নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ সংক্রমণ বৃদ্ধি জাপানত জৰুৰী অৱস্থা ঘোষণা

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: বিশ্ব সর্ববৃহৎ প্রতিযোগিতা অলিম্পিক চলি থকাৰ মাজতেই ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱাৰ বাবেই ৰাজধানী টকিঅ’কে ধৰি ছটা অঞ্চলত জৰুৰী অৱস্থা ঘোষণা কৰিছে জাপান চৰকাৰে৷

জাপানৰ প্রধানমন্ত্রীৰ কার্যালয়ে প্রকাশ কৰা নির্দেশনা অনুযায়ী অহা ৩১ আগষ্টলৈকে টকি’, ছাইটামা, ছিবা, কানাগাৱা, অ’ছাকা আৰু অকিনাৱা অঞ্চলত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে৷ এই জৰুৰী অৱস্থাৰ সময়ত দেশৰ নাগৰিকক জাপান চৰকাৰে অনাহকত কিম্বা জৰুৰী কাম নাথাকিলে ভ্রমণ নকৰিবলৈ নির্দেশ দিয়া হৈছে৷ গ্রীষ্মকালত ঘৰলৈ উভতি অহা আৰু আন কোনো কাৰণ ভ্রমণ কৰা লোকসকলক সজাগ হ’বলৈ নির্দেশ দিয়াৰ লগতে যথাসম্ভৱ ভ্রমণ নকৰিবলৈ নির্দেশ দিয়া হৈছে৷

চৰকাৰে এই কথাও ঘোষণা কৰিছে যে এতিয়াৰে পৰা যুৱ প্রজন্মক টিকাকৰণ কৰাত অধিক গুৰুত্ব প্রদান কৰা হ’ব৷ বর্তমানলৈকে ৪০ শতাংশ লোকক ভেকচিন প্রদান কৰা হৈছে আৰু আগষ্টৰ শেষৰ সপ্তাহলৈকে অধিকাংশ লোকক ভেকচিন প্রদান কৰা হ’ব৷ লক্ষণীয় যে জাপানত বিগত সপ্তাহৰ তুলনাত চলি সপ্তাহত ক’ভিড–১৯ৰ সংক্রমণৰ হাৰ ১০ শতাংশ বৃদ্ধি পাইছে৷

You might also like