ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্রাসৰ অভিলেখ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ মার্কিন ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হ্রাসৰ ক্ষেত্রত সর্বকালৰ অভিলেখ সৃষ্টি হৈছে৷ কালিৰে পৰা ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস পাই আছে৷ কালি ১ ডলাৰৰ তুলনাত টকাৰ মূল্য আছিল ৮৪.১১৷ আজি আৰু দুই পইচা কমি ডলাৰৰ তুলনাত টকাৰ মূল্য হৈছেগৈ ৮৪.১৩৷ টকাৰ মূল্যৰ এই পতনক সর্বকালৰ অভিলেখ হিচাপে চিহ্ণিত কৰিছে বিশেষজ্ঞসকলে৷ ভাৰতীয় টকাৰ মূল্যৰ পতনৰ অন্তৰালত আছে বিদেশী বিনিয়োগ প্রত্যাহাৰ কৰি নিয়া আৰু আন্তর্জাতিক ঘটনাৱলী৷ চলিত বর্ষৰ ৩১ অক্টোবৰত সর্বকালৰ বাবে তললৈ নামিছিল টকাৰ মূল্য৷ সেইদিনাখন ডলাৰৰ তুলনাত ভাৰতীয় মুদ্রাৰ মূল্য আছিল ৮৪.১০ টকা৷ সেই অভিলেখ ভংগ হ’ল যোৱা সোমবাৰে৷ কালি ভাৰতীয় মুদ্রাৰ মূল্য ডলাৰৰ বিপৰীতে ৮৪.১১ টকালৈ অৱনমিত হয়৷ আজি সেই অভিলেখো ভংগ হয়৷ আজি বিদেশী মুদ্রা বিনিময় বজাৰ মুকলিৰ পিছতে ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৮৪.১৩ টকালৈ অৱনমিত হয়৷ টকাৰ মূল্যৰ সেই পতনৰ অন্তৰালত একাধিক কাৰণ থকা বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ চলিত বর্ষৰ ছেপ্টেম্বৰ মাহত শ্বেয়াৰ বজাৰে অভিলেখ স্পর্শ কৰাৰ পিছতো এতিয়ালৈকে ৮ শতাংশ কৰিছে বজাৰ৷ দেশীয় সংস্থাবোৰৰ ধাৰাবাহিক পতনৰ ফলত আস্থা হেৰুৱাইছে বিদেশী বিনিয়োগকাৰীসকলে৷ শ্বেয়াৰ বজাৰৰ লগতে ইয়াৰ প্রভাৱ পৰিছে মুদ্রাৰ বজাৰতো৷ ইফালে বিদেশী বিনিয়োগকাৰীসকলে ডলাৰ ক্রয় কৰিবলৈ আগ্রহী হোৱাৰ লগে লগে দাম বাঢ়িছে ডলাৰৰ৷ ফৰেক্স ব্যৱসায়ীসকলৰ মতে এই পৰিস্থিতিত ভাৰতীয় টকাৰ মূল্যৰ অৱনমন ঘটাটো স্বাভাৱিক৷ অৱশ্যে ডলাৰৰ দাম বৃদ্ধি পোৱাৰ বাবে খাৰুৱা তেলৰ দাম বেছি বৃদ্ধি নহ’ব বুলি ধাৰণা কৰা হৈছে৷