নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতলৈও ‘চোৰাংচোৱা’ বেলুন প্রেৰণ কৰিছিল বেইজিং প্রশাসনে

নিয়মীয়া বাৰ্তা,৯ফেব্ৰুৱাৰী: চীনৰ ‘চোৰাংচোৱা’ বেলুনক লৈ ক্রমশঃ উত্তাপ বৃদ্ধি পাইছে৷ আমেৰিকাৰ আকাশত এই বেলুন গুলীয়াই ধ্বংস কৰাৰ পিছত বেইজিঙৰ সৈতে আলোচনা বিচাৰিছিল ৱাশ্বিংটনে৷ কিন্তু বেইজিং প্রশাসনে আমেৰিকাৰ সেই অনুৰোধ অগ্রাহ্য কৰা বুলি ঘোষণা কৰিছে পেণ্টাগনে৷ ইফালে ভাৰতসহ ৪০খন দেশৰ গুৰুত্বপূর্ণ প্রতিৰক্ষা ক্ষেত্রসমূহ চীনৰ এনে চোৰাংচোৱা বেলুনৰ নজৰত আছিল বুলি আমেৰিকাই শেহতীয়াকৈ অভিযোগ কৰিছে৷ এক প্রতিবেদন অনুসৰি আমেৰিকাৰ লগতে ভাৰত, জাপান, ভিয়েটনাম, টাইৱান, ফিলিপাইনছ আদি দেশৰ গুৰুত্বপূর্ণ সামৰিক তথ্য সংগ্রহৰ বাবে চীনে এনেধৰণৰ বেলুন প্রেৰণৰ পন্থা গ্রহণ কৰি আহিছে৷ অৱশ্যে এই সন্দর্ভত তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰা নাই ভাৰতে৷

You might also like