নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশ্লীল OTT প্লেটফৰ্ম নিষিদ্ধ : ভাৰতত বন্ধ যৌন কণ্টেন্টসমৃদ্ধ এপ

এই সিদ্ধান্ত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয় (MeitY)ৰ ওচৰলৈ বহু নাগৰিক আৰু সংগঠনৰ পৰা এই এপবোৰৰ বিৰুদ্ধে অভিযোগ অহাৰ পাছত গ্ৰহণ কৰা হয়।

OTT প্লেটফৰ্ম নিষিদ্ধ : ভাৰত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈ ULLU, ALTT, Desiflix, Big Shots আৰু আন কিছুমান ষ্ট্ৰিমিং এপ নিষিদ্ধ ঘোষণা কৰিছে। এই সিদ্ধান্ত অশ্লীল আৰু যৌন সামগ্ৰীৰ বিৰুদ্ধে চৰকাৰৰ নীতি অনুসৰি লোৱা হৈছে। এই সিদ্ধান্ত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয় (MeitY)ৰ ওচৰলৈ বহু নাগৰিক আৰু সংগঠনৰ পৰা এই এপবোৰৰ বিৰুদ্ধে অভিযোগ অহাৰ পাছত গ্ৰহণ কৰা হয়।

কি ধৰণৰ অভিযোগ?
যেতিয়া অশ্লীল সামগ্ৰীৰ বিষয়ে অভিযোগসমূহ আহে, তেতিয়া তদন্ত আৰম্ভ হয় আৰু তদন্তত পোৱা যায় যে “কামুক ৱেব ছিৰিজ”ৰ নামত প্ৰত্যক্ষভাৱে অশ্লীল ভিডিঅ’ ষ্ট্ৰীমিং কৰা হৈছিল। চৰকাৰে দেখা পায় যে “১৮+ OTT প্লেটফৰ্মবিলাকে IT Rule 2021 আৰু ভাৰতীয় দণ্ড বিধি (IPC) ধাৰা 292/293ৰ উলংঘা কৰিছে।

ভাৰতৰ অশ্লীলতা নীতিয়ে কি কয়?
ভাৰতীয় আইনত অশ্লীল সামগ্ৰীক এনে ধৰণৰ বস্তু হিচাপে সংজ্ঞায়িত কৰা হৈছে যিয়ে সামাজিক নৈতিকতা ক্ষুণ্ণ কৰে, বিশেষকৈ নাবালকৰ বাবে সহজলভ্য হ’লে। আই.টি. আইনৰ ধাৰা 67 আৰু 67A অনুসৰি, ইলেক্ট্ৰনিক ফৰ্মেটত অশ্লীল/যৌন সামগ্ৰীৰ প্ৰকাশ আৰু প্ৰসাৰণ নিষিদ্ধ। IPC ধাৰা 292 আৰু 293ত অশ্লীল সামগ্ৰীৰ বণ্টন আৰু প্ৰদৰ্শনৰ বাবে শাস্তিৰ ব্যৱস্থা আছে। POCSO Act অনুসৰি শিশু যৌন নিৰ্যাতনৰ যিকোনো ডিজিটেল বা ফিজিকেল কণ্টেন্টত শাস্তিৰ বিধান আছে।

ষ্ট্ৰিমিং প্লেটফৰ্মৰ নিয়ন্ত্ৰণৰ অভাৱ
যদিও OTT প্লেটফৰ্মক Self-regulationৰ অনুমতি দিয়া হৈছিল, বহু প্লেটফৰ্মে এই ব্যৱস্থাৰ অপব্যৱহাৰ কৰে। ফলস্বৰূপ চৰকাৰে পোনপটীয়া হস্তক্ষেপ কৰিবলগীয়া হয়।

কিমান আৰু কোনবোৰ এপত নিষেধাজ্ঞা?
ভাৰত চৰকাৰে যিবোৰ ষ্ট্ৰিমিং এপত নিষেধাজ্ঞা আৰোপ কৰিছে, সেইকেইটা হল-
Ullu
ALTT(পূৰ্বৰ ALTBalaji)
BigShots
Desiflix
HotHit
PrimePlay

অন্য আঞ্চলিক ষ্ট্ৰিমিং প্লেটফৰ্ম, যাৰ কণ্টেন্ট মডাৰেচন নীতি সন্দেহজনক পোৱা গৈছে।

MIB-এ ২৫টা অশ্লীল এপত নিষেধাজ্ঞা আৰোপ
তথ্য আৰু সম্প্রচাৰ মন্ত্ৰ্যালয়ে (MIB) নিম্নলিখিত ২৫টা এপত নিষেধাজ্ঞা আৰোপ কৰিছে। সেইকেইটা হল- ALTT, ULLU, Big Shots, Desiflix, Boomex, Navrasa Lite, Gulab App, Kangan App, Bull App, Jalwa App, Wow Entertainment, Look Entertainment, Hit Prime, Feneo, ShowX, Soul Talkies, Adda TV, HotX VIP, Hulchul App, MoodX, NeonX VIP, Shohit, Phugi, Mozflix, Triflix। এইকেইটা এপে IT আইনৰ লগতে IPC ধাৰা উলংঘন কৰিছে।

অবৈধ জুৱা এপ আৰু ৱেবছাইটতো নিষেধাজ্ঞা
২৩ জুলাই, ২০২৫ চৰকাৰে সংসদত ঘোষণা কৰে যে ২০২২ৰ পৰা ২০২৫ৰ জুনলৈকে ১৫২৪টা অবৈধ জুৱা ৱেবছাইট আৰু মোবাইল এপ ব্লক কৰা হৈছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদে লোকসভালৈ লিখিত উত্তৰত এই তথ্য দিয়ে। এই পদক্ষেপ বিদেশী জুৱা প্লেটফৰ্মৰ ওপৰত নিয়ন্ত্ৰণৰ অভাৱ আৰু ভাৰতীয় কৰ নীতি উলংঘা কৰাৰ বিপদজনক বৃদ্ধিৰ প্ৰতিবাদত গ্ৰহণ কৰা হৈছে।

Niyomiya Barta Desk, 25 July, 2025

You might also like