নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাইজেৰিয়াত নাও দুর্ঘটনাত শিশু–মহিলাসহ ৭৬জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ: আফ্রিকান ৰাষ্ট্র নাইজেৰিয়াত নাও দুর্ঘটনাত শিশু আৰু মহিলাসহ কম পক্ষেও ৭৬গৰাকী লোক নিহত হৈছে৷ দেশখনৰ দক্ষিণ–পূব প্রান্তৰ প্রদেশ আনামব্রাত সংঘটিত হৈছে শোকাৱহ দুর্ঘটনা৷ প্রদেশখনৰ ওগবাৰু অঞ্চলত শুকুৰবাৰে নিশা সংঘটিত হৈছে এই দুর্ঘটনা৷ প্রায় ৮০গৰাকী যাত্রী কঢ়িয়াই অনা নাওখন দুর্ঘটনাত পতিত হোৱাৰ পিছতে সমগ্র অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বুলি সংবাদ সংস্থা বি বি চিৰ প্রতিবেদনত উল্লেখ কৰা হৈছে৷ বি বি চিৰ প্রতিবেদনত প্রকাশ পোৱা অনুসৰি নিহত লোকসকলৰ গৰিষ্ঠসংখ্যকেই শিশু৷

উল্লেখনীয় যে হঠাতে বানপানীৰ পৰা পৰিত্রাণ পাবলৈ নিৰাপদ স্থানলৈ নাৱেৰে যাত্রা কৰাৰ সময়তে এটা বিশেষ সম্প্রদায়ৰ এই লোকসকলৰ প্রাণহানি হয় বুলি স্থানীয় সূত্রই বি বি চিক জনাইছে৷ এই দুর্ঘটনাৰ পৰা কথমপি পৰিত্রাণ পোৱা লোকসকলে শিহৰণকাৰী তথ্য সদৰী কৰিছে বি বি চিৰ সন্মুখত৷ এগৰাকী ৬০ বছৰীয়া ব্যক্তিয়ে উল্লেখ কৰা অনুসৰি নাও দুর্ঘটনাত তেওঁৰ পত্নী আৰু তিনিটা শিশুৱে প্রাণ হেৰুৱাইছে৷

ইফালে, এই লোকসকলক সমাধিস্থ কৰাৰ ক্ষেত্রতো আহি পৰিছে সমস্যা৷ কাৰণ, যিটো অঞ্চলত এই দুর্ঘটনা সংঘটিত হৈছে তাৰ ওচৰত কোনো শুকান স্থান নাই৷ বিস্তীর্ণ অঞ্চল এতিয়াও জলমগ্ণ হৈ আছে৷ নাইজেৰিয়াত বর্ষটোৰ ভিতৰত এয়া অতি শোকাৱহ দুর্ঘটনা বুলি অভিহিত কৰিছে ৰাষ্ট্রপতি মুহাম্মাদু বুহাৰিয়ে৷ ৰাষ্ট্রপতিগৰাকীয়ে ইতিমধ্যে এক শোক–বার্তাত প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ বানৰ কবলত পৰা দেশখনত পৰিবহণ ব্যৱস্থা নিৰাপদ কৰি গঢ়ি তোলাৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰিবলৈও সংশ্লিষ্ট বিভাগক নির্দেশ দিছে বুহাৰিয়ে৷

You might also like