নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যু উপত্যকাঃ ক’ৰোনাত দৈনিক মৃত বিশ্বৰ ৪জনৰ এজনেই ভাৰতৰ

দেশত ঘাতক ভাইৰাছ ক’ভিড–১৯ৰ ভয়ংকৰ হাৰত সংহাৰলীলা অব্যাহত আছে৷ দিনকদিনে জটিলৰ পৰা জটিলতৰ ৰূপ ধাৰণ কৰিছে ক’ভিড–১৯সৃষ্ট পৰিস্থিতি৷ ৰাজধানী মহানগৰ নতুন দিল্লী আৰু মহাৰাষ্ট্র ইতিমধ্যে মৃত্যু উপত্যকালৈ পর্যবসিত হৈছে৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ অতি দ্রুতগতিত বৃদ্ধি পাব ধৰিছে উত্তৰ প্রদেশ, পঞ্জাব, তামিলনাডু, বিহাৰ, ছত্তিশগড় আদি ৰাজ্যত৷ মহামাৰীত আক্রান্ত লোকৰ চিকিৎসাৰ বাবে এতিয়াও চিকিৎসালয়ত নাই পর্যাপ্ত বিছনা৷ চাহিদা অনুপাতে অক্সিজেনৰ অভাৱে চিকিৎসালয়সমূহৰ পৰিৱেশ অবর্ণনীয় কৰি তুলিছে৷ একেই অৱস্থা শ্মশান আৰু কবৰস্থানসমূহত৷ সৎকাৰৰ বাবে ঠাইৰ অভাৱত একোখন চিতাতে তুলি দিবলগীয়া হৈছে ২০–২৫টা পর্যন্ত মৃতদেহ৷ মুঠৰ ওপৰত দেশত এতিয়া অভাৱনীয় সংকট৷

দেশৰ এই সংকট কেতিয়া দূৰ হ’ব, সেয়া অনিশ্চিয়তাৰ আৱর্তত৷ প্রতিদিনে ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ সংখ্যা বাঢ়িহে গৈ আছে৷ এনে বর্ধিত হাৰত মাৰাত্মক ভাইৰাছত আক্রান্ত মৃতকৰ সংখ্যাই আতংক সৃষ্টি কৰিছে আন্তর্জাতিক পর্যায়তো৷ কাৰণ সম্প্রতি ক’ভিড–১৯ সংক্রমিত হৈ সমগ্র বিশ্বত যিমানসংখ্যক লোকে মৃত্যুক সাবটি লৈছে, তাৰ ২৫ শতাংশই ভাৰতৰ৷ যোৱা ২৮ এপ্রিলৰ তথ্যৰ উদ্ধৃতিৰে সংবাদ প্রতিষ্ঠানে প্রকাশ কৰা বাতৰি অনুসৰি সেই দিনটোত বিশ্বৰ বিভিন্ন দেশত ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুক সাবটি লৈছিল মুঠ ১২,৩০৩জন লোকে৷ ইয়াৰ ভিতৰত কেৱল ভাৰততে ৩,২৯৩জন লোকৰ প্রাণ কাঢ়ি লয় ক’ভিড–১৯এ৷

অর্থাৎ প্রতিদিনে ঘাতক ভাইৰাছত মৃত্যু ঘটা প্রতি চাৰিজন লোকৰ এজন হৈছে ভাৰতৰ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে দিয়া তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে ৩,৮৬,৪৫২জন৷ তদুপৰি ৩,৪৯৮জন লোকে মৃত্যুক সাবটি লৈছে৷ যোৱা ২৮ এপ্রিলৰ পৰাই দেশত প্রতিদিনে ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যা তিনি হাজাৰ অতিক্রমি গৈয়েই আছে৷ সামগ্রিকভাৱে ভাৰতত ১,৮৭,৬২,৯৭৬জন লোক মাৰাত্মক ভাইৰাছত আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ২,০৮,৩৩০জনে৷ আক্রান্তৰ ক্ষেত্রত ভাৰতৰ ওপৰত কেৱল আমেৰিকাহে আছে৷ সেইদৰে মৃতকৰ সংখ্যাৰ ক্ষেত্রত ভাৰত আছে চতুর্থ স্থানত৷

এই তালিকাত শীর্ষ তিনিটা স্থানত থকা দেশকেইখন হ’ল– আমেৰিকা, ব্রাজিল আৰু মেক্সিকো৷ এই মুহূর্তত দেশত প্রতিষেধক প্রদান প্রক্রিয়া অব্যাহত আছে যদিও ক’ভিড–১৯ৰ ভয়ংকৰ হাৰত ঘটা সংক্রমণ প্রতিৰোধ নহ’লে পৰিস্থিতিয়ে অধিক গুৰুতৰ ৰূপ ধাৰণ কৰাটো নিশ্চিত৷ মন কৰিবলগীয়া যে মহামাৰীয়ে সৃষ্টি কৰা বিভীষিকাৰ মাজতে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ অহাৰ সম্ভাৱনা ব্যক্ত কৰি ৰাজ্য প্রশাসনক সকীয়াই দিছে৷ আজি মুখ্যমন্ত্রী থাকৰেই মহাৰাষ্ট্রৰ সকলো জিলাৰ উপায়ুক্ত তথা শীর্ষ বিষয়াৰে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ এই বৈঠকতে তেওঁ ক’ভিড–১৯ৰ তৃতীয় জোৱাৰে পৰিস্থিতি অধিক অৱনতি ঘটোৱাৰ আশংকা প্রকাশ কৰি প্রতিখন জিলাতে অক্সিজেন প্রকল্প স্থাপন, অত্যাৱশ্যকীয় ঔষধৰ ব্যৱস্থা, দৰিদ্রসকলৰ বাবে অর্থনৈতিক পেকেজ প্রদানকে ধৰি কেতবোৰ নির্দেশ দিয়ে৷
ক’ভিড–১৯ মহামাৰীৰ দুর্যোগত দেশৰ জনতাৰ সৈতে সম্পর্ক মন্ত্রীসকলক স্থাপনৰ আহ্বান মোদীৰ
ক’ভিড মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ সংহাৰে দেশত তাণ্ডৱ অব্যাহত ৰখাৰ সময়তে আজি প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় মন্ত্রী পৰিষদৰ সৈতে এক ভার্চুৱেল বৈঠকত মিলিত হৈ মন্ত্রীসকলক দেশৰ এই দুর্যোগৰ সময়ত নিজ নিজ অঞ্চলত জনসাধাৰণৰ সৈতে সম্পর্ক স্থাপন কৰিবলৈ আহ্বান জনাইছে৷ জনসাধাৰণক এই দুর্যোগত সহায় কৰাটো দায়িত্ব বুলি উল্লেখ কৰে প্রধানমন্ত্রীয়ে৷ স্থানীয় পর্যায়ত নিজ নিজ সমষ্টি তথা অঞ্চলত মন্ত্রীসকলে এই মুহূর্তত ক’ভিড মহামাৰীৰ মোকাবিলা কৰাৰ বাবে জনসাধাৰণৰ সৈতে সংস্পর্শ ৰখা উচিত বুলিও প্রধানমন্ত্রীগৰাকীয়্ বৈঠকত উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে এই বৈঠকৰ পাছতে এক বিবৃতিযোগে ঘোষণা কৰিছে যে ২৩খন দেশলৈ ৮,৫৯৩ মেট্রিকটন অক্সিজেন যোগান ধৰা বিষয়টো স্বাস্থ্য মন্ত্রালয়ে নিৰীক্ষণ কৰি আছে৷ সকলো ব্যক্তিগত তথা চৰকাৰী হাস্পতালত অক্সিজেনৰ যোগান নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰসমূহক প্রধানমন্ত্রী মোদীয়ে অনুৰোধো জনাইছে৷
টিভিৰ সাংবাদিক ৰোহিত ছার্ডানা, প্রাক্তন এটর্নী জেনেৰেল
ছ’লি ছোৰাবজী, বিহাৰৰ মুখ্য সচিব অৰুণ কুমাৰ সিঙৰ ক’ৰোনাত মৃত্যু
ক’ভিড মহামাৰীত  প্রাণ হেৰুৱাইছে আজ টকৰ সাংবাদিক ৰোহিত ছার্ডানাই৷ সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ লক্ষণীয়ভাৱে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ উপৰি ছার্ডানাৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ একে সময়তে কংগ্রেছৰ মুখপাত্র ৰণদীপ সিং সূর্যেৱালায়ো আজি ছ’চিয়েল মিডিয়া টুইটাৰযোগে ৰোহিত ছার্ডানাৰ মৃত্যুত মর্মাহত হোৱা বুলি উল্লেখ কৰিছে৷ স্মর্তব্য যে ক’ভিডত আক্রান্ত হৈ পাছত আৰোগ্যও লাভ কৰিছিল সাংবাদিকগৰাকীয়ে৷ আৰোগ্য লাভ কৰাৰ পাছত পুনৰ কর্মক্ষেত্রলৈ উভতি আহিছিল ৰোহিত৷ সাংবাদিকগৰাকীৰ এই অকাল বিয়োগত শোক প্রকাশ কৰিছে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙেও৷

ইফালে প্রাক্তন এটর্নী জেনেৰেল ছ’লি ছোৰাবজীৰো আজি ক’ভিডত দেহাৱসান ঘটিছে৷ ৯১ বছৰীয়া ছোৰাবজী আছিল দেশৰ এগৰাকী বিশিষ্ট আইনজ্ঞ৷ সাংবিধানিক আইনৰ বিশেষজ্ঞ হিচাপে জনাজাত ছোৰাবজীৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ পৰিছে৷ প্রধানমন্ত্রী মোদীয়ে পদ্মবিভূষণ সন্মানেৰে সন্মানিত ছ’লি ছোৰাবজীৰ মৃত্যুৰ লগে লগে দেশে এগৰাকী আইন ব্যৱস্থাৰ আইকনক হেৰুৱালে বুলিও উল্লেখ কৰিছে৷ দেশৰ সাংবিধানিক আইন আৰু ন্যায় ব্যৱস্থাটোৰ বিৱর্তনৰ ক্ষেত্রত ছোৰাবজীয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল বুলি মোদীয়ে শোকবার্তাত উল্লেখ কৰিছে৷ দেশৰ এগৰাকী বিশিষ্ট বুদ্ধিজীৱী হিচাপেও পৰিচিত আছিল ছোৰাবজী৷

১৯৮৯–৯০ৰ লগতে ১৯৯৮ৰ পৰা ২০০৪ চনলৈ দেশৰ এটর্নী জেনেৰেলৰ দায়িত্ব পালন কৰিছিল ছোৰাবজীয়ে৷ ১৯৭১ চনত উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে বহু গুৰুত্বপূর্ণ গোচৰত জয়লাভ কৰা ছোৰাবজীক ১৯৯৭ চনত ৰাষ্ট্রসংঘই নাইজেৰিয়াৰ বিশেষ ৰিপ’টাৰ হিচাপে নিযুক্তি দিছিল৷ ইফালে বিহাৰৰ মুখ্য সচিব অৰুণ কুমাৰ সিঙৰো ক’ভিড–১৯ত দেহাৱসান ঘটিছে৷লক্ষণীয়ভাৱে চলিত বর্ষৰ ২৭ ফেব্রুৱাৰীত হিন্দী বলয়ৰ ৰাজ্যখনৰ মুখ্য সচিবৰ দায়িত্ব গ্রহণ কৰিছিল অৰুণ কুমাৰ সিঙে৷ ১৯৮৫ চনৰ আই এ এছ টেডাৰ অৰুণ কুমাৰ সিং কেইদিনমান পূর্বে ক’ভিডত আক্রান্ত হৈছিল৷ পাটনাৰ এখন ব্যক্তিগত চিকিৎসালয়ত আজি পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে সিঙে৷ মুখ্য সচিব অৰুণ কুমাৰ সিঙৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী নীতিশ কুমাৰকে ধৰি বিহাৰ চৰকাৰৰ কেইবাগৰাকীও মন্ত্রী তথা বিভিন্ন দলৰ নেতাই৷
কেইবাখনো ৰাজ্যত ভেকচিনৰ নাটনি
বিভিন্ন ৰাজ্যই ১৮ বছৰৰ ঊর্ধ্বৰ লোকক কাইলৈৰ পৰা ভেকচিন প্রদান কৰাৰ সিদ্ধান্ত লৈছে যদিও কেইবাখনো ৰাজ্যত পর্যাপ্ত ভেকচিন নথকা বাবে এই সিদ্ধান্ত নিজাববীয়াকৈ ৰাজ্যসমূহে প্রত্যাহাৰ কৰিবলৈ লৈছে৷ দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত ভেকচিন প্রদান কৰাৰ বাবে প্রয়োজনীয় ভেকচিন নাই হাস্পতালসমূহত৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে দিল্লীবাসীক আজি এই কথা জনাই কৈছে যে টিকাকৰণ কেন্দ্রসমূহত জনসাধাৰণে কাইলৈ শাৰী পতাৰ কোনো প্রয়োজন নাই৷ ভেকচিনৰ বাবে বিভিন্ন কোম্পানীক অর্ডাৰ দিয়া হৈছে যদিও দিল্লীয়ে এই ভেকচিন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ লক্ষণীয়ভাৱে দিল্লীৰ উপৰি দক্ষিণৰ কেইবাখনো ৰাজ্যই কাইলৈৰ পৰা সকলো লোকক ভেকচিন প্রদানৰ যি সিদ্ধান্ত লৈছিল, তাক কার্যকৰী কৰিবলৈ সক্ষম নহ’ব বুলি ঘোষণা কৰিছে৷

মহাৰাষ্ট্র, ওড়িশা, তামিলনাডু আৰু অন্য কেইবাখনো ৰাজ্যই ইতিমধ্যে কাইলৈৰ পৰা ১৮ বছৰ ঊর্ধ্বৰ সকলো লোকক ভেকচিন প্রদান কৰিব পৰাটো সম্ভৱ নহ’ব বুলি স্পষ্ট কৰিছে৷ ইফালে উচ্চতম ন্যায়ালয়ে আজি কেন্দ্রৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰক ক’ভিড প্রতিৰোধৰ কি সংকল্প লৈছে, তাক লৈ প্রশ্ণ কৰিছে৷ ক’ভিড ভেকচিনৰ ক্ষেত্রত ৰাজ্য আৰু কেন্দ্রৰ পৃথক পৃথক মূল্য কিয় তাক লৈও প্রশ্ণৰ অৱতাৰণা কৰিছে দেশৰ শীর্ষ আদালতখনে৷ অকল সেয়াই নহয়, কোনখন ৰাজ্যই আগতে ভেকচিন পাব বা কোনখন ৰাজ্যই পলমকৈ ভেকচিন পাব, সেয়া কিহৰ ভিত্তিত চৰকাৰে ঠিক কৰিছে, তাৰ উত্তৰ বিচাৰিছে কেন্দ্রীয় চৰকাৰৰ পৰা৷ ইফালে দিল্লীৰ কেজৰিৱাল চৰকাৰক এতিয়া ৰাজনীতি নকৰি মানুহৰ কথা ভাবিবলৈ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ ন্যায়ালয়ৰ বিচাৰপতি ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে দিল্লী চৰকাৰক সমালোচনা কৰি কৈছে যে নির্বাচনৰ সময়ত ৰাজনীতি কৰা উচিত, এতিয়া মানুহৰ জীৱন বিপন্ন৷
৩১ মে’লৈ বন্ধ থাকিব আন্তর্জাতিক বিমানসেৱা
ক’ভিড মহামাৰীয়ে ভাৰতত সংক্রমণৰ ভয়াৱহ সংহাৰ অব্যাহত ৰখাৰ সময়তে শুকুৰবাৰে অসামৰিক উৰণ সঞ্চালকপ্রধান (ডি জি চি এ)ৰ তৰফৰ পৰা ৩১ মে’লৈকে আন্তর্জাতিক যাত্রীবাহী বিমানৰ উৰণ সেৱা নিলম্বন কৰাৰ সিদ্ধান্ত লৈছে৷ উল্লেখনীয় যে পূর্বৰে পৰা আন্তর্জাতিক যাত্রীবাহী বিমানসেৱা বন্ধ কৰি ৰখা হৈছে ক’ভিড মহামাৰীৰ সংক্রমণৰ বাবে৷ ৩১ মে’লৈকে তাক পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷

You might also like