২২ মাৰ্চৰ পৰা আইপিএল-২০২৪! : ডুবাইত কাইলৈ নিলাম
বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰঃ ভাৰতত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ৰ বাবে ২২ মাৰ্চৰ পৰা মে’ মাহৰ শেষলৈকে সময় নিৰ্ধাৰণ কৰিছে। অহা বছৰ দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ইয়াৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। ইয়াৰ প্ৰভাৱ পৰিব আই পি এলতো। এই কাৰণতে এতিয়াও প্ৰকাশ হোৱা নাই আই পি এলৰ সম্পূৰ্ণ সূচী। যদি সকলো ঠিকে থাকে তেন্তে ২২ মাৰ্চৰ পৰা মে’ মাহৰ শেষৰ ভিতৰত অনুষ্ঠিত হব আইপিএল-২০২৪। ক্ৰিকবাজৰ এক খবৰ অনুসৰি বিচিচিআইয়ে আইপিএল ২০২৪ৰ তাৰিখ ঠিক কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই। ইয়াৰ লগতে বিদেশী খেলুৱৈৰ উপলব্ধতা সন্দৰ্ভতো তথ্য পোহৰলৈ আহিছে। জোছ হেজলউডৰ বাহিৰে অষ্ট্ৰেলিয়াৰ অধিকাংশ খেলুৱৈ আই পি এলৰ বাবে উপলব্ধ হ’ব। অষ্ট্ৰেলিয়াৰ লগতে দক্ষিণ আফ্ৰিকা, আফগানিস্তান আৰু নিউজিলেণ্ডৰ খেলুৱৈও সমগ্ৰ ছিজনটোৰ বাবে উপলব্ধ হ’ব। বাংলাদেশৰ খেলুৱৈ টাস্কিন আহমেদ আৰু শ্বোৰিফুল ইছলামে আই পি এল ২০২৪ত অংশ ল’ব নোৱাৰিব। এই দুগৰাকী খেলুৱৈৰ নামো নিলামত অন্তৰ্ভুক্ত নহ’ব। আফগানিস্তান ক্ৰিকেট ব’ৰ্ড, ক্ৰিকেট ৱেষ্ট ইণ্ডিজ, ক্ৰিকেট দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড ক্ৰিকেট আৰু জিম্বাবুৱে ক্ৰিকেট ব’ৰ্ডেও বিচিচিআইক জনাইছে যে তেওঁলোকৰ খেলুৱৈসকল সমগ্ৰ আইপিএল ছিজনৰ বাবে উপলব্ধ হ’ব। কাইলৈ আগন্তুক আইপিএলৰ নিলাম ডুবাইত অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত সকলো দলে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। নিলামৰ পূৰ্বে দলসমূহে খেলুৱৈৰ ৰিটেইন আৰু ৰিলিজ তালিকাও প্ৰকাশ কৰিছিল। এইবাৰ আই পি এলৰ নিলামত অংশগ্ৰহণ কৰিব ৩৩৩গৰাকী খেলুৱৈয়ে। ইয়াৰে ১০টা দলে ৭৭জন খেলুৱৈ ক্ৰয় কৰিব পাৰিব। বিদেশী খেলুৱৈৰ বাবে ৰখা হৈছে ৩০টা শ্লট। এই খেলুৱৈসকলৰ বাবে প্ৰায় ২৬৩ কোটি টকা ব্যয় কৰা হ’ব।
#বাৰ্তা ডেস্ক