নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃৰ বাবে শোৱনি কোঠা নাই এলন মাস্কৰ; নিশা গেৰেজতে শুলে মডেল মাতৃয়ে

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ বিশ্বৰ ধনকুবেৰৰ তালিকাত এলন মাস্কৰ নাম শীর্ষত আছে৷ অথচ এই ধনকুবেৰৰ বাসগৃহত মাতৃৰ বাবে নাই এটা শোৱনি কোঠা৷ ধনকুবেৰৰ পুত্রৰ খা–খবৰ ল’বলৈ মাতৃয়ে মাজে মাজে এলন মাস্কৰ ঘৰত হাজিৰ হয়৷ সেই সময়ত বাধ্য হৈ মাস্কৰ বাসগৃহৰ গেৰেজত শুব লগা হয় মাতৃয়ে৷ শেহতীয়া এক সাক্ষাৎকাৰত এলন মাস্কৰ মাতৃয়ে এই চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে৷ এলনৰ দৰে নহ’লেও তেওঁৰ মাতৃ এগৰাকী চেলিব্রেটী মডেল৷ ৭৪ বছৰীয়া মাতৃ পেছাত মডেল হোৱাৰ উপৰি সমাজকর্মী হিচাপেও পৰিচিত৷ মাত্র কেইদিনমান পূর্বে এলনৰ সৈতে টেক্সাছত দেখা হৈছিল মাতৃৰ৷ তেতিয়াই এলনৰ ঘৰত গৈ নিশা গেৰেজত কটাবলগীয়া হৈছিল মাতৃয়ে৷ স্মর্তব্য যে এলন মাস্কৰ স্পেচ এক্সৰ ৰকেট নির্মাণৰ কাম চলি থকা বাবেই কোম্পানীৰ কাষৰ বাসগৃহত মাতৃৰ বাবে শোৱনি কোঠা দিব নোৱাৰিলে ধনকুবেৰজনে৷

You might also like