৰ জৰিয়তে এটা ডাঙৰ কাম কৰিলে৷ বিধানসভাত বিধেয়কখন ইতিমধ্যে গৃহীত হৈছে৷ অসমৰ তুলনাত দেশৰ আন অংশতহে ইয়াৰ চর্চা অধিক হোৱা দেখা গৈছে৷ তথাপি ক’ব পাৰি বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত যেতিয়া কার্যকৰী হ’ব, অসমৰ সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক জীৱনত ইয়াৰ প্রভাৱ পৰিলক্ষিত হ’ব৷ এই দুটা কামৰ বিপৰীতে সিদ্ধান্তৰ দিশৰ পৰা আন কেইবাটাও উল্লেখযোগ্য কাম এই সময়ছোৱাত হৈছে৷ প্রশাসনিক সংস্কাৰৰ ক্ষেত্রত সাধাৰণ প্রশাসন বিভাগক সচিবালয় প্রশাসনৰ সৈতে লগ লগাই সাধাৰণ প্রশাসন বিভাগ গঠন কৰা হৈছে৷ নগৰ উন্নয়নৰ সৈতে গুৱাহাটী উন্নয়ন বিভাগক সংলগ্ণ কৰি গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগ গঠন কৰা হৈছে৷ তদুপৰি আন আন কেতবোৰ দিশতো কিছুমান কাম আৰম্ভ হৈছে৷ এক লাখক চৰকাৰী চাকৰিত নিযুক্তি প্রদানৰ শুভাৰম্ভ হৈছে৷ সকলো প্রাথমিক বিদ্যালয় আৰু অংগনৱাডী কেন্দ্রত বিদ্যুৎ সংযোগৰ বাবে ১৬৯.৪৯ কোটি টকাৰে সোণালী শৈশৱ বিকশিত অসম আঁচনি গ্রহণ কৰা হৈছে৷ কর্মচাৰী দিৱস, দেশভক্ত দিৱস পালন চৰকাৰখনৰ সুচিন্তাৰ ফচল৷ ৰায়মনা আৰু দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্রীয় উদ্যান ঘোষণা কৰিও চৰকাৰে জনসাধাৰণৰ সাধুবাদ লাভ কৰিছে৷ কিন্তু এশদিনীয়া কার্যকালত ক’ভিডৰ পিছতে ৰাজ্য চৰকাৰখনত যিটো সমস্যাই সংকটত পেলাইছিল, সেয়া হ’ল সীমা সমস্যা৷ মিজোৰাম সীমান্ত অশান্ত হৈ উঠিল৷ যুঁজখন কোনো শত্রুৰাষ্ট্রৰ বিৰুদ্ধে নাছিল৷ অসম চৰকাৰে বিবেক আৰু যুক্তিৰ হাতত ধৰি যাবলগীয়া হ’ল৷ মেঘালয়ৰ সৈতে সীমাবিবাদৰ সমাধানে নতুন গতি লাভ কৰিলে৷ নাগালেণ্ড আৰু অৰুণাচলৰ সৈতে বিবাদৰ মীমাংসাৰ দিশটো সদ্যহতে বৰ বিশেষ আগবঢ়া নাই৷ আদালতৰ বিচাৰাধীন হৈ থকা হেতু ই তেনেকৈয়ে আছে৷ সীমা বিবাদৰ মোকাবিলাত ৰাজ্য চৰকাৰখনে জনসাধাৰণৰ সমর্থন লাভ কৰিছে৷ এইটো বৃহৎ সাফল্য৷ নতুন চৰকাৰখনে জনসাধাৰণৰ প্রত্যাশা পূৰণত সফল হয়নে নহয়, সেইখিনিৰ বাবে দিছপুৰক আৰু অধিক সময় দিব লাগিব৷