নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইৱান দখলৰ ভয়াৱহ পৰিকল্পনা বেইজিঙৰ

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ টাইৱানক চৌদিশৰ পৰা ঘেৰি ধৰি সামৰিক অনুশীলন চলাই থকা চীনে শীঘ্রে দ্বীপ ৰাষ্ট্রখন দখলৰ ভয়াৱহ পৰিকল্পনা কৰিছে৷ বায়ু আৰু সাগৰেৰে চীনৰ সামৰিক বাহিনীয়ে টাইৱানক ঘেৰি বিগত কেইবাদিনো ধৰি সামৰিক অনুশীলন চলাই থকাৰ অন্তত দ্বীপৰাষ্ট্রখন দখল কৰাৰ ভয়াৱহ অভিসন্ধিৰ বিষয়ে প্রকাশ কৰিছে টাইৱানৰ বৈদেশিক মন্ত্রী যোছেফ ৱুয়ে৷ টাইপেত এক সংবাদ মেল সম্বোধন কৰি চীনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি বৈদেশিক মন্ত্রীগৰাকীয়ে কয় যে চীনে সামৰিক অনুশীলন আৰু সামৰিক কুচকাৱাজ কৰি টাইৱান দখলৰ প্রস্তুতি চলাইছে৷ এইদৰে চীনে টাইৱান প্রণালী আৰু সমগ্র অঞ্চলটোত চলি থকা যথাস্থিতি উলংঘনৰ পৰিকল্পনা কৰিছে৷ টাইৱান দখল কৰি চীনে প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষমতা নিজৰ হাতলৈ নিয়াৰ পৰিকল্পনা কৰিছে বুলিও বৈদেশিক মন্ত্রীগৰাকীয়ে উদ্বিগ্ণতা প্রকাশ কৰিছে৷

উল্লেখ্য যে মার্কিন কংগ্রেছৰ অধ্যক্ষ নেনচী পেল’ছিয়ে চীনৰ সতর্কবাণী আৰু সকীয়নিক আওকাণ কৰি টাইৱান ভ্রমণ কৰাৰ পিছতেই চীনে আগ্রাসী ৰূপ লৈছে৷ নেনচী পেল’ছিয়ে টাইৱান ভ্রমণ সামৰি উভতি যোৱাৰ লগে লগে চীনৰ সেনাই সামৰিক অনুশীলনৰ নামত বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে৷ টাইৱানক সাগৰ আৰু আকাশী পথেৰে ঘেৰি চীনা সৈন্যই যুদ্ধ অনুশীলন চলাই আছে৷ আনকি চীনৰ সেনাৰ যুদ্ধ জাহাজ আৰু বিমানে টাইৱানৰ মধ্যৰেখা অতিক্রম কৰিছে৷ ইপিনে, চীনে টাইৱানক উদ্দেশ্যি সামৰিক অনুশীলন চলাই থকাৰ সময়তে নিজ দেশৰ সার্বভৌমত্ব ৰক্ষাৰ বাবে টাইৱানৰ সেনায়ো যুদ্ধ অনুশীলন আৰম্ভ কৰিছে৷ উল্লেখ্য যে চীনে বিগত কেইবাবছৰ ধৰি টাইৱানক ভাবুকি প্রদান কৰি আহিছে আৰু শেহতীয়াভাৱে দেশখনৰ স্থিতি টাইৱানক লৈ অধিক আগ্রাসী হৈছে৷ নেনচী পেল’ছিয়ে টাইৱান ভ্রমণ কৰক–নকৰক চীনে সদায় দেশখনৰ ওপৰত হেঁচা প্রয়োগ কৰি আহিছে৷

You might also like