নজিৰবিহীন ! শিশুৰ হাঁওফাঁওত আবদ্ধ বেজী উলিয়ালে চুম্বকেৰে
🔹 দিল্লী এইমছৰ চিকিৎসকৰ অসাধাৰণ অস্ত্রোপচাৰ
বিশেষ বাৰ্তা, ৬ নৱেম্বৰ : সাত বছৰীয়া শিশুৰ হাঁওফাঁওত আবদ্ধ হৈ আছিল এটা বেজী৷ দিল্লী এইমছত ইয়াৰ সফল অস্ত্রোপচাৰ সম্পন্ন হৈছে৷ কোনো ধৰণৰ কটা–ছিঙা নকৰাকৈ চুম্বকৰ সহায়ত বেজীটো বাহিৰ কৰি আনিছে চিকিৎসকসকলে৷ শিশুৰ দেহত এনেধৰণৰ সফল তথা নজিৰবিহীন অস্ত্রোপচাৰক লৈ ব্যাপক চর্চা চলিছে৷ দিল্লী এইমছৰ চিকিৎসকসকলক প্রশংসাৰে ওপচাই দিছে বিভিন্ন মহলে৷ পৰহি এইমছৰ তৰফৰ পৰা এই অস্ত্রোপচাৰৰ কথা ঘোষণা কৰা হৈছে৷ হাস্পতাল কর্তৃপক্ষই সদৰী কৰা অনুসৰি, বুধবাৰে অতি সংকটজনক অৱস্থাত এইমছত ভর্তি কৰোৱা হৈছিল শিশুটিক৷ শিশুটি কাহি কাহি অৱশ হৈ পৰিছিল৷ এই কাহৰ সৈতে ওলাই আহিছিল তেজ৷ চিকিৎসকসকলে পৰীক্ষা কৰাৰ পিছত নিশ্চিত হয় যে শিশুটিৰ হাঁওফাঁওৰ বাঁওফালৰ অভ্যন্তৰত আবদ্ধ হৈ আছে এটা বেজী৷ ৪ চেঃমিটাৰ দীঘল বেজীটোৰ কাৰণে কাহৰ সৈতে তেজ ওলোৱা বুলি চিকিৎসকসকল নিশ্চিত হয়৷ অবিলম্বে এই বেজীটো হাঁওফাঁওৰ পৰা বাহিৰলৈ উলিয়াই অনাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰে চিকিৎকসকলে৷ তাৎক্ষণিকভাৱে এটুকুৰা চুম্বক সংগ্রহ কৰি এই অসাধ্য সাধন কৰি তোলে চিকিৎসকসকলে৷