ঐশ্বৰ্যৰ প্ৰেমত কেতিয়া পৰিছিল তেওঁ, ‘দ্য বিগ বুল’ৰ প্ৰচাৰৰ সময়ত জনালে অভিষেকে
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ প্ৰেম কাহিনীক লৈ বহুতৰে কৌতূহল স্বাভাৱিকতে আছে। ছলমান খানৰ সৈতে অভিনেত্ৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক থকা বুলিও চৰ্চা চলিছিল, আনকি ছলমান আজিও অবিবাহিত হৈ থকাৰ কাৰণ বহুতে ঐশ্বৰ্ষ-ছলমান ট্ৰেজেডী বুলিয়েই আখ্যা দিব বিচাৰে।
কিন্তু ঐশ্বৰ্যৰ জীৱনলৈ অভিষেক আহি ওলাব বুলি বহুতে কল্পনাও কৰা নাছিল। অথচ এয়াই সত্য আছিল আৰু আজি অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চন বলীউডৰ আটাইতকৈ সুখী তাৰকা দম্পতীসকলৰ মাজৰ এক দম্পতী বুলি পৰিচিত।
২০০৭ চনত বিবাহ পাশত আবদ্ধ হোৱা অভিষকে অলপতে তেওঁ অভিনয় কৰা ‘দ্য বিগ বুল’ ছবিৰ প্ৰচাৰৰ সময়ত তেওঁৰ পত্নী ঐশ্বৰ্যৰ সৈতে ৰোমান্টিক সম্পৰ্কৰ আৰম্ভণিৰ বিষয়ে জানিবলৈ দিয়ে।
অভিষেকে ছবিখনৰ প্ৰচাৰৰ সময়ত তেওঁৰ কেৰিয়াৰ সম্পৰ্কে বিভিন্ন কথা প্ৰকাশ কৰাৰ মাজতে তেওঁ ঠিক কেতিয়া ঐশ্বৰ্যৰ প্ৰেমত পৰিছিল সেয়াও প্ৰকাশ কৰিছিল।
আৰ জে সিদ্ধাৰ্থ কান্ননৰ সৈতে তেওঁৰ ‘প্ৰেম জীৱন’ৰ বিষয়ে কথা পাতি অভিষেকে কৈছিল যে ঐশ্বৰ্য আৰু তেওঁ দীৰ্ঘদিন ধৰি বন্ধু আছিল। তেওঁলোকৰ বন্ধুত্ব তেওঁলোকৰ প্ৰথম ছবি ‘ধাই অক্ষৰ প্ৰেম কি’ৰ পৰা আৰম্ভ হয়। তাৰ পিছত তেওঁলোকে কেইবাখনো চলচ্চিত্ৰত একেলগে কাম কৰিছিল।
কিন্তু ‘উমৰাও জান’ৰ শ্বুটিং কৰোঁতে তেওঁ ঐশ্বৰ্যৰ প্ৰেমত পৰিছিল। অভিষেকে কয়- ‘প্ৰকৃততে আমাৰ মিলন বিধাতাই বিচাৰিছিল।’
ঐশ্বৰ্যই ইয়াৰ আগতে ফিল্মফেয়াৰত এটা সাক্ষাৎকাৰত কৈছিল যে অভিষেকে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিছিল। এইটো তেওঁৰ বাবে ‘অকল্পনীয়’ আছিল।
তেওঁ কৈছিল যে তেওঁ ২০০৬ চনত ‘উমৰাও জান’ৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁৰ অনুভূতিৰ বিষয়ে কথা পাতি আছিল। সেই এটা গানৰ দৃশ্যগ্ৰহণৰ সময়ত ঐশ্বৰ্যই কইনাৰ পোছাক পিন্ধিছিল। তাৰ পিছত তেওঁ অনুভৱ কৰিছিল যে অন-স্ক্ৰীনৰ একেই ঘটনা অফ-স্ক্ৰীনতো ঘটিছে।
উল্লেখ্য, ডিজনী প্লাছ হটষ্টাৰত ৮ এপ্ৰিলত মুক্তি পাইছে ‘দ্য বিগ বুল’।