শব্দ প্রদূষণ
মানৱসৃষ্ট কাৰকৰ বাবে পৃথিৱীখন প্রদূষিত হৈ পৰিছে৷ আমি বাস কৰা গ্রহটো প্রদূষণৰ বাবে বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ প্রদূষণৰ ভিতৰত শব্দ প্রদূষণ ব্যাপক চর্চিত নহয় যদিও এই শব্দ প্রদূষণ মানৱ স্বাস্থ্যৰ বাবে হানিকাৰক৷ আন প্রদূষণৰ লেখীয়াই শব্দ প্রদূষণেও মানৱ জাতিৰ বাবে বিপজ্জনক বার্তা কঢ়িয়াই আছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে শব্দৰ প্রাবল্য ৬৫ ডেচিবেলতকৈ অধিক হ’লেই ইয়াক শব্দ প্রদূষণ বুলি ধৰা হয়৷ অর্থাৎ সকলো শব্দই প্রদূষণৰ সৃষ্টি নকৰে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে শব্দৰ প্রাবল্য ৭৫ ডেচিবেলতকৈ অধিক হ’লেই ই মানৱ স্বাস্থ্যৰ বাবে হানিকাৰক হৈ পৰে৷ আনপিনে শব্দৰ প্রাবল্য ১২০ ডেচিবেলতকৈ অধিক হ’লে ই পীড়াদায়ক হৈ পৰে৷ সম্প্রতি বিশ্বত শব্দ প্রদূষণে মানৱ স্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই অনা বুলি জার্নেল অৱ আমেৰিকান কলেজ অৱ কার্ডিঅ’লজীত প্রকাশিত এক গৱেষণামূলক প্রবন্ধত স্পষ্ট হৈ পৰিছে৷ শব্দ প্রদূষণে মানুহৰ চাপৰ পর্যায় বৃদ্ধি কৰে৷ ভাৰতত শেহতীয়াকৈ শব্দ প্রদূষণ বৃদ্ধি হৈছে৷ এক সমীক্ষা মতে ভাৰতৰ বিভিন্ন চহৰত বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত শব্দৰ প্রাবল্যতকৈ ৫০ শতাংশ অধিক হৈ আছে৷ অর্থাৎ দেশখনৰ অধিকাংশ চহৰতেই শব্দৰ প্রাবল্য ৬৫ ডেচিবেলতকৈ অধিক৷ শব্দ প্রদূষণৰ প্রধান কাৰক হিচাপে যান–বাহনৰ শব্দকেই ধৰা হয়৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে যান–বাহনৰ সংখ্যা বৃদ্ধি হৈ আহিছে৷ অর্থাৎ যাতায়াতৰ বাবে যান–বাহনৰ চাহিদা বৃদ্ধি পাইছে৷ এনে কাৰণতে যান–বাহনৰ সংখ্যা বৃদ্ধি পোৱাত পথসমূহত যান–জঁট বৃদ্ধি পাইছে৷ এই যান–জঁটৰ সময়ত শব্দৰ প্রাবল্য বৃদ্ধি হৈ শব্দ প্রদূষণৰ সৃষ্টি হয়৷ গাঁৱলীয়া অঞ্চলতকৈ চহৰাঞ্চলত শব্দ প্রদূষণৰ মাত্রা অধিক৷ কিয়নো গ্রামাঞ্চলৰ তুলনাত শব্দৰ মাত্রা চহৰাঞ্চলত বেছি৷ মন কৰিবলগীয়া যে যান–বাহনৰ শব্দ আৰু হর্নৰ শব্দৰ প্রাবল্য নিম্নগামী কৰাৰ বাবে যান–বাহনসমূহত পূর্বতকৈ মধুৰ শব্দৰ হর্ন ব্যৱহাৰ কৰা হৈছে৷ কর্কশ শব্দৰ হর্নে নাগৰিকৰ কাণৰ ক্ষতিসাধন কৰাৰ সমান্তৰালকৈ স্বাস্থ্যৰ ক্ষেত্রতো হানিকাৰক কৰি তোলে৷ শব্দ প্রদূষণৰ ফলত মানৱ স্বাস্থ্যত হোৱা আঘাতৰ ভিতৰত অনেক আছে৷ শব্দ প্রদূষণৰ বাবে কোনো লোকে কাণৰ ৰোগত ভুগিব পাৰে৷ শ্রৱণ শক্তি হেৰুৱাব পাৰে৷ শব্দৰ প্রদূষণ যিমানেই বেছি হ’ব, সিমানেই শ্রৱণ শক্তি হেৰুওৱাৰ সম্ভাৱনাও বৃদ্ধি পাই আহে৷ ইয়াৰ উপৰি বিভিন্ন অধ্যয়নত লাভ কৰা তথ্য অনুসৰি শব্দ প্রদূষণে মানৱ শৰীৰৰ স্বয়ংক্রিয় স্নায়ু ব্যৱস্থাৰ ওপৰত চাপৰ সৃষ্টি কৰে আৰু ইয়ে স্নায়ু ব্যৱস্থাটোৰ ক্ষতি কৰিব পাৰে৷ স্নায়ু ব্যৱস্থাৰ ওপৰত প্রভাৱ পৰাৰ বাবে মানুহৰ ৰক্তচাপ, উশাহ–নিশাহ, হূদযন্ত্রৰ স্পন্দন আৰু হজম শক্তিৰ ওপৰতো নেতিবাচক প্রভাৱ পৰে৷ উচ্চ শব্দ প্রাবল্যই মানুহৰ চাপ সৃষ্টি কৰাত অৰিহণা যোগায়৷ শব্দৰ প্রাবল্য অধিক হোৱাৰ ফলত সৃষ্ট শব্দ প্রদূষণে মানুহৰ টোপনিত ব্যাঘাত জন্মায়৷ মানৱ স্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই থকা শব্দ প্রদূষণ ৰোধ কৰাৰ বাবে কেইবাটাও পদক্ষেপ ল’ব পাৰি৷
শব্দ প্রদূষণ প্রতিৰোধ কৰাৰ বাবে শব্দৰ উৎপত্তি হোৱা কাৰকসমূহক নিয়ন্ত্রণ কৰিব পাৰিব লাগিব৷ বিশেষকৈ কর্মক্ষেত্রত ব্যৱহূত হৈ থকা যন্ত্র–পাতিৰ লগতে সঁজুলিৰ শব্দ হ্রাস কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব৷ শব্দৰ প্রাবল্য হ্রাস কৰাৰ বাবে সা–সঁজুলিৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দিয়াটো প্রয়োজনীয়৷ ঠিক তেনেদৰে যিবোৰ সা–সঁজুলি আৰু যন্ত্রই অত্যধিক শব্দ প্রাবল্যৰ সৃষ্টি কৰে, তেনে যন্ত্রপাতিক আধুনিকীকৰণ কৰিব লাগিব৷ অনাহকত কোনোধৰণৰ শব্দৰ সৃষ্টি কৰা যন্ত্রপাতি চলাব নালাগিব৷ অর্থাৎ শব্দ সৃষ্টি হোৱা যন্ত্রপাতি চলোৱাৰ ক্ষেত্রত সচেতন হ’ব লাগিব৷ আনপিনে যি যন্ত্রৰ শব্দ বেছি, সেই যন্ত্র ব্যৱহাৰ কৰাৰ সময়ত সজাগ হ’ব লাগিব৷ এনে স্থানত এই যন্ত্রপাতি চলাব লাগিব, য’ৰ পৰা শব্দৰ প্রদূষণ হৈ মানৱৰ স্বাস্থ্য হানি কৰিব নোৱাৰে৷ আনপিনে শব্দৰ প্রাবল্য অধিক থকা অঞ্চললৈ গ’লে কাণক সুৰক্ষিত কৰিব পৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগিব৷ শব্দ প্রদূষণ হ’ব পৰা সকলো কাৰকক নিয়ন্ত্রিতভাৱে ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব৷ স্বাস্থ্যৰ হানি হ’ব পৰা অধিক মাত্রাত শব্দ নির্গমন হোৱা যন্ত্রপাতিবোৰ আধুনিকীকৰণত প্রাধান্য দিব লাগিব৷ শব্দ প্রদূষণ ৰোধ কৰাৰ বাবে প্রত্যেকজন নাগৰিক সজাগ আৰু সচেতন হ’ব লাগিব৷ মানৱ জাতিৰ বাবে শব্দ প্রদূষণ প্রত্যাহ্বান হৈ পৰাৰ পূর্বেই শব্দ প্রদূষণক ৰোধৰ বাবে ব্যৱস্থা গ্রহণ কৰাটো অতিকে জৰুৰী৷ অন্যথা মানৱ জাতি এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ যি কথা বিজ্ঞানীসকলে বাৰংবাৰ সকীয়াই আহিছে৷