নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ নাগৰিকসকলৰ বাবে নতুন ভ্ৰমণ পৰামৰ্শ জাৰিঃ ভাৰত-পাক সীমান্ত ভ্ৰমণ নকৰাৰ পৰামৰ্শ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ আমেৰিকা যুক্তৰাষ্ট্ৰই মঙলবাৰে নাগৰিকৰ ভ্ৰমণৰ ক্ষেত্ৰত এক নতুন পৰামৰ্শ জাৰি কৰি ভাৰত ভ্ৰমণৰ সময়ত নাগৰিকক অধিক সাৱধানতা লবৰ বাবে পৰামৰ্শ আগবঢ়াইছে। লগতে নাগৰিকসকলক জন্মু-কাশ্মীৰ আৰু ভাৰত-পাকিস্তান সীমান্তৰ ১০ কিলোমিটাৰ ভিতৰত ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়ে।

উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ প্ৰতিৰোধ কেন্দ্ৰই (CDC) সোমবাৰে ভাৰতলৈ ইয়াৰ ক’ভিড-১৯ ভ্ৰমণ পৰামৰ্শ ক্ষেত্ৰত কিছু শিথিল কৰে। শিথিলতাৰ ক্ষেত্ৰত স্তৰ ৩ ৰ পা স্তৰ ১ লৈ হ্ৰাস কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক বিভাগে (US department of state) ক’ভিড-১৯ কাৰণে এক ভ্ৰমণ সম্পৰ্কীয় জাননী জাৰি কৰিছে, এনে এক ব্যৱস্থাই ক’ভিড-১৯ ৰ হ্ৰাস হোৱাৰ সংকেট দিয়াৰ ওমান পোৱা যায়। আমেৰিকাই অনুভৱ কৰে যে ভাৰতৰ পৰিস্থিতি স্বাভাৱিকলৈ ঘূৰি আহিছে।

প্ৰায় সামান্য নীতি নিয়মেৰে আমেৰিকাই নাগৰিক সকলক জন্মু-কাশ্মীৰ আৰু ভাৰত – পাকিস্তান সীমাত ভ্ৰমণ নকৰাৰ বাবেও পৰামৰ্শ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰালয়ে নতুন ভ্ৰমণ পৰামৰ্শত কৈছে যে-“বৰ্তমান অপৰাধ আৰু সন্ত্ৰাসবাদৰ বাবে ভাৰতৰ সমস্যা বৃদ্ধি পাইছে।

বিদেশী মন্ত্ৰালয়ৰ মতে এলঅ’চি (Line of Control) আৰু কাশ্মীৰৰ ঘাটিৰ পৰ্যটন ক্ষেত্ৰ শ্ৰীনগৰ, গোলৰ্মাগ আৰু পেহেলগামত হিংসামূলক কাৰ্যসূচী সঘনাই সংঘটিত হয়। ভাৰত চৰকাৰে বিদেশী পৰ্যটকসকলক এলঅ’চিৰ কিছুমান অঞ্চলত ভ্ৰমণ কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰত আৰু পাকিস্তানৰ সীমান্তৰ দুয়োফালে শক্তিশালী সামৰিক উপস্থিতিও আছে। যাৰ বাবে  আমেৰিকাই ইয়াৰ নতুন ভ্ৰমণ পৰামৰ্শত ইয়াৰ নাগৰিকসকলক এই নিৰ্দেশনাবোৰ জাৰী কৰিছে।

You might also like