আৰু বিনামূল্যে কৰিব নোৱাৰিব টুইটঃ কাৰ পৰা ল’ব ধন
বিশেষ বাৰ্তা, ৪ মেঃ এতিয়াৰে পৰা চৰকাৰ, চৰকাৰ অধিকৃত সংস্থা আৰু বাণিজ্যিক সংস্থাৰ টুইটাৰ হেণ্ডল ব্যৱহাৰকাৰীয়ে ভৰিব লাগিব টকা। মাইক্রব্লগিং ছাইট টুইটাৰে ল’বলগীয়া টকাৰ পৰিমাণ খুব বেছি নহ’ব বুলিও জনোৱা হৈছে। লগতে জনোৱা হৈছে যে সাধাৰণ ব্যৱহাৰকাৰীয়ে অৱশ্যে টুইটাৰ ব্যৱহাৰ কৰাৰ বাবদ কোনো টকা দিব নালাগে। আগৰ দৰেই বিনামূল্যে তেওঁলোকে এই মাইক্রব্লগিং ছাইট ব্যৱহাৰ কৰিব পাৰিব। বুধবাৰে এটা টুইট কৰি এই কথা জনালে টুইটাৰৰ নতুন মালিক তথা আমেৰিকাৰ ধনকুবেৰ এলন মাস্কে। তেওঁ টুইটত লিখিছে, ‘সাধাৰণ মানুহৰ বাবে টুইটাৰে সকলো সময়তেই বিনামূল্যে সেৱা আগবঢ়াব। টুইটাৰৰ মালিকীস্বত্ত্ব এককভাৱে পোৱাৰ পাছত মাস্কে টুইটাৰৰ কার্যপ্রণালী সলনি কৰিব পাৰে বুলি ধাৰণা কৰা হৈছিল। এলন মাস্কে টুইটাৰৰ চিইঅ’ পৰাগ আগৰৱাল আৰু আইনী প্রধান বিজয়া গাড্ডেক পদৰ পৰা আঁতৰাব পাৰে বুলিও জল্পনা উঠিছে।