নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰ আক্রমণত নিহত ১৯ পাকিস্তানী সেনা

🔹 পাকিস্তানী সেনাৰ আক্ৰমণৰ পিছত তালিবানীৰ প্ৰত্যাক্ৰমণ 

🔹 পাকিস্তান-আফগানিস্তানৰ মাজত প্রত্যক্ষ যুদ্ধৰ শংকা

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : তীব্রতৰ হৈ উঠিছে আফগানিস্তান আৰু পাকিস্তানী সেনাৰ মাজত আক্রমণ–প্রত্যাক্রমণ৷ তালিবানে পাকিস্তানৰ ভূখণ্ডৰ ভিতৰত ভয়াৱহ আক্রমণ চলোৱাত ১৯ পাক সেনা নিহত হৈছে৷ পাকিস্তানৰ ভূখণ্ডৰ ভিতৰত কেইবাটাও লক্ষ্যত আফগানিস্তানৰ সেনাই আক্রমণ চলোৱাত ১৯ পাক সেনা নিহত হোৱা বুলি আফগানিস্তানৰ প্রতিৰক্ষা মন্ত্রালয়ে সদৰী কৰিছে৷ উল্লেখ্য যে পাকিস্তানী সেনাই আফগানিস্তানৰ পূব প্রান্তৰ পাখকা প্রদেশত তালিবানৰ প্রশিক্ষণ কেন্দ্রত ভয়াৱহ আক্রমণ চলাই কেইবাজনকো হত্যা কৰাৰ পিছত প্রত্যাক্রমণ হিচাপে তালিবানে কালি পাকিস্তানৰ ভূখণ্ডত ভয়াৱহ আক্রমণ চলায়৷ আনহাতে, পাকিস্তানে আফগানিস্তানৰ ভূমিত সাধাৰণ জনতাৰ গাঁওসমূহত আক্রমণ চলাই আছে বুলি তালিবানে প্রকাশ কৰিছে৷ পাকিস্তানী সেনাই ২৪ ডিচেম্বৰৰ নিশা সাতখন গাঁৱক লক্ষ্য কৰি আক্রমণ চলাইছিল৷ এই গাঁওসমূহত তালিবানে সন্ত্রাসবাদীক প্রশিক্ষণ দিয়াৰ বাবেই পাক সেনাই আক্রমণ চলোৱা বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে৷ পাকিস্তানৰ এই আক্রমণৰ প্রত্যুত্তৰ দি তালিবানে দেশখনৰ কেইবাটাও নির্ধাৰিত অঞ্চলক লক্ষ্য কৰি আক্রমণ চলাইছে৷ তালিবানৰ মতে, নিজৰ দেশৰ সার্বভৌমত্ব ৰক্ষাৰ বাবে পাকিস্তানৰ ওপৰত আক্রমণ চলোৱা হৈছে৷ আফগানিস্তান আৰু পাকিস্তানৰ মাজত প্রত্যক্ষ সংঘাতে এখন যুদ্ধৰ শংকা ঘনীভূত কৰিছে৷ মধ্যপ্রাচ্যত যুদ্ধই বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰাৰ সময়ত তালিবান আৰু পাক সেনাৰ মাজত প্রত্যক্ষ সংঘাতে অঞ্চলটোত অনাহূত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ইংগিত দিছে৷

You might also like