নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানৰ আকাশত চীনা ড্রোন গুপ্তচৰ বিমানৰ প্রৱেশক লৈ যুদ্ধৰ আশংকা

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: জি–২০ সন্মিলনৰ পাছতে অশান্ত হৈ উঠিছে প্রশান্ত মহাসাগৰীয় অঞ্চল৷ টাইৱানৰ বিৰুদ্ধে সামৰিক আগ্রাসনৰ হুংকাৰ দি থকাৰ মাজতে আজি জাপানৰ আকাশী সীমাত প্রৱেশ কৰিলে চীনা সেনাৰ ড্রোন আৰু চোৰাংচোৱা বিমানে৷ চীনৰ পিপল্ছ লিবাৰেচন আর্মীয়ে (পিএলএ) প্রেৰণ কৰা এখন ড্রোন আৰু দুখন নজৰদাৰী বিমানে জাপানৰ উপকূলৱর্তী চহৰ ওকিনাৱাৰ আকাশত প্রৱেশ কৰাৰ লগে লগে জাপানৰ প্রতিৰক্ষা দপ্তৰে চীনৰ এনে কার্যক কঠোৰ সমালোচনা কৰিছে৷ প্রতিৰক্ষা বিভাগৰ বিবৃতিত উল্লেখ কৰা হৈছে যে যোৱা সোমবাৰৰ পৰা আজিলৈকে মুঠ তিনিবাৰ বিজেডকে–০০৫ নজৰদাৰী ড্রোন আৰু ৱাইএন–৯ গুপ্তচৰ বিমান তথা এখন টহলদাৰী বিমানে ওকিনাৱা তথা মিয়াকো দ্বীপৰ মধ্যৱর্তী স্থানেৰে উৰণ চলায়৷ আক্রমণৰ আশংকাত জাপানৰ বায়ুসেনাই তাৎক্ষণিকভাৱে সষ্টম কৰে যুদ্ধবিমান৷ অৱশ্যে ইয়াৰ পাছতে চীনা টহলদাৰী বিমানে জাপানী আকাশী সীমাৰ পৰা আঁতৰি যায়৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র অঞ্চলটোত সৃষ্টি হয় উত্তেজনা৷ অৱশ্যে বেইজিং প্রশাসনে ইয়াক লৈ কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷

You might also like