নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰিয়ানাত পেছাদাৰী বিয়া ! ‘ইণ্টাৰভিউ’ত বাছনি কৰা হ’ল দৰা

🔹 কন্যাদান কৰিলে ৰোহটকৰ জিলা উপায়ুক্ত অজয় কুমাৰে

বিশেষ বাৰ্তা, ৬ ফেব্রুৱাৰী : জীৱন সংগী বাছি ল’বলৈ পূর্বে ৰজা–মহাৰজাসকলৰ আমোলত সয়ম্বৰ সভাৰ আয়োজন কৰা হৈছিল৷ বর্তমানো বিয়া বিভিন্ন পদ্ধতিত অনুষ্ঠিত হৈ আছে৷ শেহতীয়াকৈ সয়ম্বৰ সভাৰ অত্যাধুনিক ৰূপ হৈ পৰিছে ‘ইণ্টাৰভিউ’! কর্প’ৰেট যুগত ইণ্টাৰভিউৰ জৰিয়তে বাছনি কৰা হ’ল দৰা৷ একেবাৰে পেছাদাৰী বিয়া৷ হাৰিয়ানাৰ ৰোহটকৰ কৰিশ্মা নামৰ যুৱতীগৰাকীৰ এই ধৰণে অনুষ্ঠিত হ’ল বিয়া৷ অনাথ আশ্রমত ডাঙৰ হৈছিল কৰিশ্মা৷ কৰিশ্মাৰ ইচ্ছা আছিল ইণ্টাৰভিউৰ জৰিয়তে শ্রেষ্ঠ দৰা আৰু ভাল নতুন পৰিয়াল বাছনি কৰিব লাগে৷ কৰিশ্মাৰ ইচ্ছা পূৰণ কৰিবলৈ শিশু–কল্যাণ বিভাগে ইণ্টাৰভিউৰ জৰিয়তে বাছনি কৰে দৰাক৷ কন্যাদানৰ দায়িত্বত আছিল ৰোহটকৰ জিলা উপায়ুক্ত অজয় কুমাৰ৷ অনাথ আশ্রম কর্তৃপক্ষই বিয়াৰ আয়োজন কৰিছিল৷ লক্ষণীয়ভাৱে আদালতৰ বিশেষ বিচাৰকৰ পৰা আৰম্ভ কৰি অধিবক্তা তথা শীর্ষ আমোলাসকলো এই বিয়াখনত উপস্থিত থাকে৷ সকলোৱে নৱদম্পতীক আশীর্বাদ কৰে৷ এই বিয়াৰ ভিডিঅ’ক কেন্দ্র কৰি এতিয়া ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে ধুমুহা৷ চাকৰিৰ ইণ্টাৰভিউৰ দৰে দৰাই বিভিন্ন প্রশ্ণৰ উত্তৰ দিবলগীয়া হ’ল চৰকাৰী বিষয়াসকলৰ৷ আনকি পৰিয়ালৰ ইতিবৃত্ত দৰাই বর্ণনা কৰিবলগীয়া হ’ল কইনা কৰিশ্মা তথা অন্যান্যসকলৰ সন্মুখত৷

You might also like