নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাশ্বিংটন ডিচিত ১১ ডিচেম্বৰৰ পৰা ‘চেলিব্রেটিং নর্থ–ইষ্ট’ অনুষ্ঠান

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰঃ দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ মধুৰ ক্ষণতে অসম তথা উত্তৰ–পূববাসীৰ বাবে সুখবৰ৷ অমৃত মহোৎসৱৰ সমান্তৰালভাৱে ভাৰত–আমেৰিকা যুক্তৰাষ্ট্রৰ কূটনৈতিক সম্পর্কৰো ৭৫ বছৰীয়া সু–সম্পর্ক উদযাপন কৰি থকাৰ মাজতে উত্তৰ–পূব ফেশ্বন টেকন’লজী প্রতিষ্ঠান (NEIFT)–এ অহা ১১ ডিচেম্বৰত আমেৰিকা যুক্তৰাষ্ট্রৰ ৱাশ্বিংটন ডিচিত ৰোনাল্ড ৰেগান বিল্ডিং আৰু আন্তঃৰাষ্ট্রীয় বাণিজ্য কেন্দ্রত ‘চেলিব্রেটিং নর্থ–ইষ্ট’ শীর্ষক এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিনিয়োগৰ ক্ষেত্রত অনুকূল পৰিৱেশ সৃষ্টিৰ লগতে পর্যটন, বস্ত্র তথা কলা–সংস্কৃতিৰ বহুল প্রসাৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাৰ লক্ষ্যৰে দিল্লী আৰু গুৱাহাটীত বিগত চৈধ্য বছৰ ধৰি এন ই আই এফ টিয়ে পালন কৰিছে আহিছে এহ মেগা হভেণ্ট৷ নতুন দিল্লীত এখন সংবাদ মেল সম্বাধেন কৰি বিক্রম ৰায় মেধিয়ে ৱাশ্বিংটন ডিচিত অনুষ্ঠিতব্য অনুষ্ঠানটোৰ বিষয়ে আলোকপাত কৰি কয় যে ১৪ বছৰীয়া এই সোণালী যাত্রাত কেন্দ্রীয় চৰকাৰৰ বিভিন্ন মন্ত্রালয়, এন হ আৰ আৰু পি এছ ইউ, ৰাজ্য চৰকাৰ, সংবাদ মাধ্যম আদিয়ে বিভিন্ন প্রকাৰে সহযোগিতা আগবঢ়াহ আহিছে৷ ক’ভিড মহামাৰীয়ে সকলো ক্ষেত্রতে বিপর্যয় অনাৰ পাছত পর্যটন খণ্ডৰ প্রচাৰ নীতিৰ ওপৰত পুনৰ চিন্তা কৰাটো সময়ৰ প্রয়োজন হৈ পৰিছে আৰু এহক্ষেত্রত ভাৰতত প্রধানমন্ত্রীগৰাকীয়ে প্রবাসী ভাৰতীয়সকলক ৰাষ্ট্রদূত হ’বলৈ আহ্বান জনাহছে৷ যিটোৱে প্রধানমন্ত্রীৰ সপোনৰ ‘চলো ভাৰত’ অভিযানক ন মাত্রা প্রদান কৰাৰ লগতে ভাৰতীয় পর্যটন উদ্যোগৰ বাবে এক বৈপ্লৱিক পদক্ষেপ হিচাপে কাম কৰিব৷ এন ই আহ এফ টিৰ মুখ্য কার্যবাহী বিষয়া বিক্রম ৰায় মেধিয়ে সংবাদ মেলত প্রদান কৰা বক্তব্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্রৰ ৪.২ নিযুত শক্তিশালী ভাৰতীয় প্রবাসীয়ে নিশ্চিতভাৱে ‘চলো ইণ্ডিয়া’ক দেশৰ পর্যটন খণ্ডৰ পৰিৱর্তনকাৰী পদক্ষেপ হিচাপে গঢ়ি তোলাত এক বৃহৎ ভূমিকা পালন কৰিব৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৱাশ্বিংটন ডিচিত অনুষ্ঠিতব্য এহ বৃহৎ সাংস্কৃতিক অনুষ্ঠানটোত জয়ন্তীয়া, তিৱা, বিহু, মণিপুৰী, মিজো নৃত্য থকাৰ লগতে উত্তৰ–পূবৰ লাহভ বেণ্ডসমূহে আন্তর্জাতিক দর্শকক আকর্ষিত কৰাৰ এখন মঞ্চ লাভ কৰিব৷ সাংস্কৃতিক সন্ধিয়াৰ অন্যতম আকর্ষণ হ’ব জনপ্রিয় শিল্পী জুবিন গার্গৰ সংগীতানুষ্ঠান৷ লগতে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ আগশাৰীৰ ডিজাহনাৰসকলে তেওঁলোকৰ ডিজাহন তথা পৰম্পৰাগত সাজ–পাৰেৰে ফেশ্বন শ্ব’ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে একেটা অনুষ্ঠানতে এখন বিষয়ভিত্তিক প্রদর্শনী ক্ষেত্র, এখন বি টু বি বৈঠক অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে চিনেটৰ গৱর্নৰ, এম্বেছাডৰ, ৱাশ্বিংটন ডিচিৰ ৰাজনৈতিক বিগৱিগ, আন্তর্জাতিক প্রচাৰ মাধ্যম, পর্যটন আৰু বস্ত্র খণ্ডৰ অংশীদাৰ আদিয়ে মেগা অনুষ্ঠানত অংশগ্রহণ কৰিব বুলি সংবাদ মেলত বক্তব্য প্রদান কৰে আয়োজকসকলে৷

You might also like