নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনাহাৰে থাকিবলগীয়া হৈছে শ্রীলংকাৰ শিশু

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ আর্থিক সংকটত জর্জৰিত শ্রীলংকাত এতিয়া দুর্ভিক্ষৰ কবলত পৰিছে শিশুসকল৷ বহু শিশুৱে দৈনিক আধাপেটী থাকিবলগীয়া হৈছে৷ শ্রীলংকাৰ আর্থিক পৰিস্থিতি আৰু শিশুসকলৰ ওপৰত তাৰ প্রভাৱ ব্যাখ্যা কৰিবলৈ গৈ এই উদ্বেগজনক ছবি তুলি ধৰিলে ৰাষ্ট্রসংঘৰ শিশু কল্যাণ সংস্থা ইউনিচেফে৷ ইউনিচেফৰ দক্ষিণ এছীয় শাখাৰ সঞ্চালক জর্জ লাৰিয়া–আদজেই উল্লেখ কৰা অনুসৰি, এতিয়াই পৰিস্থিতিৰ ওপৰত নজৰ নিদিলে শ্রীলংকাৰ দৰে অৱস্থা হ’ব দক্ষিণ এছিয়াৰ অন্য দেশবোৰৰো৷ বিদেশী মুদ্রাৰ সংকটৰ ফলত অন্যান্য সমস্যাৰ সন্মুখীন হোৱাৰ উপৰি আমদানিৰ ক্ষমতাও হেৰুৱাই পেলাইছে শ্রীলংকাই৷ ইয়াৰ ভয়াৱহ প্রভাৱ পৰিছে দেশৰ খাদ্য ভাণ্ডাৰৰ ওপৰত৷ জর্জৰ মতে, শ্রীলংকাৰ লাখ লাখ শিশু এতিয়া অনাহাৰে থাকিবলগীয়া হৈছে৷ এই শিশুসকলক শীঘ্রে প্রয়োজনীয় খাদ্য সাহায্য প্রদান নকৰিলে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব দেশখনত৷

You might also like