নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৭১ত পাকিস্তানী সেনাই ধ্বংস কৰা ঢাকাৰ কালী মন্দিৰৰ পুনৰ নির্মাণ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ বাংলাদেশৰ ঢ়াকাস্থিত পুনৰ নির্মিত ঐতিহাসিক কালী মন্দিৰটো আজি শুভ উদ্বোধন কৰে ভাৰতৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে৷ ১৯৭১ চনৰ মুক্তিযুদ্ধৰ সময়ত পাকিস্তানী সেনাই ধ্বংস কৰা কালী মন্দিৰটো পুনৰ নির্মাণ কৰাৰ পাছত বাংলাদেশ ভ্রমণৰত ভাৰতৰ ৰাষ্ট্রপতি কোৱিন্দে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ কালী মন্দিৰটো উদ্বোধন কৰি ৰাষ্ট্রপতি কোৱিন্দে কয় যে ভাৰত আৰু বাংলাদেশৰ জনগণৰ মাজত সাংস্কৃতিক–আধ্যাত্মিক প্রতীক এই মন্দিৰটো৷ বাংলাদেশৰ স্বাধীনতাৰ স্বর্ণ জয়ন্তী উপলক্ষে দেশখনৰ ৰাষ্ট্রপতি এম আব্দুল হামিদৰ আমন্ত্রণমর্মে প্রথম বাংলাদেশ ভ্রমণ কৰা ৰাষ্ট্রপতি কোৱিন্দে আজি পুনৰ নির্মিত কালী মন্দিৰটোত পত্নী সবিতা কোৱিন্দৰ সৈতে প্রার্থনা জনায়৷ উল্লেখ্য যে ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধত পাকিস্তানী সেনাই অপাৰেচন চার্চলাইটৰ সময়ত এই কালী মন্দিৰটো সম্পূর্ণৰূপে ধ্বংস কৰিছিল৷ মুক্তিযোদ্ধাৰ বিৰুদ্ধে অভিযান চলোৱা পাকিস্তানী সেনাই মন্দিৰটোত অগ্ণিসংযোগ কৰাত ভক্তসহ অনেক লোকে প্রাণ হেৰুৱাইছিল৷ এই মন্দিৰটো পুনৰ নির্মিত ৰূপটো উদ্বোধন কৰি ৰাষ্ট্রপতি কোৱিন্দে ভাৰতীয় সম্প্রদায়ক সম্বোধন কৰে৷ ৰাষ্ট্রপতিগৰাকীয়ে কয় যে মা কালীৰ আশীর্বাদৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে৷ আজি পুৱা তেওঁ ঐতিহাসিক ৰামনা কালী মন্দিৰলৈ গৈছিল আৰু পুনৰ নির্মিত মন্দিৰটো শুভ উদ্বোধন কৰিব পৰাটো তেওঁৰ বাবে বিশেষ মর্যাদাসম্পন্ন৷ বাংলাদেশ ভ্রমণৰ অন্তিম দিনটোত মা কালী মন্দিৰ উদ্বোধন কৰাটো তেওঁৰ বাবে মাৰ আশীর্বাদ বুলি কয় ৰাষ্ট্রপতি কোৱিন্দে৷

You might also like